প্ৰসঙ্গঃ মানসিক নিৰ্যাতনকাৰী— “সমাজৰ নীৰৱ কিন্তু পৈশাচিক নৃশংস হত্যাকাৰী”

“এইখন ফটোকেই কভাৰ পেজত দিব” – প্ৰকৃত বয়সতকৈ প্ৰায় ১০-১৫ বছৰ বেছি যেন লগা দেউতাকজনে একমাত্ৰ জীয়ৰীৰ ফটো এখন আমালৈ আগবঢ়াই দি ক’লে। এমোকোৰা হাঁহি, চকুত গোলাকাৰ আকৃতিৰ মুখমণ্ডল আৰু চুটিকৈ কটা চুলিখিনিৰ সৈতে খাপ খাই পৰা চশমাযোৰৰ সৈতে স্কুলৰ বেজ সম্বলিত ব্লেজাৰ পৰিহিতাৰ ফটোখন চাই থাকোতে পাহৰিয়েই গৈছিলোঁ যে তাই এতিয়া আৰু এইখন পৃথিৱীত নাই। ডিঙিত ওলমি থকা আইকাৰ্ডখনত স্কুলৰ নামটো স্পষ্টকৈ জিলিকি আছে ফটোখনত। “তাই গোলাপ ফুল খুউব ভাল পাইছিল, গতিকে ফটোখনৰ চাৰিওফালে গোলাপেৰে সজাই কভাৰ পেজটোত দিব পাৰিব নহয়?” এইবাৰ মাকে ক’লে। মই মাত্ৰ ক’লো, “হ’ব।”

জীৱনৰ ৰং, সুগন্ধইচোন তেওঁলোকৰ জীৱনৰ পৰা হেৰাই গ’ল। তথাপি এটা বঁটা আগবঢ়াইছে তাইৰ স্মৃতিত দূৰ্ভগীয়া পিতৃ-মাতৃহালে। তাৰে লগত সংগতি ৰাখি সৰুকৈ স্মৃতিগ্ৰন্থ এখন প্ৰকাশ কৰিব বিচাৰিছে। তাৰে দায়িত্ব আমাক দিব বিচৰাত ঘৰখনত আমাৰ পদাৰ্পণ ঘটিছিল। জীয়ৰীৰ মৃত্যুত যেন সময়বোৰ ৰৈ গৈছিল তেওঁলোকৰ। এটি বিৱৰ্ণ পুৰণি ঘৰ। বহুদিন চূণ-তেল দিয়া নাই। ঘৰৰ পৰ্দা, চোফাৰ কাপোৰ সকলো পুৰণি কিন্তু চাফ-চিকুণ। পিতৃ-মাতৃহালে কঢ়িয়াব লাগে বাবেই যেন জীৱন দুটি কঢ়িয়াই ফুৰিছে। মাকে এখিনি ফটো আমাৰ হাতত দিলেহি। পুৰণি ফটো। জন্মৰ সময়ৰ, অন্নপ্ৰাসন্ন, প্ৰথমটো জন্মদিন, মিচিকিয়া হাঁহিৰে স্কুলৰ ইউনিফৰ্মত পিঠিত বেগ, ডিঙিত আইকাৰ্ড, ৱাটাৰ বটল, ভৰিত চিকচিকিয়া জোতাৰে প্ৰথম স্কুললৈ যোৱা দিনটোত তোলা ফটো আৰু …. “এইখিনি ফটো আপোনাৰ ‘হোৱাটচ্এপ’ত দিছোঁ, পাছত চাই ল’ব,” দেউতাকজনে ক’লে। ময়ো সন্মতি জনাই তেওঁলোকৰ পৰা বিদায় ল’লোঁ।

