আইৰ মুখৰ মাতষাৰ থাকিবগৈনে? যোৱা সময়ছোৱাত বাৰে বাৰে এই প্রশ্নই আমাৰ সামূহিক চেতনাক আমনি কৰিছেহি। এই সময়খিনিত চৰকাৰীভাৱে লোৱা কেতবোৰ সিদ্ধান্তই আমাক শংকিত আৰু ব্যথিত কৰি তুলিছে।
শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক বক্তব্যই পুনৰ “ভাষা বিতৰ্ক”টোক জোৰদাৰ কৰিছে। গৃহমন্ত্ৰীয়ে তেওঁৰ
বক্তব্যত হিন্দী ভাষাক দশমশ্ৰেণী পৰ্যন্ত বাধ্যতামূলক কৰাৰ বাবে উত্তৰ- পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যই লোৱা সিদ্ধান্তৰ কথা সদৰি কৰিছিল। এইখিনিতে মন কৰিব যে গৃহমন্ত্ৰীয়ে এনে নিৰ্দেশনা কেন্দ্ৰই দিয়া বুলি কোৱা নাই। ৰাজ্যসমূহে নিজেই এই
ক্ষেত্ৰত সন্মতি প্রকাশ কৰা বুলিহে কৈছে। যি কি নহওঁক, হিন্দী ভাষাৰ আধিপত্য সম্পৰ্কীয় বিতৰ্কটো ভাৰতত নতুন নহয়।
স্বাধীনতাৰ পূৰ্বৰে পৰা কংগ্ৰেছৰ ভিতৰত এই বিতৰ্ক চলি আছিল আৰু সংবিধান প্রণয়নৰ সময়ত এই প্রসংগক লৈ সংবিধান
সভাত চিন্তাকৰ্ষক বিতৰ্ক হৈছিল। আজি যেতিয়া গৃহমন্ত্ৰীৰ বক্তব্যই সমগ্ৰ দেশতে ভাষা সম্পৰ্কীয় বিতৰ্কৰ সৃষ্টি কৰিছে,
তেনে সময়ত আমাৰ সংবিধানে এই অত্যন্ত আবেগিক ভাষাৰ প্রশ্নটোক কিদৰে চাইছে তাক বুজাটো ভাল।
ভাৰতবৰ্ষৰ সংবিধানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ভাৰতৰ বৈচিত্ৰ্যক দিয়া স্বীকৃতি৷ দেশৰ ভাষিক, সাংস্কৃতিক, ধৰ্মীয় বৈশিষ্ট্যৰ স্বীকৃতি সংবিধানে দিছে। সংবিধানৰ প্রস্তাৱনাৰ পৰা শেষলৈকে এই বৈচিত্ৰ্যৰ স্বীকৃতি পোৱা যায়।
সংবিধানৰ ১৯ নং অনুচ্ছেদে ভাৰতৰ ভিতৰত বাস কৰা এক সুকীয়া ভাষা, লিপি আৰু সংস্কৃতিৰ অধিকাৰী
জনসমষ্টিক নিজৰ ভাষা, লিপি আৰু সংস্কৃতিৰ সংৰক্ষণৰ অধিকাৰ প্রদান কৰিছে। এই অধিকাৰ মৌলিক অধিকাৰৰূপে
স্বীকৃত। সংবিধানৰ ১৭ নং অধ্যায়ত থকা অনুচ্ছেদ ৩৪৩ ৰ পৰা ৩৫১ অনুচ্ছেদ হ’ল ভাষা সম্পৰ্কীয় অনুচ্ছেদ। এই অধ্যায় ভালদৰে মন কৰিলে দেখা যায় যে ইয়াত হিন্দীক কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী ভাষা ৰূপে স্বীকৃতি দিয়া হৈছে, ৰাষ্ট্ৰভাষা হিচাবে নহয়।
কিন্তু, সেই স্বীকৃতিও চৰ্ত সাপেক্ষ। প্রথমটো চৰ্ত হ’ল যে সংবিধান গ্ৰহণৰ ১৫ বছৰ পৰ্যন্ত ইংৰাজী চৰকাৰী ভাষাৰূপে ব্যৱহৃত হৈ থাকিব আৰু দ্বিতীয়তে পোন্ধৰ বছৰ অতিক্ৰম কৰি যোৱাৰ পাছত সংসদে আইন প্রণয়নৰ দ্বাৰা ইংৰাজী বা দেৱনাগৰিক উল্লেখিত উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰিব। এইখিনিতে সংবিধানৰ ৩৫১ নং অনুচ্ছেদটো গুৰুত্বপূৰ্ণ৷ ৩৫১ নং অনুচ্ছেদে হিন্দী ভাষাৰ বিকাশ বা উন্নয়ন তথা বিস্তাৰৰ দায়িত্ব কেন্দ্রীয় চৰকাৰক দিছে। কিন্তু এই অনুচ্ছেদত কোৱা হিন্দী ভাষাটো একেবাৰে সংস্কৃতমূলীয় শুদ্ধ হিন্দী ভাষাটো নহয়৷ ইয়াত হিন্দুস্তানী তথা অন্যান্য আঞ্চলিক ভাষাৰ শব্দ সম্ভাৰেৰে সমৃদ্ধ হোৱা ভাৰতৰ মিশ্ৰিত সংস্কৃতিক প্রতিনিধিত্ব কৰা এক ভাষাৰ কথাহে কোৱা হৈছে ।
