ৰাজধৰ্ম আৰু প্ৰজা বিভ্ৰাট

” ৰাষ্ট্ৰশক্তি যেতিয়া অন্ধ আৰু অক্ষম হয়, জ্ঞান বুদ্ধি বিবেচনা দয়া কৰুণা আদি সুকোমল মানৱীয় আবেগ অনুভূতি বিলাকেও ইচ্ছাকৃতভাৱে চকুত কাপোৰ বান্ধি নেদেখা হৈ থাকে, এচাম উদ্ধত উচ্ছৃঙ্খল দাম্ভিক অবিবেচক তৰুণে কুটিল দুষ্টবুদ্ধিৰ প্ৰৰোচনাত আৰম্ভ কৰা অন্যায় অপকৰ্ম উদ্ভণ্ডালিয়ে সীমা চেৰাই যোৱা দেখিও সমাজৰ জনাবুজা বিজ্ঞ প্ৰাজ্ঞ মান্যজনেও যেতিয়া মুখেৰে মাত এষাৰ নেমাতি তললৈ মুৰ কৰি মৌন হৈ ৰয় তেতিয়াই দেশ জাতি সমাজ সংস্কৃতি সকলো এক ভয়ংকৰ বিপদ বিপৰ্যয়ৰ সন্মুখীন হয়। এইয়াই আছিল মহাভাৰতৰ শিক্ষা ,যি আজি আমাৰ বাবে অতি প্ৰাসংগিক হৈ পৰিছে।…..”

তাহানি আলফাৰ তাণ্ডৱৰ বিৰুদ্ধে ৰাইজৰ মাজত প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ আহ্বান জনোৱা সভা এখনৰ বাবে গোহাৰিপত্ৰ এখন লিখাৰ দায়িত্ব আমাৰ ওপৰত পৰিছিল।তাত লিখা এই বাক্য শাৰীলৈ এতিয়া বৰকৈ মনত পৰিছে।ৰজাৰ ধৰ্মপালন , নীতিবোধ, ন্যায়পৰায়ণতাৰ ওপৰতে ৰাজ্যৰ সুস্থিৰতা আৰু প্ৰজাৰ কল্যাণ নিৰ্ভৰ কৰে।

সেয়ে ৰাজধৰ্ম ৰক্ষাৰ বাবে ৰজাই ব্যক্তিগত বা পাৰিবাৰিক স্বাৰ্থই নহয় আনকি নিজৰ ব্যক্তি হৃদয়ৰ আবেগ অনুৰাগো নিৰ্মমভাব পদদলিত কৰি ডাঙি ধৰা অসাধাৰণ নিদৰ্শন ভাৰতীয় মহাকাব্য দুখনত সুলভ।ভাৰতীয় ইতিহাস পৰম্পৰা তথা আনকি হিন্দু ধৰ্মীয় পৰম্পৰাতো মধ্যযুগৰ ইউৰোপ বা মধ্যপ্ৰাচ্যৰ দৰে ধৰ্মীয় ৰাষ্ট্ৰৰ নিদৰ্শন সুলভ নহয়।ইয়াৰ পৰিবৰ্তে ৰাজধৰ্মৰ কথা এষাৰিহে পোৱা যায়। ৰাজধৰ্মৰ এটা প্ৰধান কথা হৈছে সকলো বৰ্গৰ প্ৰজাৰ প্ৰতি সমান ন্যায়পুৰ্ণ ব্যৱহাৰ।

এইক্ষেত্ৰত বিভিন্ন বৰ্গৰ প্ৰজা সাধাৰণৰ বিচিত্ৰ ধৰ্মবিশ্বাস তথা স্বকীয় ৰীতি নীতি ধৰ্মীয় পৰম্পৰা সমুহৰ প্ৰতি নিৰপত্তা প্ৰদানৰ কথাটোও আহি পৰে।আমাৰ দেশ ভাৰতবৰ্ষ কাহানিও এটা ধৰ্মৰ একেধৰণৰ ৰীতি নীতি পৰম্পৰাৰ মানুহৰ দেশ নাছিল। বৈদিক অবৈদিক আনকি বেদ বিৰোধীও না না ধৰ্মীয় বিশ্বাস তথা ৰীতি নীতি পৰম্পৰা এইখন দেশত তাহানিৰ পৰা অব্যাহত হৈ আহিছে।সাধাৰণতে আমাৰ দেশত ৰজাঘৰ বিশেষ ধৰ্মমত বা পথৰ পৃষ্টপোষক আছিল যদিও প্ৰজা সাধাৰণৰ মাজত বিৰাজ কৰা না না স্বকীয় ধৰ্মীয় বিশ্বাস ৰীতিনীতিৰ পৰম্পৰাৰ ওপৰত ৰজাঘৰে হস্তক্ষেপ কৰি এইবোৰ বলপুৰ্বক নিৰ্মূল কৰি নিজৰ ধৰ্মবিশ্বাস ৰীতি-নীতি বলপুৰ্বক জাপি দিয়াৰ প্ৰচেষ্টা চলোৱা নাছিল।