ঘৰলৈ আহিহে চালোঁহি তাইৰ মৃত্যুৰ পাছৰ দুখনমান ফটো পঠাইছিল মোৰ ম’বাইলত। জীৱনটো আৰম্ভ হোৱাৰ পূৰ্বেইচোন শেষহৈ গ’ল তাইৰ জীৱনটো। নাকত কপাহ, বগা কাপোৰৰ ওপৰত অজস্ৰ ফুল। অন্তিম শয়নৰ ফটো। তথ্যনুসৰি তাই আঁতৰি যোৱা বছৰৰ লেখেৰে প্ৰায় ৫ বছৰ অতিক্ৰম কৰিলে। আচলতে এই পৃথিৱীৰ পৰা তাই নিজেই আঁতৰি গৈছিল। ভয়ংকৰ সিদ্ধান্ত গ্ৰহণৰ দিনটোত স্কুলৰ পৰা ঘৰলৈ অহাৰ পৰিৱৰ্তে স্কুলৰে পঞ্চম মহলাৰ পৰা তললৈ জপিয়াই দিছিল।
বিভিন্ন সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী, টি. ভি. চেনেলৰ ব্ৰেকিং নিউজ, বাতৰি কাকতৰ শিৰোনাম আৰু সামাজিক মাধ্যমত আলোচনাৰ অন্তত এদিন সকলো স্বাভাৱিকতেই নিৰৱ হৈ পৰিছিল। মাথো সজীৱ হৈ থাকিল তাই পিতৃ-মাতৃহালৰ স্মৃতিত। স্কুলৰ অধ্যক্ষা গ্ৰেপ্তাৰৰ সন্মুখীন হৈছিল যদিও স্বাভাৱিকতা আহিবলৈ বেছি দিনৰ প্ৰয়োজন নহ’ল।

বিগত বৰ্ষৰ ডিচেম্বৰ মাহটোতেই তেজপুৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ লগতে গুৱাহাটীৰ মডাৰ্ণ ইংলিচ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হৈছিল। এনেধৰণৰ দূৰ্ভাগ্যজনক ঘটনাসমূহৰ যৱনিকাৰে সমাধানৰ সংক্ৰান্তত উচ্চপদস্থ আৰক্ষী বিষয়া, প্ৰশাসনিক বিষয়া আৰু মনোৰোগ বিশেষজ্ঞৰ লগতো আলোচনা কৰিছিলোঁ। এনেধৰণৰ ছাত্ৰীৰ আত্মহত্যাৰ সামগ্ৰিক প্ৰেক্ষাপটটো সাধাৰণতে “প্ৰেমজনিত” বুলিয়েই বিষয়টো সামৰি থৈ দিয়া হয়। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গুৱাহাটীতে আত্মহত্যাৰ সংখ্যা অসমৰ ভিতৰত অত্যাধিক। তাৰে বেছি সংখ্যকেই কম বয়সীয়া যুৱক-যুৱতী। তাৰ ভিতৰত ছাত্ৰ-ছাত্ৰীও আছে।

আমি প্ৰথমতেই যিগৰাকী ছাত্ৰীৰ কথা উনুকিয়াইছোঁ তাই ভয়ংকৰ ঘটনাটো সংঘটিত কৰাৰ সময়ত একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল। অধ্যক্ষা, দুগৰাকী শিক্ষয়িত্ৰী আৰু শ্ৰেণীৰে কেইগৰাকীমান “চামচা-টাইপ” সহপাঠীৰ মানসিক অত্যাচাৰৰ বাবে আত্মহত্যাৰ পথত ভৰি দিবলৈ বাধ্য হৈছিল বুলি তেতিয়াই শুনিছিলোঁ।