অনুচ্ছেদ ৩৫১ টো এনে ধৰণৰ– It shall be the duty of the Union to promote the spread of the Hindi Language, to develop
it so that it may serve as a medium of expression for all the elements of the composite culture of
India and to secure its enrichment by assimilating without interfering with its genius , the forms,
style and expression used in Hindustani and other languages of India, specified in Eighth
Schedule, and by drawing, wherever necessary or desirable, for its vocabulary, primitively on
Sanskrit and seconderlity on other Languages.
আনহাতে ৩৪৫ নং অনুচ্ছেদে ৰাজ্য এখনৰ বিধান মণ্ডলক ৰাজ্যখনৰ প্রচলিত এটা বা দুটা ভাষাক ৰাজ্যখনৰ বাবে চৰকাৰী ভাষা কৰাৰ অধিকাৰ দিছে।
সংবিধানৰ উপৰোক্ত অনুচ্ছেদসমূহৰ পাঠে তলৰ কথা কেইটা স্পষ্ট কৰে-_
ক) সংবিধানে ভাষাৰ দৰে স্পৰ্শকাতৰ বিষয় এটা বিবেচনা কৰোতে হিন্দী আৰু অন্যান্য আঞ্চলিক ভাষাসমূহৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰিছিল।
খ) হিন্দীক ৰাষ্ট্ৰভাষা কৰা নাছিল। কেৱল কেন্দ্ৰীয় চৰকাৰৰ বাবে চৰকাৰী ভাষা কৰিছিল।
গ) হিন্দীৰ প্রসাৰৰ কথা কওঁতেও ইয়াক ভাৰতবৰ্ষৰ মিশ্ৰিত সংস্কৃতিৰ প্রতিনিধিত্ব কৰিব পৰা এটা ভাষালৈ ৰূপান্তৰৰ কথা কোৱা হৈছে আৰু
ঘ) ভাষা আৰু লিপিৰ সুৰক্ষাক মৌলিক অধিকাৰৰূপে স্বীকৃতি দিয়া হৈছে।
সংবিধানত ভাষা সম্পৰ্কীয় ব্যৱস্থাবোৰ অন্তৰ্ভূক্ত কৰোতে সংবিধান সভাত যথেষ্ট গুৰুত্বপূৰ্ণ বিতৰ্ক হৈছিল।
মৌলিক অধিকাৰ সম্পৰ্কীয় বিতৰ্কৰ পাছতে ভাষা সম্পৰ্কীয় বিতর্ক সংবিধান সভাত জোৰদাৰ হৈছিল। ইয়াৰ কাৰণ
আছিল সংবিধান সভাত হিন্দীৱালী (Granville Austin ৰ ভাষাত) সদস্যসকলে হিন্দীক ৰাষ্ট্ৰভাষা কৰাৰ বাবে উঠিপৰি
লাগিছিল।
ভাষা সম্পৰ্কীয় বিতৰ্কটো এনে ৰূপ পাইছিলগৈ যে ই সংবিধান প্রণয়নৰ কামটোকে পিছুৱাই দিয়াৰ উপক্ৰম
হৈছিল। ড০ বি আৰ আম্বেদকাৰে এই বিতৰ্কৰ প্রসংগ উত্থাপন কৰি পৰৱৰ্ত্তী সময়ত লিখিছিল- “There was no
article which proved more controversial than Article 115, which deals with the (Hindi) question.
No article produced more opposition, more heat.”
আম্বেদকাৰে কোৱা এনে গৰম বিতৰ্কৰ কাৰণ আছিল হিন্দী উগ্ৰ জাতীয়তাবাদীসকলে সংবিধান সভাৰ বাহিৰে- ভিতৰে হিন্দীক ৰাষ্ট্ৰীয় ভাষা কৰাৰ বাবে গঢ়ি তোলা হেঁচা। একাংশ হিন্দী উগ্ৰ জাতীয়তাবাদীয়ে আনকি সংবিধানৰ অষ্টম অনুসূচীত আঞ্চলিক ভাষাসমূহৰ অন্তৰ্ভূক্তিৰো বিৰোধিতা কৰিছিল। সংবিধানৰ ভাষা সম্পৰ্কীয় অনুচ্ছেদ কেউটা আছিল মুন্সী-আয়েংগাৰ সূত্ৰৰ ফচল ,যাক আয়েংগাৰে আখ্যা দিছিল “ a compromise between opinion which were not easily reconcilable”
ইমান চেষ্টাৰ পাছতো কিয় হিন্দী ভাষাক ৰাষ্ট্ৰ ভাষা কৰা নহ’ল? এইটো আজিৰ তাৰিখতো গুৰুত্বপূৰ্ণ প্রশ্ন। ইয়াৰ প্রধান কাৰণ আছিল যে বহু আঞ্চলিক ভাষা হিন্দীতকৈ বহু পুৰণি আৰু সমৃদ্ধ আছিল। দ্বিতীয় কাৰণটো আছিল হিন্দীয়ে ভাৰতবৰ্ষৰ মিশ্ৰিত সংস্কৃতিক প্রতিবিন্বিত কৰিব পৰা নাছিল। আজি সেই অৱস্থাৰ পৰিৱৰ্ত্তন ঘটিছে নেকি? অন্যান্য কাৰ্যকৰী দিশৰ পৰাও কথাটো এনে হোৱা নাই যে হিন্দী ভাষা নহ’লে আমি চলিবই নোৱাৰিম। তেনে ক্ষেত্ৰত দশম শ্রেণী পৰ্যন্ত হিন্দী ভাষাক বাধ্যতামূলক কৰিম বুলি প্ৰতিশ্ৰুতি আমাৰ খিলঞ্জীয়াৰ প্ৰেমত মজি থকা মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক দিলে কিয়? নে সংবিধান গঢ়াৰ সময়ত আধৰুৱা হৈ ৰোৱা হিন্দী উগ্ৰ জাতীয়তাবাদীসকলৰ সপোনক পূৰ্ণ ৰূপ দিয়াৰ দায়িত্ব আমাৰ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে?
হিন্দী ভাষাৰ বাধ্যতামূলক শিক্ষাই অসমীয়া তথা অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবোৰৰ ভাষাৰ ভৱিষ্যতৰ প্রতি ভাবুকি আনিব। এতিয়াও সম্পূৰ্ণৰূপে বিকশিত নোহোৱা আমাৰ বহু জনগোষ্ঠীয় ভাষাই হিন্দীৰ আগ্রাসনত হেৰাই যোৱাৰ সম্ভাৱনা আছে। হিন্দী বাধ্যতামূলক কৰাৰ পাছৰ পদক্ষেপবোৰ হ’ব এই ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবোৰৰ মাজত হিন্দীৰ প্রসাৰ ঘটোৱা।
অসমীয়াৰ আগ্ৰাসনৰ শংকাত থকা এই জনগোষ্ঠীবোৰৰ মাজত হিন্দীৰ প্রসাৰ সম্ভৱো হ’ব যাৰ ফলত এই জনগোষ্ঠীবোৰৰ
নিজস্ব ভাষাৰ বিকাশৰ পথ ৰুদ্ধ হ’ব আৰু একে সময়তে অসমীয়া আৰু অন্যান্য জনগোষ্ঠীসমূহৰ মাজত অসমীয়া ভাষাৰ জৰিয়তে কিছু পৰিমাণে এতিয়াও শক্তিশালী হৈ থকা সম্পৰ্কৰ বান্ধ লাহে লাহে ঢিলা হ’ব। হিন্দী বাধ্যতামূলক কৰাৰ আৰঁত যে এনে উদ্দেশ্য নাই তাক আমি নদি ক’ব পাৰিমনে?
ভাষা এক ৰাজনৈতিক আৰু আদৰ্শগত প্রশ্ন। সেয়েহে ভাষা সম্পৰ্কীয় সিদ্ধান্তবোৰ বিচাৰ কৰোতে যি আদৰ্শগত
বা ৰাজনৈতিক অৱস্থানৰ পৰা এই সিদ্ধান্তবোৰ গ্ৰহণ কৰা হয় তাৰ পৰা নিলগাই বিচাৰ কৰিব নোৱাৰি। আজি হিন্দী ভাষাক বাধ্যতামূলক কৰোতে ক’ৰবাত হিন্দী, হিন্দু, হিন্দুস্তানৰ ৰাজনৈতিক কল্পনায়ো ক্ৰিয়া কৰি আছে নেকি তাকো বিচাৰ কৰা
ভাল। কাৰণ, এই কল্পনা ভাৰতবৰ্ষৰ বৈচিত্ৰ্যৰ পৰিপন্থী, সাংবিধানিক অভিপ্রায়ৰ পৰিপন্থী। সংবিধানৰ ভাষা সম্পর্কীয়
ব্যৱস্থাবোৰৰ মূল অভিপ্রায়ক আমি মনত ৰখা উচিত। আৰু সেয়া হ’ল ভাষাৰ বৈচিত্ৰ্যৰ সুৰক্ষা৷
আমি যিদৰে অসমীয়া ভাষাক অন্য ভাষা-ভাষী মানুহৰ ওপৰত জাপি দিয়াৰ বিৰোধী হোৱা উচিত ,ঠিক তেনেদৰে হিন্দীকো অসমীয়া ভাষা কোৱা মানুহৰ ওপৰত জাপি দিয়াৰ বিৰোধিতা কৰা উচিৎ ।
পৃথিৱীৰ এটা চুকত বাস কৰা এমুঠিমান অসমীয়া ভাষী, বড়ো ভাষী, মিছিং ভাষী, ডিমাছা ভাষী আৰু অসমত যিমান সৰু সৰু ভাষা নিজৰ আইৰ মুখৰ ভাষা বুলি ভবা মানুহ আছে,সকলোৱে যাতে নিজৰ ভাষাক লৈ গৌৰৱেৰে জীয়াই থাকিব পাৰে তেনে এক পৰিবেশ সৃষ্টি কৰাহে উচিৎ।
শান্তনু বৰঠাকুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা
লেখকৰ ফোন নম্বৰ:94351-04888