অৰ্থনীতিৰ বিপদ ঘন্টা বাজিছে?

ভাৰতৰ এন আৰ আই তথা প্ৰবাসী ভাৰতীয় সকলে ৬৯বিলিয়ন ডলাৰ অধিক ধন উপাৰ্জন কৰে৷এই বিশাল ধনৰাশিৰ ৪৬% তথা প্ৰায় ২৩০,৯০০কোটি দক্ষিণৰ চাৰিখন ৰাজ্য ক্ৰমে কেৰালা,কৰ্ণাটক,তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰবাসী ভাৰতীয় সকলে আহৰণ কৰে৷

গোটেই দেশৰ ভিতৰত এইক্ষেত্ৰত শীৰ্ষত আছে কেৰালা৷কেৰালাৰ প্ৰবাসী ভাৰতীয় সকলে দেশৰ মুঠ প্ৰবাসী ভাৰতীয়ৰ ১৯%,প্ৰায় ৯৫,০০০ কোটি উপাৰ্জন কৰে৷ঘৰুৱা উৎপাদন তথা জিডিপিৰ ক্ষেত্ৰত ৯.৭৮লাখ কোটিৰে কেৰালা দেশৰ ৯নং স্থানত আছে৷এই কেৰালাত এতিয়া আৰ্থিক সংকট আহি পৰিছে৷আজি কিছু দিনৰ আগতে কৰ্মচাৰীৰ দৰ্মহা- পেঞ্চন দিবলৈ কেৰালাৰ চৰকাৰে কেন্দ্ৰৰ পৰা ঋণ বিচাৰিছে৷কেৰালাৰ ক্ষেত্ৰত এনে উদাহৰণ প্ৰায় বিৰল বুলি ক’ব পাৰি৷কেৰালা আৰু অসমৰ জনসংখ্যা প্ৰায় সমান বুলি ক”ব পাৰি৷

তথাপি কেৰালাৰ জিডিপি ৯.৭৮লাখ কোটিৰ বিপৰীতে অসমৰ জিডিপি মাত্ৰ ৪.৯লাখ কোটি অৰ্থাৎ আধাতকৈও কম৷তাৰমানে আমাৰ অসমতকৈ দুগুণ বেছি মুঠ ঘৰুৱা উৎপাদনৰ ৰাজ্য কেৰালাত আজি কৰ্মচাৰী -পেঞ্চনাৰৰ দৰ্মহা দিবলৈ টনাটনি হৈছে৷কেবল কেৰালাই নহয় ইখনৰ পাচত সিখন ৰাজ্য ক্ৰমে গভীৰ অৰ্থসংকটত পৰিব ধৰিছে৷আমাৰ দেশৰ আৰ্থিক দুৰৱস্থা যে দিনক দিনে চিন্তনীয় হৈ পৰিছে সেই কথা বুজিবলৈ “ইকনমিকছ টাইমছ”  বা অৰ্থনীতিৰ বিশেষজ্ঞৰ টিপ্পনী নপঢ়িলেও চলে৷চৌপাশৰ পৰিমণ্ডলটোৱে সকলো কথা দিনৰ পোহৰৰ দৰে স্পষ্ট কৰে৷

