কিয় ৰাজনীতি ইমান লেতেৰা আৰু তৰল পৰ্যায়লৈ গৈছে

ভাবিলে আচৰিত লাগে যে এতিয়া ৰাজনীতি ইমান লেতেৰা আৰু তৰল পৰ্যায়লৈ গৈছে ।ৰাজনীতিৰ উদ্দেশ্য কি হোৱা উচিত আছিল? মানুহৰ, সকলো মানুহৰ সাৰ্বিক উন্নয়ন।সকলো অনুশীলনক( disciplines) সমৰ্থন।হয়, ঘূৰি হাজাৰ হাজাৰ বছৰ জুৰি ৰাজনীতি ক্ষমতাৰ খেল হৈ আহিছে।ৰাজনীতিক যিমানেই চক্ৰান্তকাৰী নহওক কিয় মুখত কিন্তু সকলোৱে মানুহৰ কল্যাণৰ কথাই কয়। এতিয়া ভাৰতৰ ৰাজনীতি যি বিভাজনৰ চাকনৈয়াত পৰিছে ইয়াৰ আগতে বোধহয় সেইটো হোৱা নাছিল। হোৱা নাছিল বুলি কেan editorial by paresh malakarনেকৈ কওঁ?

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়তেচোন বিভাজনৰ ৰাজনীতিৰ ফলত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল! কিমানে নৰক যন্ত্ৰণাৰ মাজত দিন কটাব লগা হৈছিল।আমি সাধাৰণতে দেখা পাওঁ, ৰাজনীতিত অন্তৰ্মুখিতা নহয় বহিৰ্মুখিতাৰহে গুৰুত্ব। ৰাজনীতি নিজ নহয় আন কেন্দ্ৰিক।মোৰ, মোৰ দলৰ সকলো ঠিকেই আছে। কৰিবলগীয়া একো নাই।বেলেগে ভাল কৰা নাই বাবেহে দেশৰ/ৰাজ্যৰ ভাল হোৱা নাই।কিন্তু তাৰ ব্যতিক্ৰম নোহোৱা নহয়।তাৰ উদাহৰণ গান্ধী।তাৰ উদাহৰণ মেন্ডেলা, তাৰ উদাহৰণ মাৰ্টিন লুথাৰ জুনিয়ৰ।এই কথাবোৰ মনলৈ আহিছে কেইখনমান কিতাপৰ প্ৰসংগত। সেই কিতাপ কেইখন আমাৰ আজিৰ অভিশপ্ত সময়ৰ বাবে বৰ প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ।

আজি নিলয় দত্ত আমাৰ মাজত নাই। আজিৰ পৰা কেইবছৰমান আগতে তেওঁ ‘কা’ নে ‘এন আৰ চি’ক লৈ সাহিত্য সভা ভৱনত এখন সৰু সভা পাতিছিল।তাত মই প্ৰথমবাৰৰ বাবে অমন ওৱাদুদ নামৰ যুৱকজনক লগ পাইছিলোঁ। সপ্ৰতিভ যুৱকজনৰ কথা শুনি ভাল লাগিছিল। পিছত জানিছিলোঁ অমন ‘ফুলব্ৰাইট স্কলাৰশ্বীপ’ পোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা।সময়ত অমন মোৰ বন্ধু হৈ পৰিল।অমনে মোক বহুদিনৰ পৰা এখন কিতাপৰ কথা কৈ আছিল। কিতাপখন হ’ল ‘Silence: The Power of Quiet in a World Full of Noise’, লেখক টিক নাট হান(Thich Nhat Hanh)। সৰু কিতাপ। পঢ়িবলৈ সহজ, কিন্তু কিতাপখনৰ কথাবোৰ হৃদয়ংগম কৰাটো ইমান সহজ নহয়। কিতাপখনৰ কেন্দ্ৰীয় বিষয়টো হ’ল ‘Mindfulness’ মানে ‘মনোযোগ’। তাত বাৰে বাৰে উল্লেখ কৰা কথাবোৰ হৈছে ‘উশাহ’, ‘নিশাহ’ আৰু ‘নীৰৱতা’। অনবৰতে ৰাজনীতিয়ে দহি থকা মানুহে, অফিচৰ কাম আৰু ঘৰুৱা জঞ্জালে কাবু কৰা মানুহে কেনেকৈ সেইবোৰ উত্তেজনা(tension)ৰ পৰা উপশম পাব পাৰে, মুক্ত হ’ব পাৰে তাৰ উত্তম সমাধান দিয়া আছে কিতাপখনত।