অসমৰ আত্মহত্যাৰ তথ্যসমূহ লক্ষ্য কৰিলে দেখা যায় যে কম বয়সীয়া ছাত্ৰতকৈ ছাত্ৰী আৰু চৰকাৰীৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ সংখ্যা অধিক। উচ্চ-শিক্ষা প্ৰতিষ্ঠানত আকৌ চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ পাৰ্থক্য নাই। চাৰিওফালে দেৱাল, নিজা নিৰাপত্তাৰক্ষীৰে পৰিবেষ্টিত বিশাল অত্যাধুনিক অট্টালিকাৰ ভিতৰত নিয়মানুৱৰ্তিতা আৰু অধিক নম্বৰ প্ৰাপ্তিৰ দৌৰ অব্যাহত থাকে। স্বাভাৱিকতেই তাত বৰ্তমান পৰিস্থিতিত পৰিপ্ৰেক্ষিতত কাৰো আপত্তি নাই। কিন্তু ছাত্ৰ-ছাত্ৰীক মানসিক অত্যাচাৰৰ মাজেৰে আত্মহত্যাৰ দৰে পথত ভৰি দিবলৈ বাধ্য কৰা একাংশক স্বাভাৱিকতেই নাকী লগাব লাগিব। এনে ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ মালিকপক্ষ সাধাৰণতে একোজন পুঁজিপতি হয় আৰু সেইসকলৰ উঠা-বহা উচ্চপদস্থ চৰকাৰী বিষয়া, ৰাজনৈতিক নেতা, প্ৰভাৱশালী ছাত্ৰনেতা আৰু সংবাদ মাধ্যমৰ মালিকপক্ষ পৰ্যন্ত থাকেগৈ। গতিকে একোজন দূৰ্ভগীয়া এনে ঘটনাৰ বলি হোৱাৰ পাছত পিতৃ-মাতৃয়ে ন্যায় লাভৰ পথ কঠিন হয়। প্ৰকৃততে এনে দূৰ্ভাগ্যজনক ঘটনা প্ৰতিহতৰ বাবে কঠোৰ চৰকাৰী দৃষ্টিভংগীৰ প্ৰয়োজন। নম্বৰ, কেৰিয়াৰৰ দৌৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত মানসিক চাপ বৃদ্ধি হয়। আকাংক্ষিত নম্বৰ নাপাই হতাশ হয়গৈ। তাৰবাবে মনোৰোগ বিশেষজ্ঞ, পিতৃ-মাতৃৰ বিশেষ মনোযোগৰ প্ৰয়োজন ঠিকেই। কিন্তু শিক্ষা প্ৰতিষ্ঠানৰ মূৰব্বী শিক্ষক, সহপাঠী ইত্যাদিৰ মানসিক অত্যাচাৰে যাতে আত্মহত্যাৰ পথত ভৰি দিবলৈ বাধ্য কৰিব নোৱাৰে তাৰ বাবে বাস্তৱসন্মত ব্যৱস্থাৱলীৰ প্ৰয়োজনীয়তাৰ কথা প্ৰতিজন সংবেদশীল ব্যক্তিয়ে অনুভৱ কৰে নিশ্চিত ভাৱে।

গুৱাহাটীৰ শেহতীয়াকৈ সংঘটিত অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ পৰৱৰ্তী দুটা দিন আৰক্ষী নিৰৱ হৈ ৰ’ল যাদুকাঠিৰ স্পৰ্শত। যাৰ বাবে উক্ত অধ্যক্ষাগৰাকীয়ে অৰ্ন্তধানৰ সুযোগ পালে। সকলো ছাত্ৰ-ছাত্ৰীকে প্ৰতিনিধিত্বৰ দাবী কৰা “সদৌ অসম ছাত্ৰ সন্থা”ৰ এই ক্ষেত্ৰত সক্ৰিয়তাৰ অভাৱ দূৰ্ভাগ্যজনক। কাৰণ দূৰ্ভাগ্যজনকভাৱে আত্মহত্যাৰ পথত ভৰি দিবলৈ বাধ্য হোৱা ছাত্ৰীগৰাকী যিতো জনগোষ্ঠীৰ, সেই জনগোষ্ঠীৰ সংগঠনেহে প্ৰতিবাদ কৰি থকা দেখা গ’ল। আনফালে বিশ্ববিদ্যালয়ৰ প্ৰৱক্তাৰ দ্বাৰা ছাত্ৰী যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ ঘটনা সময়ে-সময়ে সংবাদ মাধ্যমত প্ৰকাশ পাই থাকেই। এনে কাৰ্যৰ সন্মতি নজনোৱা ছাত্ৰীও তেনে পক্ষৰ পৰা মানসিক নিৰ্যাতনৰ সন্মুখীন হয়।

