• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নমস্কাৰ, মই ৰবিশ কুমাৰ…

তাপস মালী by তাপস মালী
December 4, 2022 6:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰত আৰু এই দেশতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি খ্যাত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে ১৫০ নং স্থানত। ভাৰতত সংবাদ মাধ্যমৰ এই দুৰৱস্থাৰ কাৰণ বহুতো, কিন্তু সেয়া হ’লেও সংবাদ মাধ্যমৰ কাহিনী, সংবাদ মাধ্যমতেই দেখিবলৈ, শুনিবলৈ পোৱা নাযায়।

বৰ্তমান ভাৰতত মুখ্য ধাৰাৰ সংবাদ মাধ্যম আৰু সাংবাদিকতা কি পৰ্যায়ত আছে, সেয়া জনতাৰ পৰা লুকাই থকা নাই। হিন্দু-মুছলমান, চীন-পাকিস্তানৰ কথা কৈ টক শ্ব’ অনুষ্ঠিত কৰিয়েই নিজৰ দায়িত্ব সামৰা মুখ্য ধাৰাৰ সংবাদ মাধ্যমৰ মজিয়াৰ পৰা মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, কৃষকৰ সমস্যা, শিক্ষাৰ্থীৰ সমস্যা, খোৱাপানী, স্বাস্থ্য আদি বিষয় একেবাৰেই নোহোৱা হৈ যোৱাৰ দৰে।

ডিটিএইচ- ৰ যুগত দৰ্শকৰ ওচৰত চেনেল সলাই চোৱাৰ সুবিধা থকাৰ পিছতো সংবাদ মাধ্যমৰ এনেধৰণৰ কৰ্মকাণ্ডই ৰিম’টৰ গোটেই ধাৰণাটোকে অপ্ৰাসংগিক কৰি তুলিছে। চেনেল সলাই থাকিলেও একে ধৰণৰ টক শ্ব’ চোৱাটো যেন এতিয়া দৰ্শকৰ ভাগ্য হৈ পৰিছে। মুখ্য ধাৰাৰ এই নিৰাশাজনক পৰিৱেশৰ মাজতে দুই-এজন সাংবাদিক আছে, যিয়ে আশাৰ চাকি হৈ জনতাক টিভিত বাতৰি চোৱাৰ এটা কাৰণ দিছিল, তাৰ ভিতৰত ৰবিশ কুমাৰ অন্যতম।

সন্ধিয়া ৯ বজাৰ লগে লগে এন ডি টিভিৰ স্ক্ৰীণত মুখত এটি হাহি লৈ ‘নমস্কাৰ, মই ৰবিশ কুমাৰ’- এনেদৰে কোৱা সাংবাদিক ৰবিশ কুমাৰ নিজৰ নিৰপেক্ষ সংবাদ আৰু চৰকাৰক শক্তিশালী ৰূপত কৰা প্ৰশ্নৰ বাবে জনতাৰ প্ৰিয় আৰু শাসক পক্ষৰ বাবে মূৰৰ কামোৰণি। জনতাৰ পক্ষত চৰকাৰৰ প্ৰতিটো নীতি-আঁচনিক চালি-জাৰি চাই তাৰ ওপৰত নিৰ্ভীকভাৱে প্ৰশ্ন কৰাৰ বাবে সাংবাদিক ৰবিশ কুমাৰ জনাজাত।

আগৰ ইউ পি এ চৰকাৰ আৰু এতিয়াৰ এন ডি এ চৰকাৰক নিজৰ প্ৰশ্নৰে শ’লঠেকত পেলোৱা ৰবিশ কুমাৰে নিজৰ কামৰ বাবে কেইবাবাৰো নানা সন্মানেৰে বিভূষিতও হৈছে। ২০১৯ বৰ্ষত ৰবিশ কুমাৰে নিজৰ সংবাদ কৰ্মৰ বাবে সংবাদ জগতৰ ন’বেল বটা খ্যাত ৰেমন মেগছেচে এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল।

কিন্তু টিভিৰ মজিয়াখন নিজৰ সংবাদ কৰ্মেৰে উজলাই ৰখা প্ৰতিষ্ঠিত সাংবাদিক ৰবিশ কুমাৰে বৰ্তমান এন ডি টিভিৰ পৰা পদত্যাগ কৰিছে। আদানীৰ হাতলৈ এন ডি টিভিৰ মালিকীস্বত্ব যোৱাৰ লগে লগে বিগত ২৭ বছৰে এন ডি টিভিৰ লগত জড়িত থকা ৰবিশ কুমাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

ৰবিশ কুমাৰৰ এই পদত্যাগৰ লগে লগে দেশৰ সংবাদ জগতৰ লগতে জনসাধাৰণ আৰু ছচিয়েল মিডিয়াত এই কথাটোৱে ব্যাপক চৰ্চা লাভ কৰিছে। এটা বিশেষ আদৰ্শ তথা ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত এই কথাটোক লৈ আনন্দ-উল্লাস দেখা পোৱাৰ বিপৰীতে আনফালে দেখা পোৱা গৈছে এক মিশ্ৰিত প্ৰতিক্ৰিয়া।