 আমাৰ ৰাজ্যখনৰ আৰ্থিক অৱস্থা আৰু অধিক চিন্তনীয়৷কাৰন আমি ক্ৰমান্বয়ে ডিঙিলৈকে ধাৰত পোত যাব ধৰিছোঁ৷আমাৰ ৰাজ্যখনৰ ঋৃণৰ বোজা একলাখ কোটি টকা অতিক্ৰম কৰিছে৷বৰ্তমানৰ চৰকাৰে আকৌ ঋৃণ ল’বলৈ আগবাঢ়িছে৷জুন মাহৰ পৰা কেন্দ্ৰই জি এচ টিৰ ধন নিদিয়ে৷জি এচটি ৰ বাবদ অসমে প্ৰতি বছৰে ১১০০-১২০০ কোটি পাই আছিল(বছৰি প্ৰায় ৩৫হাজাৰ কোটি অসমে লাভ কৰে)৷জুন মাহৰ পৰা জিএচটিৰ ধন নাপাব বাবে বৰ্তমানৰ চৰকাৰে মুক্ত বজাৰৰ পৰা ১২০০ কোটি ঋণ ল’ব বুলি খবৰ আহিছে৷চলিত তথা ২০২২-২৩ বৰ্ষত ১৭,০০০কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তাৱ আছেই৷গতিকে ঋণৰ বোজা বাঢ়ি গৈ থাকিব৷মন কৰিব ২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬বৰ্ষলৈকে অসম চৰকাৰে কেবল ঋণৰ সুদ দিব লাগিব ৩৭,৮৪৮কোটি টকা৷এই সময়চোৱাত সকলো স্বাভাৱিক হৈ থাকিলে অসমে ৰাজহ লাভ কৰিব মুঠ ১,৩৪,১৮১ কোটি৷এই সময়চোৱাত পেঞ্চনৰ বাবে খৰছ হ’বগৈ ৪৯,০৩৮ কোটি টকা৷গতিকে ২০২৫-২৬বৰ্ষলৈকে আমাক অৰ্থনীতিৰ অংকটো নিজেই কৰি চাওক৷চাব, বিপি যাতে বাঢ়ি নাযায়!

ক’ভিডে সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশকো প্ৰচুৰ ক্ষতি কৰিলে তাত সন্দেহ নাই৷এই সময়চোৱাত এচাম সুযোগ সন্ধানীয়ে বহু সুযোগ লৈ নোদোকা হ’ল তাতো সন্দেহ নাই৷এতিয়া আমাৰ অৰ্থনীতিত পষ্ট ক’ভিড চিন্দ্ৰম প্ৰকট হৈ পৰিছে৷মধ্যবিত্ত পৰা বহু লাখ লোক নিন্ম মধ্যবিত্ত বা দৰিদ্ৰ হ’ল৷দৰিদ্ৰ সকল একেবাৰে দাল দৰিদ্ৰ হ’ল৷(extreme poor)৷অৰ্থনীতি আৰু নিয়োগৰ ক্ষেত্ৰত প্ৰায় ৮০% অৰিহণা যোগায় লঘু আৰু মজলীয়া উদ্যোগী,ব্যৱসায়ী সকলে(MSME)৷এই ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী সকলৰ বেছি ভাগৰে অৱস্থা বেয়া৷দৰিদ্ৰতাৰ কবলৰ পৰা মুক্তি পাবলৈ আত্মহত্যাৰ পথ বাচি লৈছে বহুজনে৷নিজৰ দুই কেচুৱা সন্তানক সাৱতি পানীত জাঁপ দিছে দুৰ্ভগীয়া মাতৃয়ে৷পৰিৱৰ্তিত পৰিমণ্ডলে আমাৰ সংবেদনশীলতা হ্ৰাস কৰিছে৷সেয়ে দৰিদ্ৰ অসহায় জনৰ আৰ্তনাদে আমাক জাগ্ৰত কৰিব পৰা নাই৷

মুদ্ৰাস্ফীতি বাঢ়ি গৈছে৷বজাৰত জুই৷দৰিদ্ৰ মধ্যবিত্তক সকলো পিনৰ পৰা কোঙা কৰিব ধৰিছে৷এনে পৰিস্থিতিৰ অৱসান কি দৰে হ’ব?প্ৰবল আশাবাদী হৈয়ো আমি দুশ্চিন্তাত পৰিছোঁ৷উদিগ্ন হৈছোঁ৷কেৱল আনৰ কথা ভাবি নহয়,আমি নিজক লৈয়ো চিন্তিত হৈছোঁ৷এইদৰে কেলঢোপকেলঢোপকৈ কিমান দিনলৈ জীয়াই থাকিম!এই সংকট ইমানতে ৰ’ব,ইয়াতকৈ তললৈ নানামে বুলি কিবা গেৰাণ্টী আছে নে?
                                                                                                                    লেখক এগৰাকী নিৱন্ধকাৰ
                                                                                                                      ফোন: ৯৮৫৪৬০৪৩৬৬