চাৰিওফালে অঘটন! মানুহৰ বাবে নহয় নেকি বিজেপিৰ উলম্ব উন্নয়ন?

মই নিজে আজি কেইদিনমান আগতে নৰ্দমাত পৰিছিলোঁ। নৰ্দমা এটা পাৰ হ’বলৈ চেষ্টা কৰোঁতে পিছল খাই দুখন স্লেবৰ মাজৰ ফাক এটাৰে বুকুলৈকে নৰ্দমাত সোমাই গৈ ককবকাই আছিলোঁ। মোৰ ভাগ্য ভাল আছিল যে মই মূৰলৈকে গেলা পানী আৰু বোকাত সোমাই যোৱা নাছিলোঁ আৰু মই নৰ্দমাত পৰি ককবকাই থাকোঁতে ওচৰৰে ডেকা ল’ৰা এটা আৰু আন এজন বাটৰুৱাই মোক সহায় কৰিবলৈ তৎক্ষণাৎ আগবাঢ়ি আহিছিল।

তেওঁলোক দুয়ো মোক নৰ্দমাটোৰ পৰা টানি উলিয়াই আনিছিল।মই যদি নৰ্দমাটোত তল গ’লোহেঁতেন আৰু তেওঁলোক দুয়ো যদি যথা সময়ত তাত উপস্থিত নহ’লহেঁতেন মোৰ কি হ’লহেঁতেন? ময়ো এটা খবৰ নহ’লোহেঁতেননে? এই দুৰ্ঘটনা হোৱা ঠাইখিনি হৈছে ৰুক্মিনীগাঁও।সেই অঞ্চলটোত আজি দুই/আঢ়ৈ বছৰৰ পৰা তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰি আছে, নৰ্দমা তৈয়াৰ কৰি আছে। সেইফালে গ’লে আপুনি অৰ্দ্ধ-নিৰ্মিত নৰ্দমা আৰু ৰাস্তা দেখা পাব। অঞ্চলটোৰ মানুহেহে জানে আজি কিমানদিন ধৰি তেওঁলোকে কি জীয়াতু ভুগি আছে? মই নিজেইতো তাৰ ভুক্তভোগী।কেৱল ৰুক্মিনীগাঁওহেনে?

গোটেই গুৱাহাটীত তেনে আৰু কিমান ঠাইত খনন নিৰ্মাণ চলি আছে! কিয় আপোনালোকে সৰু মতৰীয়ালৈ গৈ চাবচোন তাত এতিয়া কি এক কদৰ্য অৱস্থা! মন কৰিব এইটো গুৱাহাটীৰে নহয়, সমগ্ৰ ৰাজ্যখনৰে অৱস্থা।ৰাজ্যখন কিয় সমগ্ৰ দেশখনৰে অৱস্থা।আজি দুদিন নে এদিন আগতে এইবোৰ কথাৰ লগতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত বিষয় লৈ ‘দেশভক্ত’ খ্যাত ৰাজনৈতিক ব্যংঙ্গকাৰ আকাশ বেনাৰ্জীয়ে এট তথ্যসমৃদ্ধ ভিডিও কৰিছিল।

এই চৰকাৰে মানে মোদী চৰকাৰে এতিয়ালৈ আন্তঃগাঁথনিত যিমান ধন খৰচ কৰিছে ইয়াৰ আগলৈ কোনো চৰকাৰে সিমান ধন খৰচ কৰা নাছিল।আন্তঃগাঁথনি মানে কি ? ৰাস্তা, বন্দৰ, বিমান বন্দৰ, ৰেল, দলং, উৰণীয়া সেতু, অট্টালিকা আদি। মানে প্ৰকাণ্ড প্ৰকাণ্ড নিৰ্মাণ কাৰ্য। মোদীৰাজৰ আদৰ্শ হ’ল উলম্ব উন্নয়ন(Vertical development)।এইবোৰৰ খৰচ কিমান? লাখ লাখ কোটি। আকাশ বেনাৰ্জীয়ে তথ্যপাতি দি সেইবোৰৰ সবিশেষ দিছে।কি আন্তঃগাঁথনি বেয়া বস্তু নেকি? মুঠেই নহয়। আন্তঃগাঁথনি নহ’লে বিকাশ হ’ব ক’ৰ পৰা! কিন্তু আন্তঃগাঁথনিৰ বাবে আন্তঃগাঁথনি নে মানুহৰ বাবে আন্তঃগাঁথনি? আন্তঃগাথনি কৰিবলৈ যাওঁতে তাৰ লগত জড়িত আন কথাবোৰ আমি বিৱেচনা কৰি চাইছোঁনে নাই? সেই কথাবোৰ কি?