এতিয়া ভাবি চাই দেখিছোঁ গান্ধীজীয়ে কিয় মাজে মাজে নীৰৱতা অৱলম্বন কৰিছিল আৰু উপবাস দিছিল। আমি আমাৰ সকলো সমস্যাৰ কাৰণ বেলেগত দেখোঁ। নিজৰ মাজত একো গণ্ডগোল নাই বুলি ভাবোঁ।ৰাজনীতিক সকলৰতো কথাই নাই।তেওঁলোকে মনটোক শান্ত,শীতল কৰাৰ কথা কেতিয়াবা ভাবেনে?এটা কথা মনত পৰিছে। আজিৰ পৰা ৪০/৪৫ বছৰ আগতে গোপাল পাঠক নামৰ এল আই চিত কাম কৰা মানুহ এজন আছিল। তেওঁ শান্তিপুৰৰ বাবুপিতাহঁতৰ ঘৰত ভাৰা আছিল।তেওঁৰ লগত আমাৰ দেউতা, বাবুপিতাহঁতৰে নহয় চুবুৰীৰ আন মানুহবোৰৰো বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল।তেওঁ মাজে মাজে আমাৰ গাঁৱলৈও গৈছিল। ভাগৱত পঢ়িছিল।গোপাল পাঠক অহাৰ দিনা আমাৰ চুবুৰীটো যেন উজ্জ্বল হৈ পৰিছিল।গোপাল পাঠকে কেতিয়াবা উপবাসে থাকি গোটেই দিনটো নীৰৱতা অৱলম্বন কৰিছিল। চুবুৰীৰ আন মানুহবোৰো হাতত সাৰে ভৰিত সাৰে আহি তেওঁৰ পিছফালে বহিছিল। হানে কৈছে পাৰিবেশিক নীৰৱতা ভাল,কিন্তু বাহ্যিক নীৰৱতাৰে নহ’ব আমি মনটো নীৰৱ কৰিবলৈ শিকিব লাগিব।এই যে এটা বিৰামহীন ৰেডিঅ’ৰ শব্দৰ দৰে অনবৰতে নানান চিন্তাই আমাৰ মনটো কোবাই থাকে, তাক আমি বন্ধ কৰিব পাৰিব লাগিব।তাৰ উপায়ো তেওঁ দিছে।সেই বিষয়ে সবিশেষ আলোচনা পিছত।এই কিতাপখন পঢ়ি থাকোঁতে ফেইচবুকত কবি কাজি নীলৰ ওৱালত এখন আকৰ্ষণীয় কিতাপৰ ছবি দেখিলোঁ। কিতাপখনৰ নাম ‘In The Bazaar of Love: Selected Poetry of Amir Khusrau’। লগে লগে কিতাপখন অনালোঁ। আমিৰ খুচৰুৰ কবিতাবোৰ ইংৰাজীলৈ অনুবাদ কৰিছে পল ই লুজেনস্কি( Paul. E. Losensky) আৰু সুনীল শৰ্মাই।লুজেনস্কি ব্লুমিংটনৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অনুবাদ অধ্যয়ন আৰু ফাৰ্চী ভাষাৰ সহযোগী অধ্যাপক।শৰ্মাই বচটন বিশ্ববিদ্যালয়ত ফাৰ্চী আৰু ভাৰতীয় সাহিত্য পঢ়ুৱায়।কিতাপখনৰ ৪৩ পৃষ্ঠাৰ আগকথা পঢ়ি মই বিচুৰ্তি খালোঁ।ত্ৰয়োদশ শতিকাৰ ভাৰত। মদমত্ত ৰজা, ক্ষমতাৰ খকত সাধাৰণ মানুহৰ ওপৰত কি নিৰ্যাতন? তাৰ মাজতো মধ্য যুগত চুফী সন্তৰ সাধাৰণ মানুহৰ মাজত প্ৰেম, দয়া, মমতাৰ বাণীৰ প্ৰচাৰ। সমগ্ৰ ভাৰতৰ চুকে-কোণে ভক্তি আন্দোলনৰ আৰম্ভণি।