অশোক হৰ্ষবৰ্দ্ধনে বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিলেও শৈৱ শাক্ত তন্ত্ৰ আদি হিন্দু ধৰ্মৰ বিভিন্ন পন্থ উপপন্থৰ ওপৰত দমন পীড়ন চলোৱা নাছিল, বৰং বহুক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতাও আগবঢ়োৱাৰহে নিদৰ্শন পোৱা যায়। শঙ্কৰদেৱৰ দ্বাৰা সন্মোহিত হৈ মহাপ্ৰতাপী কোঁচ ৰজা নৰনাৰায়ণে তেওঁৰ একশৰণীয়া বৈষ্ণৱ ধৰ্মত শৰণ ল’ব খোজোতে ৰজাই কেতিয়াও অকল এটা ধৰ্মপন্থৰ একনিষ্ঠ সেৱক হৈ থাকি বাকী সকলৰ প্ৰতি অবহেলা বা বৈষম্যপুৰ্ণ আচৰণ কৰাটো উচিত নহব বুলি মত পোষণ কৰি ৰজাক শৰন দিবলৈ অস্বীকাৰ কৰিছিল। এনেকুৱা ইতিবাচক নিদৰ্শনৰ বিপৰীতে নেতিবাচক নিদৰ্শন তথা ইবিলাকৰ ক্ষতিকাৰক ফলশ্ৰুতিৰ উদাহৰণো আমাৰ ইতিহাসত নথকা নহয়।

মৌৰ্য বংশৰ ৰাজত্বৰ ওৰ পেলাই শুংগ বংশৰ শাসন আৰম্ভ হোৱাৰ পৰাই উগ্ৰ ব্ৰাহ্মন্য প্ৰতিক্ৰিয়াৰ যুগ আৰম্ভ হৈছিল বুলি কোৱা হয়। এইযুগতে ভাৰতীয় সভ্যতা সংস্কৃতিৰ অপনেয় কলংক স্বৰূপ জাতিভেদ অস্পৃশ্যতা নাৰী নিগ্ৰহ,তথা সমস্ত ধৰণৰ ধৰ্মীয় ৰক্ষণশীলতাৰ নিদান দিয়া মনুস্মৃতি আদি জঘন্য স্মৃতিশাস্ত্ৰ সমুহ ৰচিত হৈছিল।প্ৰাচীন ভাৰতৰ জ্ঞান বিজ্ঞানৰ সাধন সামাজিক চলমানতা গতিশীলতা সম্পূৰ্ণ অৱৰুদ্ধ কৰি জাতিভেদ অস্পৃশ্যতাৰ ঘোৰ অভিশাপস্বৰূপ যি অন্ধকাৰ ভাৰতীয় সমাজজীৱনলৈ নমাই আনিছিল তাৰ ছাঁয়া- প্ৰচ্ছায়াৰ পৰা আজিও আমি সম্পূৰ্ণ মুক্ত হব পৰা নাই।একেদৰে অসম বুৰঞ্জীত আমি ৰজাঘৰে বিশেষ ধৰ্মপন্থৰ পৃষ্টপোষকতা কৰিবলৈ গৈ আন ধৰ্মপন্থৰ অনুগামী সকলৰ ওপৰত পাশবিক অত্যাচাৰ উৎপীড়ন চলাবলৈ যোৱাৰ ফলতে বিধ্বংসী মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হোৱাৰ কথা পাইছোঁ।। ইয়াৰ ফলতে ৰাজ ভগন তথা আহোম ৰাজবংশৰ ” বেলিমাৰ বুৰঞ্জী”ৰ সূচনা হৈছিল।