প্ৰথম কথা এই প্ৰকল্পবোৰৰ বহনশীল উন্নয়নৰ(sustainable development)ৰ ধাৰণাৰ লগত মিল আছেনে? তাৰ অৰ্থ হ’ল আমি কিমান পইছা খৰচ কৰি কিমান মানুহৰ উন্নতি কৰিছোঁ আৰু এই প্ৰকল্পবোৰ পৰিৱেশ অনুকূল হয়নে? ভৱিষ্যত পুৰুষৰ বাবে এই প্ৰকল্পবোৰ ইতিবাচক নে নেতিবাচক? এই প্ৰকল্পবোৰ কৰিবলৈ যাওঁতে আমি দুখীয়া, নিচলা আৰু জনজাতীয় মানুহক তেওঁলোকৰ বাসস্থান বা কৃষিভূমিৰ পৰা উচ্ছেদ কৰিছোঁ নেকি? বা এই প্ৰকল্পবোৰে আমাৰ দেশৰ নিবনুৱা সমস্যা সমাধানত কিবা সহায় কৰিছেনে নাই ? এইবোৰৰ উপৰিও আন্তঃগাঁথনি প্ৰকল্পৰ ক্ষেত্ৰত আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল এই প্ৰকল্পবোৰ গুণগতভাৱে মজবুট হয় নে নহয়? প্ৰথম কথা যোৱা দহটা বছৰে তেওঁলোকে যি উলম্ব উন্নয়নৰ আঁচনি লৈছে সি ভৱিষ্যতৰ কথা ভাবি কৰা এক সৰ্বঢাক পৰিকল্পনাৰ অংশ নে নিৰ্বাচন জিকিবলৈ মানুহক চমক দিবলৈ সৃষ্টি কৰা নাইবা মোদী যুগ চিৰস্মৰণীয় কৰিবলৈ কৰা এক প্ৰয়াস?

এই যে নতুন সংসদ ভৱন নিৰ্মাণ কৰিছে, দিল্লীৰ নেশ্যনেল মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট ভাঙি পেলাইছে, দিল্লীৰ মাজ মজিয়াত থকা ইন্দিৰা গান্ধী নেশ্যনেল চেন্টাৰ ফৰ দা আৰ্ট ভাঙি পেলাইছে? প্ৰগতি ময়দানৰ বিখ্যাত প্ৰকাণ্ড প্ৰকাণ্ড প্ৰদৰ্শনী গৃহবোৰ ভাঙি আকৌ নতুনকৈ কৰিছে। এইবোৰৰ অৰ্থ কি? নেহৰু-ইন্দিৰা যুগৰ স্মৃতি মচি পেলোৱাৰ অভিপ্ৰায় নেকি এইবোৰ? আৰু এটা কথা। তেওঁলোকে যিমান চৌখিন কাম কৰিছে, তাত যিমান ধন খৰচ কৰিছে তাৰ বিনিময়ত মানুহক উপযুক্ত কৰ্মসংস্থান দিব পাৰিছেনে? উপযুক্ত কৰ্মসংস্থান মানে শিক্ষা আৰু দক্ষতা অনুযায়ী দিয়া কৰ্মসংস্থান নে এইবোৰ কেৱল কেইজনমান বণিয়াক ধনী কৰি তেওঁলোকৰ পৰা বিজেপিৰ পুঁজিলৈ চান্দা লোৱাৰ ফন্দি? কিয় নিৰ্বাচনী বণ্ডত এওঁলোকৰ নাম ওলোৱা নাই জানো? আটাইতকৈ ডাঙৰ কথা লাখ লাখ কোটি খৰচ কৰি নিৰ্মাণ কৰা প্ৰকল্পবোৰ গুণগতভাৱে কিমান মজবুট?

সৌ সিদিনা আমাৰ গুৱাহাটী বিমান বন্দৰ ফুটিছিল। এতিয়া দিল্লীকে ধৰি চাৰিওফালে বিমান বন্দৰ ফুটিব, খহিব ধৰিছে।ৰাম মন্দিৰৰ মুধচ ফুটিছে। নতুনকৈ সজা দলং আৰু উৰণীয়া সেতু ইখনৰ পিছত সিখন খহি পৰিব ধৰিছে। যোৱা বছৰ উত্তৰাখণ্ডৰ গোটেই যোশীমথ চহৰখনেই বহি গৈছিল।কাক দিছিল তাৰ ঠিকা? ৰেল দুৰ্ঘটনাতো এতিয়া এটা নিত্যনৈমিত্তিক ঘটনা হৈ পৰিছে। মই যেনিবা ৰুক্মিনী গাঁওৰ নৰ্দমাত পৰি নমৰিলোঁ। কিন্তু আপোনালোকে খবৰ ৰাখিছেনে মোদীৰ ভাৰতত প্ৰতিদিনে নৰ্দমাত পৰি দুজনকৈ মানুহৰ মৃত্যু হয়। এতিয়া মোদীৰ উলম্ব উন্নয়নৰ বানে আমক সকলোকে উটুৱাই নিব নেকি?