বহুতেই তেওঁৰ পদত্যাগক লৈ দুখ কৰাৰ বিপৰীতে একাংশই তেওঁৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে। যি সময়ত অধিকাংশ সংবাদ মাধ্যম আৰু সংবাদ কৰ্মী চৰকাৰ বন্দনাত পঞ্চমুখ, সেই একেটা সময়তে প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ বন্ধু বুলি খ্যাত আদানীয়ে এন ডি টিভি ক্ৰয় কৰাৰ পিছত চেনেলটোৱে সেই একে পথৰেই পথিক হ’ব বুলি জনতাৰ মাজত চৰ্চা চলিছিল।

তেনে ক্ষেত্ৰত ৰবিশ কুমাৰৰ এই পদত্যাগে এই কথাটোকেই পুনৰবাৰ প্ৰমাণ কৰিলে যে আদানীয়ে নিজৰ টকাৰ জোৰত এন ডি টিভি কিনিব পাৰিলে যদিও ৰবিশ কুমাৰ নামৰ সত্বাটোক ক্ৰয় কৰিব নোৱাৰিলে। আন অৰ্থত ৰবিশ কুমাৰে নিজৰ এই সিদ্ধান্তৰ জৰিয়তে দেখুৱাই দিলে যে নিজৰ বৃত্তিৰ প্ৰতি ৰবিশ কুমাৰৰ যি নিষ্ঠা তথা প্ৰেম আছে, সেয়া কোনো চৰ্ততে তেখেতে বিসৰ্জন নিদিয়ে।

ৰবিশ কুমাৰৰ এই পদত্যাগৰ কথা সংবাদ মাধ্যম তথা ছচিয়েল মিডিয়াত প্ৰকাশ হৈছিল যদিও ৰবিশ কুমাৰৰ পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ কথা জানিব পৰা হোৱা নাছিল। এই বাতৰি প্ৰকাশৰ পিছদিনা ৰবিশ কুমাৰে নিজৰ পদত্যাগৰ কথা নিজৰ Youtube চেনেল Ravish Kumar Official-ৰ জৰিয়তে জনসাধাৰণক আনুষ্ঠানিকভাৱে জনায়।

এই ভিডিঅ’ৰ জৰিয়তে বিগত ২৭ বছৰে তেখেতৰ সহযাত্ৰী হোৱাৰ বাবে জনতাক নিজৰ ধন্যবাদ জ্ঞাপন কৰে। এই ভিডিঅ’ আপলোড কৰাৰ সময়ত প্ৰায় ৭ লাখ ছাব্ছক্ৰাইবাৰ থকা তেখেতৰ Youtube চেনেলটোত বৰ্তমান প্ৰায় ২১.৩ লাখ ছাব্ছক্ৰাইবাৰ আছে। আনহাতে তেওঁ থকালৈ ১.৫২ কোটি থকা NDTV-ৰ Youtube চেনেলটোত ছাব্ছক্ৰাইবাৰৰ সংখ্যা বৰ্তমান ১.৫১ কোটিলৈ হ্ৰাস পাইছে।

এই কথাবোৰে আচলতে বহুত কথাই সূচায়। কিদৰে এখন গণতান্ত্ৰিক দেশত জনতাই মুখ্য ধাৰাৰ সংবাদ মাধ্যমৰ ওপৰত আস্থা হেৰুৱাই ডিজিটেল মাধ্যমৰ ফালে বাতৰি বিচাৰি গতি কৰিব লগা হৈছে। কিদৰে মুখ্য ধাৰাৰ সংবাদ মাধ্যমৰ স্তৰ দিনক দিনে অৱনমিত হৈ আহিছে, এয়া তাৰেই উদাহৰণ।

যি ধৰণে সংবাদ মাধ্যমৰ মালিকীস্বত্ব ৰাজনৈতিক নেতা তথা উদ্যোগপতিৰ হাতলৈ যোৱাৰ ফলত সংবাদ মাধ্যমৰ মানদণ্ড হ্ৰাস পাইছে আৰু স্বাধীনতা সংকুচিত হৈছে, সিয়ে ভাৰতৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সংবাদ মাধ্যম সমাজৰ দাপোণস্বৰূপ। কিন্তু সংবাদ মাধ্যমে যদি সমাজৰ কথাবোৰ দাঙি ধৰিবই নোৱাৰে, তেন্তে তেনে সংবাদ মাধ্যমৰ পৰা জনতাৰ কি লাভ হ’ব সেয়া সহজেই অনুমেয়।

বিগত ৮টা বছৰে সুবক্তা বুলি খ্যাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই এখনো প্ৰেছ কনফাৰেন্স সম্বোধন কৰি নাপালে। নোটবন্দী, জি এছ টি, কা, কৰোণা আদিৰ পিছতো প্ৰেছ কনফাৰেন্স সম্বোধন কৰি নোপোৱা প্ৰধানমন্ত্ৰী গৰাকীক ৰবিশ কুমাৰৰ পদত্যাগৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰিবলৈ ছচিয়েল মিডিয়াত আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে।

কিন্তু সেয়া যি নহ’লেও ৰবিশ কুমাৰৰ এই পদত্যাগে মুখ্য ধাৰাৰ সংবাদ জগতখনত যে এক কেতিয়াও পূৰাব নোৱাৰা শূন্যতাৰ সৃষ্টি কৰিব সেয়া নিশ্চিত।

তাপস মালী

তাপস মালী

Stay Connected

  • 117k Fans

Recent News

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd