দ’ পাট্টি-এখন পৰিয়ালকেন্দ্ৰিক ৰহস্যধৰ্মী বলিউডৰ চিনেমা। যোৱা ২৫ অক্টোবৰত মুক্তি পাইছিলে দ’ পাট্টিয়ে। ছবিখন পৰিচালনা কৰিছে শশাংক চতুৰ্বেদীয়ে। দ’ পাট্টিৰ চিত্ৰনাট্য লিখিছে কণিকা ঢিলনে। ১২৭ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন দৰ্শকৰ বাবে নেটফ্লিক্সত উপলব্ধ।
এটা ৱাইড এংগল শ্বটেৰে ছবিখনৰ আৰম্ভণি ঘটে। উত্তেজনাপূৰ্ণ এই দৃশ্যাংশৰ পিছতেই ছবিখনত আৰক্ষী বিষয়া বিদ্যা(কাজল)ৰ আগমণ ঘটে নাটকীয়তাহীনভাৱে। ইয়াৰ কিছু পিছৰে পৰাই ফ্লেছবেকত ছবিখনৰ কাহিনীভাগ আগবাঢ়ে। দুই যমজ ভগ্নী সৌম্যা আৰু শ্বেলীৰ শৈশৱৰ পৰা যৌৱন পৰ্যন্ত জীৱনগাঁথা ছবিৰ মাজেৰে চলি থাকে। দুয়ো শৈশৱতে মাতৃ আৰু মাতৃৰ পিছত পিতৃহাৰা হোৱাৰ পৰৱৰ্তী পৰ্যায়ত ঘৰুৱা সহায়কাৰী মা-জী(তনভী আজমি)ৰ সৈতে কিদৰে জীৱন আগুৱাই তাকে লৈয়েই ছবিখনৰ কাহিনী আগবাঢ়ে। মাজে মাজে মৃদু হাস্যৰসৰ উপস্থাপনৰ লগতে বলীউডী মছলা নৃত্য-গীতৰো প্ৰয়োগ কৰা হৈছে ছবিখনত। কাহিনীভাগ গতিশীল আৰু মনোগ্ৰাহী যদিও, মধ্যাংশত কিছু মন্থৰ হৈ পৰে। এখন ৰহস্যধৰ্মী ছবিত থাকিবলগীয়া শিহৰণো অনুভৱ নহয়।
অৱশ্যে আৱহ-সংগীতৰ ব্যৱহাৰ প্ৰশংসনীয়। আৱহ সংগীতৰ কাম কৰিছে অসমৰ অনুৰাগ শইকীয়াই। দুয়ো ভগ্নীৰ মাতৃৰ মৃত্যুৰ পিছত দুয়োৰে মাজত মানসিক ব্যৱধান বাঢ়িবলৈ ধৰে আৰু এসময়ত পিতৃয়ে শ্বেলীক বৰ্ডিঙ স্কুললৈ অধ্যয়নৰ বাবে প্ৰেৰণ কৰে। শ্বেলী বহুবছৰৰ পিছত হে ঘূৰি আহে ঘৰলৈ। শ্বেলী অহাৰ পিছত পৰিস্থিতিয়ে গতি সলাই। সৌম্যাৰ জীৱনলৈ হঠাত অহা ধ্ৰুৱ নামৰ যুৱকজন আৰু শ্বেলী, সৌম্যাৰ মাজৰ ব্যৱধান,মতানৈক্যই এজাক ধুমুহা অহাৰ সম্ভাৱনাক স্পষ্ট কৰে। গাৰ্হস্থ্য হিংসা আৰু ইয়াৰ প্ৰভাৱ কিমান দূৰলৈকে পৰে আৰু কাক কাক ইয়ে ক্ষতিগ্ৰস্ত কৰে,সেই সকলোবোৰ এখন প্ৰতিচ্ছবি দ’ পাট্টি।
দ’ পাট্টিৰ চিনেমেট’গ্ৰাফীৰ কাম উন্নত মানদণ্ডৰ। পিছে ছবিখনৰ চিত্ৰনাট্যত থকা কিছু খুটিনাটিয়ে ছবিখনক সম্পূৰ্ণ উপভোগ্য এখন অপৰাধকেন্দ্ৰিক ৰহস্যধৰ্মী ছবি হৈ উঠাৰ পৰা বঞ্চিত কৰিলে। সম্পাদনাৰ কামো দুৰ্বল। দ্বিতীয়াৰ্ধ উপভোগ্য যদিও,ছবিখন নাতিদীৰ্ঘ হোৱাৰ সম্পূৰ্ণ থল আছিলে। অৱশ্যে আদালতৰ বাদানুবাদ উপভোগ্য আছিল।
অভিনয়ৰ ক্ষেত্ৰত যদিওবা প্ৰথমেই নাম ল’ব লাগিব কাজলৰ,কিন্তু কাজলৰ অভিনয় প্ৰতিভা সম্পূৰ্ণকৈ দ’ পট্টিত প্ৰকাশ নেপালে। তাৰ পৰিৱৰ্তে কৃতি শ্বেননৰ দ্বৈত চৰিত্ৰত অভিনয় অধিক ভাল লগা হৈছিল। কিছু খুটিনাতিৰ বাদে ছবিখন উপভোগ কৰি নিৰাশ নহ’ব।
mail id- [email protected]