বৰ্তমান দেশত দেখা দিয়া ধৰ্মীয় বিবাদ-বিতৰ্ক,একাংশ প্ৰজাৰ ধৰ্মীয় বিদ্ৰোহ , বিক্ষোভ অশান্তি আদিৰ পৰিপ্ৰেক্ষিতত ওপৰৰ কথাখিনি লেখিবলৈ মন গ’ল। ৰজাঘৰ প্ৰাথমিক ন্যায়বোধ তথা ৰাজধৰ্মৰ পৰা স্খলিত হলে দেশ জাতিৰ বাবে কেনেকুৱা ভয়বাহ বিপদ বিপৰ্যয় নামি আহিব পাৰে তাৰ উদাহৰণ ইতিহাসৰ পাতে পাতে দেধাৰ আছে। ইতিহাসৰ আন এটা নাম বুৰঞ্জী।স্কুলীয়া দিনৰ কিতাপত পঢ়িবলৈ পাইছিলোঁ যে টাই ভাষাৰ “বু ৰণ জী ” শব্দৰ অৰ্থ হৈছে মুৰ্খৰ শিক্ষাৰ ভঁৰাল। বুৰঞ্জীৰ পৰা আমি এই শিক্ষাই পাঁও যে একেধৰণৰ কৰ্মকাণ্ডৰ পৰা সদায় একেধৰণৰ ফলশ্ৰুতি দেখিবলৈ পোৱা যায়।সেইকাৰণে ভবিষ্যতে হ’ব পৰা ইতিবাচক বা নেতিবাচক ফলশ্ৰুতিৰ কথা ভালদৰে বিবেচনা কৰিহে মানুহে বৰ্তমানৰ যিকোনো কামকাজ কৰিব লাগে।বিশেষকৈ এনেকুৱা দুৰদৰ্শিতাহীন উদ্ধত শাসকৰ অপৰিনামদৰ্শী কামকাজ বিলাকে অকল তেঁওলোকৰ বাবেই গোটেই দেশখন জাতিটো বা সমাজখনৰ বাবেই এক ভয়ংকৰ বিপৰ্যয় নমাই আনিব পাৰে।মহাভাৰতৰ ৰজা ধৃতৰাষ্ট্ৰ অকল অন্ধ অক্ষম তথা আকুল পুত্ৰস্নেহত অথৰ্বহে আছিল।

কিন্তু এতিয়া আমাৰ গণতান্ত্ৰিক দেশৰ শাসকবৰ্গ অকল অন্ধ আৰু অথৰ্বই নহয় ইয়াৰ লগতে শকুনিৰ দুৰ্বুদ্ধিৰ কুটিল সংযোগো তেঁওলোকৰ মাজত দেখিবলৈ পোৱা গৈছে।নিজৰ ভোটবেংকৰ সুৰক্ষা বা ৰাজনৈতিক প্ৰভাৱ প্ৰতিপত্তি অক্ষুন্ন ৰাখিবলৈ তেঁওলোকে দেশৰ জনসাধাৰণৰ এটা অংশক ভাষা ধৰ্ম আঞ্চলিকতাৰ নামত আন একাংশৰ ওপৰত ভাতৃঘাতী উন্মত্ত আক্ৰমণ চলাবলৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে উচটনি দিবলৈ তেঁওলোক অকণো পৰান্মুখ নহয়।

এইক্ষেত্ৰত আমাৰ দেশৰ ক্ষমতাসীন আৰু ক্ষমতাৰ পৰা বাহিৰত থকা ক্ষমতালিপ্সু শাসকগোষ্ঠীৰ সকলো ৰাজনৈতিক দলেই বৰ্তমান সমানে দক্ষ হৈ উঠিছে।সংখ্যাগুৰু সংখ্যালঘু সকলো সাম্প্ৰদায়িকতা এতিয়া ইটো সিটোৰ পৰিপূৰক বা সহযোগী হৈ পৰিছে।এই ক্ষেত্ৰত ভাতৃঘাতী সাম্প্ৰদায়িক ৰাজনীতি এনেকুৱা ৰাজনৈতিক দলবোৰৰ এক উমৈহতীয়া পাৰস্পৰিক হিতকাৰী নিধি ( Mutual Benefit fund) হৈ পৰিছে। ফলত ক্ষমতাৰ বাবে ক্ষুধাতুৰ দুই গোণাম’হৰ উন্মত্ত যুঁজত পৰা অসহায় বিৰিণাৰ দৰে আমাৰ সাধাৰণ ৰাইজৰহে মৰণ মিলিছে।তাহানি কলেজীয়া দিনত পঢ়া কবিতা এটাৰ পংক্তি এফাকি মনলৈ আহিছে —-

” এফালে শগুনে টানে / আনফালে কুকুৰে /মাজত মাথো ৰৈ থাকে/অহল্যা স্বদেশ….”’ এতিয়া আমাৰ অৱস্থাও এনেকুৱাই হৈছে। আজি অভিশাপগ্ৰস্ত প্ৰস্তৰীভুত অহল্যাৰ দৰে এইখন দেশৰ মানুহেও শাপমুক্তিৰ শুভক্ষণটোৰ বাব সতৃষ্ণ নয়নেৰে বাট চাই ৰ’বলগীয়া হৈছে।

      লেখক এগৰাকী নিবন্ধকাৰ