মনোৰোগ বিশেষজ্ঞ এগৰাকীয়ে আমাক কয় যে, ছাত্ৰৰ তুলনাত যিহেতু ছাত্ৰীসকল বেছি সংবেদনশীল হয়, গতিকে মানসিক আঘাত সহ্যৰ দৃঢ়তা তেওঁলোকৰ কম হয়। জোতা-চেণ্ডেলৰ দৰে বছৰত কেইবাটা বয়ফ্ৰেণ্ড বদলি কৰা একাংশ ছাত্ৰী যেনেকৈ আছে, অত্যন্ত সংবেদনশীল ছাত্ৰীও আছে। এয়া আমি মনত ৰাখিব লাগিব।

শিক্ষানুষ্ঠান একাংশত ছাত্ৰ-ছাত্ৰীয়ে মানসিক হাৰাশাস্তি কৰা সকলৰ বিপক্ষে উপযুক্ত সময়ত অভিযোগ দিব পৰা এক কৰ্তৃপক্ষৰ প্ৰয়োজন। ব্যৱস্থাৱলী এনে হোৱা উচিত যাতে, “হাই প্ৰ’ফাইল”ৰ লগত থকা হলিগলিৰ বাবে অভিযুক্তই উক্ত কৰ্তৃপক্ষক “মেনেজ” কৰিব নোৱাৰে। সেই গুৱাহাটীৰ আত্মহত্যা কৰিবলৈ বাধ্য হোৱা অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভেৰে কোৱা পৰিলক্ষিত হৈছিল যে জামিনবিহীন ধাৰাত গোচৰ পঞ্জীভূত হোৱাৰ পাছতো কেনেকৈ আগতীয়া জামিন লাভ কৰিলে? একেদৰে কিন্তু সুৰাৰ ৰাগীত মাতাল হৈ দুৰ্ঘটনা সংঘটিত কৰা সুকন্যা বৰুৱাই নিশাটোৰ ভিতৰতে জামিন লাভ কৰাত যি প্ৰতিক্ৰিয়া হৈছিল, তেনে প্ৰতিক্ৰিয়া এই জামিন লাভৰ ক্ষেত্ৰত দূৰ্ভাগ্যজনকভাৱে পৰিলক্ষিত বৰ্তমানলৈকে হোৱা নাই। মূলসুঁতিৰ টি. ভি. চেনেল, বাতৰি কাকত সকলোৰে প্ৰতিক্ৰিয়া সুকন্যা বৰুৱাৰ দূৰ্ঘটনাটোৰ তুলনাত একেবাৰে নিস্তেজ। সুকন্যা বৰুৱাৰ দূৰ্ঘটনাৰ গোচৰটোৱে এটা টাৰ্ণিং পইণ্টত আহি উপস্থিত হৈছিলগৈ যেতিয়া জি. এন. আৰ. চি.ৰ বিশিষ্ট চিকিৎসক ড০ নৱনীল বৰুৱাই অভিযুক্তাক আই. চি. ইউ.ত আশ্ৰয় দিয়াৰ অভিযোগত পুলিচে থানালৈ তলৱ কৰিছিল।

“কি হ’ব আজি ড০ বৰুৱাৰ?” বুলি টি. ভি. চেনেলে হেজটেগ ট্ৰেণ্ডটো চলালে। টি. ভি. চেনেলত সততে চৰকাৰৰ দোষ-ত্ৰুটিসমূহ তেওঁ উপস্থিত থকা টক্-শ্ব’ সমূহত সাহসৰে উদঙাই দেখুৱাইছিল। আমাৰ সংগ্ৰহিত তথ্যনুসৰি মাজুলীত ৩৭ খন সত্ৰৰ বিপৰীতে ৬৭ টাকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ গীৰ্জা প্ৰতিষ্ঠা, একাংশ সত্ৰাধিকাৰে গেৰুৱা বসন পৰিধান আদিৰ বিষয়ে সমালোচনা, তথ্যসহ বক্তব্য ৰাখি একাংশ হিন্দুত্ববাদীৰ ৰোষত পৰিছিল। গতিকে সেই গোচৰটোৰ আধাৰত তেওঁৰ ৰাজহুৱা ভাৱমূৰ্তি কলুষিত কৰাত পক্ষটো অতি সক্ৰিয় হৈ পৰিছিল। কিন্তু সেই অধ্যক্ষাগৰাকীৰ ক্ষেত্ৰত এনে “কানেকচন” নাই বাবেই এনেবোৰ সংবাদ মাধ্যম সক্ৰিয় নহ’ল চাগে।

