• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

মেজি ফৰ চেলঃ সংস্কৃতি আৰু পুঁজিবাদ

  পুঁজিবাদে সংস্কৃতি আৰু সংস্কৃতিৰ উপাদানসমূহলৈ যিসমূহ পৰিৱৰ্তন কৰি আনে, সেই পৰিৱৰ্তনৰ মূলগত কথাটো হৈছে সংস্কৃতিক ই এটা বজাৰীকৃত ব্যৱস্থালৈ ৰূপান্তৰ কৰি তোলে। এই বজাৰীকৰণৰ ধাৰণাটোক আমি পোনচাতেই গালি পাৰি আঁতৰাই দিয়াটো কোনোপধ্যেই বুদ্ধিমানৰ কাম নহব।

নিকু দুৱৰা by নিকু দুৱৰা
January 14, 2023 2:08 pm
Created with GIMP

Created with GIMP

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাঘ বিহু অহাৰ লগে-লগে কেইটামান বিশেষ চিজনেল বিতৰ্কই পুনৰ মূৰ তুলি উঠিছে আৰু এই বিতৰ্ককেইটাৰ মাজেৰে অসমৰ চিন্তাশীল ৰাইজ ইতিমধ্যে দুটা ভাগত বিভক্ত হৈ পৰিছে। এই বিতৰ্ককেইটাৰ মূলগত দিশটো এটাই— নব্য পুঁজিবাদে সমাজখনলৈ যিখিনি নতুন দিশ কঢ়িয়াই আনিছে সেইসমূহ পৰিৱৰ্তন সমাজৰ একাংশই গ্ৰহণ কৰিব পৰা নাই। এইযে গ্ৰহণ কৰিব পৰা নাই, তেওঁলোক কিন্তু সমাজবাদী বুলি ভুল কৰাটো উচিত নহয়, এইসকল বিশুদ্ধ ৰোমান্টিক ভাৱবাদী ব্যক্তি। এইসম্পৰ্কে মই সদ্যপ্ৰকাশিত “ডিষ্টিটিউট শব্দ” শীৰ্ষক গ্ৰন্থখনৰ পাতনিতে উল্লেখ কৰিছিলো যে, “যোৱা বাইশটা বছৰে অসমে ইতিহাসৰ সকলো সময়ৰ তুলনাতেই আটাইতকৈ দ্ৰুতগতিত অৰ্থনৈতিক পট পৰিৱৰ্তনক স্বীকাৰ কৰি লৈছে। তাৰ সমান্তৰালভাৱে আজিকোপতি চলি আছে পুঁজিবাদী অৰ্থনীতি আৰু প্ৰাচীন আদৰ্শসমূহৰ মাজৰ এটা চিৰপৰিচিত দ্বন্দ্ব।”[1] এই দ্বন্দ্বটো বুজি পোৱাটো আমাৰ সমাজখনৰ গতিধাৰাক বুজি পোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

       পুঁজিবাদে সংস্কৃতি আৰু সংস্কৃতিৰ উপাদানসমূহলৈ যিসমূহ পৰিৱৰ্তন কৰি আনে, সেই পৰিৱৰ্তনৰ মূলগত কথাটো হৈছে সংস্কৃতিক ই এটা বজাৰীকৃত ব্যৱস্থালৈ ৰূপান্তৰ কৰি তোলে। এই বজাৰীকৰণৰ ধাৰণাটোক আমি পোনচাতেই গালি পাৰি আঁতৰাই দিয়াটো কোনোপধ্যেই বুদ্ধিমানৰ কাম নহব। যিসকল অত্যন্ত ভাৱবাদী ব্যক্তিয়ে এই বজাৰীকৰণৰ ধাৰণাক পোনচাতেই নস্যাত কৰিবলৈ চেষ্টা কৰে, তেওঁলোকে সমাজ বিকাশৰ এই বিৱৰ্তনৰ সম্পৰ্কে সচেতন নহয়। এই অসচেতনতাৰ মূল কাৰণ হৈছে তেওঁলোকৰ সমাজৰ সম্পৰ্কে ধাৰণা খুব কম। যি কি নহওঁক, সংস্কৃতিৰ বজাৰীকৰণ পুঁজিবাদৰ এটা এৰাব নোৱাৰা অংশ, ইয়াক আমি ভাল পাওঁ বা বেয়া পাওঁ সেয়া নিতান্তই অপ্ৰয়োজনীয় কথা। ই এটা চিৰশ্বাশ্বতঃ সত্য।

“সমাজৰ এই দ্বন্দ্বটোত কোন জিকিব? উত্তৰটো তেনেই সহজ। নিতান্তই নব্য সংস্কৃতিটো। এই উত্তৰটো আমি বিচাৰোঁ বা নিবিচাৰোঁ তাৰ প্ৰতি দায়বদ্ধ নহয়।”[2]

প্ৰকৃত প্ৰশ্নটো কি হোৱা উচিত?

সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে আজি এটা খুবেই অনুপ্ৰেৰণাদায়ক কাহিনী শ্বেয়াৰ কৰিছে। থুলমূলকৈ কাহিনীটো এনেধৰণৰ— ঢকুৱাখনাৰ পুঠিমাৰীৰ ব্যৱসায়ী শ্ৰীযুত বুলু দাসে আজি ঢকুৱাখনাৰ চাৰিকড়ীয়াৰ পাৰত বহা বজাৰত প্ৰতি বছৰৰ দৰে ২০০ টেকেলী ম’হৰ দৈ গাখীৰ বিক্ৰী কৰিছে। দীৰ্ঘদিন ধৰি এই ব্যৱসায়ৰ সৈতে জড়িত শ্ৰীযুত দাসৰ গাখীৰৰ টেকেলী সমগ্ৰ অঞ্চলটোতে বিখ্যাত। সাংবাদিক সন্দিকৈয়ে মন্তব্য কৰিছে, “তেওঁ নজনাকৈয়ে তেওঁ দিয়া ম’হৰ গাখীৰ এটা ব্ৰেণ্ড হৈ পৰিছে । বাতি ভৰাই দৈ চিৰা খাবলৈ বুলু দাসৰ ম’হৰ দৈতকৈ উত্তম একো হ’ব নোৱাৰে।”[3]

       এই কাহিনীটোক আমি কিয় এই শিতানটোৰ আলোচনাৰ আৰম্ভনিতেই উল্লেখ কৰিছো তাৰ এটা কাৰণ আছে। এই কাৰণটোৱেই দৰাচলতে আমাৰ সমগ্ৰ আলোচনাটো। প্ৰশ্নটো হৈছে যে পুঁজিবাদে সংক্ৰমিত কৰা (Infiltrate) আমাৰ সংস্কৃতিক আমি কিধৰণেৰে গ্ৰহণ কৰিম আৰু ইয়াৰ যোগেদি আমি কেনেধৰণৰ সপোন দেখিব পাৰোঁ? পুঁজিবাদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে ই এখন নিষ্ঠুৰ প্ৰতিযোগিতাৰ স্থলী। এই প্ৰতিযোগিতাখন ইমানেই নিষ্ঠুৰ যে ইয়াৰ প্ৰতিযোগিতাৰ মাজত যদি কোনোবা টিকি থাকিব নোৱাৰে, তেন্তে তাৰ পৰিণাম এটাই— মৃত্যু। পুঁজিবাদৰ এই প্ৰৱণতাৰ বাবেই ই বজাৰ একাধিপত্য (Market Monopoly)ৰ দৰে বিষয়সমূহ অতি সচেতনভাৱে আলোচনা কৰা হয়।

       গতিকে কেইটামান কথাত আমি স্পষ্ট হোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আমাৰ সংস্কৃতিৰ বহুকেইটা উপাদান ইতিমধ্যেই বজাৰীকৃত হৈ পৰিছে আৰু লাহে-লাহে বজাৰ দখল কৰিবলৈও আগবাঢ়িছে। উদাহৰণস্বৰূপে আমি Xaaj ৰ কথা ক’ব পাৰোঁ। উন্নতমানৰ বটলিংৰ যোগেদি ইতিমধ্যে Xaaj নামৰ ব্ৰেণ্ডটো বজাৰলৈ আহিছে আৰু ৰাইজেও আদৰ কৰা দেখা পোৱা গৈছে। সেইদৰে চিৰা-পিঠাৰ দৰে জলপানসমূহেও কেতিয়াবাই অসমৰ বজাৰ দখল কৰিছে। বিভিন্ন আত্মসহায়ক গোটৰপৰা আৰম্ভ কৰি থলুৱা উদ্যোগীয়ে ইতিমধ্যে সেইসমূহ জলপান বজাৰলৈ উলিয়াই দিছে আৰু ৰাইজেও সেইসমূহক গ্ৰহণ কৰিছে। ব’হাগ বিহুৰ সময়ত পৰুৱাৰ টোপ, মাখিয়তী, দীঘলতি আদি উপাদানসমূহক গুৱাহাটীকে ধৰি বিভিন্ন নগৰাঞ্চলত বিক্ৰী কৰা হয়। মাঘ বিহুৰ মেজি এই তালিকাখনৰ শেহতীয়া উপাদান। আমি আশা কৰিম যে এইসমূহ উপাদানৰ ব্ৰেণ্ডিং হওঁক আৰু বজাৰখন ভালকৈ দখল কৰক। সমান্তৰালভাৱে গ্ৰাম্যাঞ্চলত পৰম্পৰাগত মেজি, চিৰা-পিঠা, লুকলাও-নামলাও চলি থাকিব, কিন্তু একেসময়তে নগৰাঞ্চলৰ চাহিদা পূৰণ কৰিবলৈও এইবোৰৰ সফল বাণিজ্যিকীকৰণ হোৱাটো সময়ৰ দাবী।

[1] দুৱৰা, নিকু (২০২২). ডিষ্টিটিউট শব্দ, বনলতা, পৃষ্ঠাঃ ৭

[2] উল্লিখিত গ্ৰন্থ, পৃষ্ঠাঃ ৭

[3] সন্দিকৈ, মৃদুল কুমাৰ (২০২৩). বাতি ভৰাই চিৰা লৈ খাই চাওক বুলু দাসৰ দৈ, উত্সঃ shorturl.at/kxHY3

 

লেখক নিকু দুৱৰা এগৰাকী যুৱ নিৱন্ধকাৰ। দূৰভাষ – 6901 504 052

নিকু দুৱৰা

নিকু দুৱৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd