অসমৰ ২য় সৰ্ববৃহৎ মিচিং জনগোষ্ঠীৰ বাবে একো চৰ্তই থাকিব নোৱাৰে : সোণেশ্বৰ নৰহ

আলি আঃয়ে লৃগাং বিতৰ্ক এক জাতীয় বিড়ম্বনা, হিমন্তৰ চক্ৰ বেহুত পৰি মিচিং জাতিক পুতৌ পাত্ৰ হ'বলৈ এৰি দিছে নেকি ৰণোজ-ভূৱনেঃ সোণেশ্বৰ নৰহ , জীপাল 

পূৰ্বৰ মিচিং জাতিৰ কলনিয়েল ৰাজনৈতিক নেতা সকলৰ প্ৰতি আমাৰ প্ৰজন্মৰ দৃষ্টিভংগী খুবেই সংঘাতপূৰ্ণ আৰু বিদ্ৰোহাত্মক আছিল। ভাল লগা কথাটো হ’ল এনে নতুন দৃষ্টিভংগীৰ সিংহভাগ মতাদৰ্শৰ গুৰিতে আছিল সেই সময়ৰ গৰ্জন পুৰুষ ৰণোজ পেগুহঁতৰ দৰে ৰাজনৈতিক নেতাৰ প্ৰভাৱ। এটা কথা স্বীকাৰ কৰিবই লাগিব যে আজি পৰ্যন্ত কংগ্ৰেছী ঘৰত জন্ম হৈও কংগ্ৰেছী নোহোৱাৰ গুৰিতে আছিল আমাৰ প্ৰজন্মক আলোড়িত কৰি ৰখা ৰণোজ পেগুৰ বলিষ্ঠ প্ৰভাৱ। সেই সময়ৰ দেৱাল লিখন , শদিয়াৰ পৰা ধুবুৰীৰ ঐতিহাসিক পদযাত্ৰাৰ মাজেদি এক প্ৰগতিশীল সমাজ চেতনা জাগ্ৰত কৰা সজাগতা সমূহ। বন্দুকৰ বিপৰীতে  ধেনুকাঁড়ৰ প্ৰেমত পৰা আমিবোৰ অপৈণত প্ৰজন্ম বুলি আজিও কাকো ক’বলৈ সুযোগ নিদিয়াকে হেঁচা থেলাৰ মাজেদি কটাই থকা আমিবোৰ সেই সময়ৰ ৰনোজ পেগুৰ উত্তৰসূৰী বুলি দাবী কৰাৰ অনেক সমল আজিও গোপন কৰি ৰাখিছোঁ। প্ৰয়োজন হ’লে ৰাজহুৱা বিতৰ্ক কৰিব পৰাকৈ তৃণমূল সংগ্ৰামৰ ইতিহাসৰ সাক্ষী হৈ আছোঁ।

ৰণোজ পেগুৱে এটা গৰ্জনেৰে যি স্বাভিমানী আলি আঃয়ে লৃগাঙক চৰকাৰী বন্ধ ঘোষণা কৰাব পাৰে , কিন্তু আজি তেওঁৰ অতি কৌশলি স্থিতিয়ে অতি পৰিতাপেৰে জাতিটোক আনৰ হাতত মেলা চিকাৰলৈ ৰূপান্তৰ কৰিছে । জাতিটোক আকৌ এবাৰ এক নতুন মাত্ৰাত পুতৌ পাত্ৰ হ’বলৈ এৰি দিছে। ধিক্কাৰ এই বাবেই দিম ,যি দুগৰাকী মিচিং জাতিৰ নেতা চৰকাৰৰ অন্তৰ্ভাগত আছে, তেওঁলোক সাধাৰণ পালি নেতা হৈ যোৱা নেতা নাছিল। যাক গৰ্জন পুৰুষ বুলি লʼৰালিৰে পৰা শ্ৰদ্ধা কৰি আহিছিলোঁ, আজি বেয়া লাগে সেই নেতা জনৰ আজিৰ অৱস্থানে  চৰকাৰৰ অভ্যন্তৰত তেওঁৰ সাম্প্ৰতিক নিশকতীয়া অৱস্থানকে প্ৰতিফলিত কৰিছে। এই কথা তেওঁ বুজি পোৱা উচিত। তেওঁৰ দাপোনত নিজক এবাৰ ঘূৰি চোৱা উচিত। 

অসমৰ ২য় সৰ্ববৃহৎ মিচিং জনগোষ্ঠীৰ বাবে একো চৰ্তই থাকিব নোৱাৰে। চৰকাৰৰ হৈ উকালতি কৰিবলৈ যিবোৰ পাতল  যুক্তিৰে খণ্ডন কৰাৰ চেষ্টা কৰিছে, ৰনোজ পেগুৰ ভাৱমূৰ্তি তেওঁৰ যুক্তিৰ দৰেই খণ্ড বিখণ্ড হৈছে। সেই কথা তেওঁৰ স্তাৱক সকলে বুজি বুজাই দিয়া উচিত। 

আজি কালি এটা ট্ৰেণ্ড দেখা গৈছে, ৰণোজ পেগু আৰু ভূৱন পেগুক সমালোচনা কৰা সকলক অন্ধভক্তৰ দৰে কেইজনমান স্তাৱকে ট্ৰল ভাবুকি দিয়া এক কাৰ্যকলাপ সংঘটিত হৈছে।

সেই সকলে এটা কথা বুজা উচিত যে ৰণোজ পেগু আৰু ভূৱন পেগুৰ স্থান সদায়ে সুকীয়া। সুকীয়া এই ক্ষেত্ৰত পূৰ্বজ কোনো মিচিং ৰাজনৈতিক নেতাৰ দৰে কলনিয়েল নেতা নাছিল। তেওঁলোক একো গৰাকী গণসংগ্ৰামৰ মাজেদি যোৱা অন্যতম কমিটেড নেতা আছিল। সেই বাবেই জনগণই বাকী নেতাবোৰতকৈ দুগুণ ক্ষুৰদ্দাৰ সমালোচনা কৰাৰ হক আছে আৰু থাকিব। মই বা আমাৰ প্ৰজন্মই সমালোচনা কৰি শোধন কৰাৰ অধিকাৰ আছে আৰু থাকিব। সেই কথা সময় থাকোঁতেই যদি বুজি নাপাই তেতিয়া হ’লে আজি যি কণ অস্তিত্ব ৰনোজ পেগু আৰু ভূৱন পেগু বুলি আছে সেই কণো আপোনালোকে ঢুকি নাপাবগে। আৰু এই কথাও কৈ থলোঁ এনে ট্ৰল ভাবুকিক ভয় কৰি ৰণোজ -ভূৱন বিতৰ্ক নকৰিম তেনে বেয়া সপোন ছোৱা বন্ধ কৰিবলৈও সকীয়াই থলোঁ।

যিহেতুকে তেওঁলোকে জাতীয় সংগ্ৰামৰ পৰবৰ্তী কালছোৱাক “আপোচ” বুলি নকৈ এক নতুন কৌশলী নীতি বুলি জনপ্ৰিয় কৰি ব্যাখ্যা কৰে “চৰকাৰৰ মাজত সোমাই জাতিটোৰ বাবে সুবিধা আদায় কৰিব লাগিব ”। 

এই তত্ত্বকে সত্য বুলিও যদি মনা যায় তেতিয়া হ’লেও আৰু অধিক সমালোচনা আৰু দাবী কৰাৰ হক আছে। চৰকাৰৰ মাজত থাকিও আজি পৰ্যন্ত কিয় স্বাভিমানী আলি আঃয়ে লৃগাঙক চৰকাৰী বন্ধ ঘোষণা কৰাব পৰা নাই। কিয় জাতিটোক হাঁহিয়াতৰ পাত্ৰ হ’বলৈ এৰি দি অপ্ৰাসংগিক যুক্তিৰে আভুৱা ভাৰিবলৈ যত্ন কৰিছে। 

অতি সাধাৰণ কথাতে,অথবা আপোনাৰ মন্ত্ৰীত্বাধীন সকলো বিভাগীয় বিবৃতি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফিতাহী মাৰিব পাৰে, গতিকে সেইজনা মিচিং ভোট বিচৰা মুখ্যমন্ত্ৰীৰ মুখেৰে কিয় বিবৃতি বাহিৰ কৰাব পৰা নাই।

আপুনি মিচিং কাৰণে মিচিঙৰ কথাত মুখ পাতি ধৰিছে । যদি সেইটোৱেই হয় এইটো আৰু মাৰাত্মক আৰু জাতীয় ত্ৰেজেদি। নে নিজৰ ভাৱমূৰ্তি বেয়া কৰি হ’লেও তুষ্টিকৰণৰ ৰাজনীতি কৰিছে। আপোনালোকৰ অৰিজিনেল ৰাজনৈতিক আদৰ্শ জলাঞ্জলি দিলে বুলিয়েই ইমান বেকা হ’লে আমাৰ ক’ৰবাত ভাল নালাগে। বাকী ৰাজনৈতিক বিতৰ্ক পাছলৈ ৰাখিও কওঁ আলি আঃয়ে লৃগাঙক মুখৰোচক বিতৰ্কৰ পৰা অঁতৰাই বিনা চৰ্তে বন্ধ ঘোষণা কৰাওক। এই প্ৰসঙ্গত কোনো ক্ষমা কৰা নহ’ব। আজিৰ বিক্ষিপ্ত প্ৰতিবাদ এক সংগঠিত প্ৰতিবাদলৈ বেছি পৰ নাই।  

হিমন্তই এই জ্বলা জুইকুৰাৰ কাষত ৰণোজ -ভূৱনৰ শুকান মুখকেইখনক উদঙাবলৈও হয়তো বেছি পৰ নৰব যদিহে সময়ত সেই গুজৰণি মৰা নাযায়।