খুচৰুৰ বিষয়ে পঢ়ি থাকোঁতে বাৰে বাৰে আহিছে হজৰত নিজামুদ্দিন আওলিয়াৰ কথা।কিয়নো আমিৰ খুচৰু নিজামুদ্দিনৰ শিষ্যহে আছিল। হজৰৎ নিজামুদ্দিন মানে পূৱ দিল্লীৰ সেই নিজামুদ্দিন ৰেলৱে ষ্টেচন, নিজামুদ্দিন দৰগাহ! দিল্লীত ইমান বছৰ থাকিলোঁ।কিমানবাৰ নিজামুদ্দিন ষ্টেচনৰ পৰা ৰেল ধৰি আগ্ৰা আৰু ক’লৈ ক’লৈ নগ’লোঁ, অথচ হজৰত নিজামুদ্দিনৰ দৰগাহ দৰ্শন নকৰিলোঁ, বিখ্যাত চুফি সন্ত, আমীৰ খুচৰুৰ গুৰুৰ বিষয়ে একো নাজানিলোঁ।মনত পৰিল এটা নাম। ৰাজিউদ্দিন অকিল। দিল্লীত অৰূপে, এতিয়াৰ খ্যাতনামা ইতিহাসবিদ অৰূপজ্যোতি শইকীয়াই মোক চিনাকি কৰি দিছিল ৰাজিৰ সৈতে, আজিৰ পৰা ২৭ /২৮ বছৰ আগতে মুণিৰ্কাত। ৰাজি মোৰ ঘৰলৈ আহিছিল। ৰাজি এতিয়া দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক, এজন চুফি পণ্ডিত।তেওঁৰ লগত যোগাযোগ কৰিলোঁ।তেওঁ যিখন কিতাপৰ নাম দিলে সেইখন হ’ল জিয়াউল হাচান ফাৰুকীৰ ‘Fawa al-Fuad: Spiritual and Literacy Discourses’।কিন্তু কিতাপখন এতিয়া নাই। মই নানান প্ৰবন্ধ কৰি কিন্তু মেহৰু জাফাৰৰ ‘The Book of Nizamuddin Aulia’ খন যোগাৰ কৰিলোঁ।

কিতাপখনৰ পাতনি লিখিছে বিখ্যাত পাকিস্তানী চুফি গায়িকা আবিদা পাৰবিনে।আবিদা পাৰবিন আৰু নাচিব’ লালৰ ‘টু জুম’ কি সুমধুৰ চুফি সংগীত! ইতিমধ্যে পৃথিৱীৰ কোটি কোটি মানুহে এই সংগীতটো উপভোগ কৰিছে।আন এখন কিতাপ হ’ল বেলা উপাধ্যায়ে সম্পাদনা কৰা ‘One Who Serves Becomes The Master: Life Lessons From Hazrat Nizamuddin’ । নাজিমুদ্দিনৰ কেইটামান প্ৰখ্যাত উক্তি – ‘Women are equally endowed with spiritual power and talent. They are equal to men in spiritual discipline’, Self-criticism and quarrel with one’s own self is better than seventy years of prayers’ আৰু ‘One who serves becomes the master’ এই বাণীবোৰে কি সূচায়? আকৌ, আমিৰ খুচৰুৰ কবিতাৰ প্ৰতীকবোৰো কি গভীৰ উপলব্ধিৰ প্ৰকাশ! এফালে ইতিহাসত অত্যাচাৰী শাসক – সকলো ধৰ্মৰ আৰু আনফালে গৌতম বুদ্ধ, যীশু, হজৰত মহম্মদ,নিজামুদ্দিন আওলিয়া, আমিৰ খুচৰু, নানক, শংকৰদেৱ, গান্ধীৰ পৰা হানলৈ পকীয়া আওপকীয়াকৈ, তেওঁলোকে ত্যাগ, দয়া, মমতা আৰু প্ৰেমৰ কথাই কোৱা নাইনে? আৰু ৰাজনীতিৰ নামত ভাৰতত, অসমত কি হৈ আছে? ইজৰাইলে কি কৰিছে?