যিকি নহওক নাম প্ৰকাশত অনিশ্চুক এজন শীৰ্ষ বিষয়াই এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই আমাক কয় যে প্ৰকৃত শিক্ষাৰে শিক্ষিত এজন শিক্ষক, এজন অধ্যক্ষৰ পৰিৱৰ্তে শিক্ষা প্ৰদানক বেপাৰ হিচাপে গ্ৰহণ কৰা ভুৱা ডিগ্ৰীধাৰীৰ মানসিক নিৰ্যাতন কৰাৰ মানসিকতা তীব্ৰতৰ হয়। এওঁলোকে “হয় হুজুৰ” প্ৰকৃতিৰ ছাত্ৰ-ছাত্ৰী বাঞ্ছা কৰে। ভুলকৈ পাঠদান কৰিলে শুদ্ধটো আঙুলিয়াই দিয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতি এনেবোৰ ভুৱা ডিগ্ৰীধাৰী আক্ৰোশী হৈ পৰে। আৰম্ভ কৰি দিয়ে মানসিক হাৰাশাস্তি। অধ্যক্ষজন নিৰপেক্ষ ব্যক্তিত্বধাৰী হোৱাৰ ওপৰতো এনে সমস্যা সমাধান বহুক্ষেত্ৰত নিৰ্ভৰ কৰে। কিন্তু যেতিয়া স্বয়ং অধ্যক্ষাই …..।

অলপতে যোৰহাটত পৈশাচিক “কলা ল’ৰা” দলৰ নৃশংস শাৰীৰিক অত্যাচাৰত অনিমেশ ভূঞাৰ কৰুণ মৃত্যু হৈছিল। এনে ঘাতক দৃশ্যমান, কিন্তু তিল-তিলকৈ মানসিক নিৰ্যাতনেৰে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা একাংশ ঘাতক সমাজত কিন্তু ভব্য-গব্য ৰূপতেই ৰৈ যায়। এই বছৰৰ পহিলা জানুৱাৰীৰ দিনাখন মুখ্যমন্ত্ৰীজনে কৈছিল যে এতিয়া ৰাজ্যখনত অপৰাধ কৰিবলৈ চিন্তা কৰিব লাগিব কাৰণ তাৰ শাস্তি নিশ্চিত হৈ আছে। আমাৰ প্ৰশ্ন শিক্ষানুষ্ঠানৰ মানসিক অত্যাচাৰীৰ বিৰুদ্ধে কি শাস্তি নিশ্চিত হৈ আছে? যাৰ বাব ছাত্ৰীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰে।অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননী গোপাল মহন্তই যোৱা বছৰৰ ডিচেম্বৰ মাহতেই ঘোষণা কৰিছিল যে প্ৰায় ১০০০ মান ভুৱা ডিগ্ৰীধাৰীয়ে চাকৰি কৰি আছে অসমত। তাৰে অৰ্দ্ধশতাধিকৰো অধিকক চিনাক্ত কৰাও হৈছে আৰু গ্ৰেপ্তাৰো কৰা হ’ব। কাৰ্যক্ষত্ৰত কিন্তু একো কৰা দেখা নগ’ল। আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ দৃঢ় হস্তক্ষেপত এনেবোৰ সমস্যা সমাধানৰ এক কাৰ্যব্যৱস্থা আশা কৰিব পাৰোনে?নৃশংস পৈশাচিক মানসিক অত্যাচাৰত এনেকৈ নিজকে নিঃশেষ কৰি দিয়া কোনো ছাত্ৰীৰ “স্মৃতিগ্ৰন্থ” প্ৰকাশৰ দায়িত্ব যাতে কোনেও গ্ৰহণ কৰিব লগা নহয়, তাকে আন্তৰিকতাৰে কামনা কৰিলোঁ।