আমাৰ ঘৰটো দুটা শোৱনী কোঠাৰ, মানে তিনিটা কোঠাৰ এটা সৰু ঘৰ। তাৰে , কিতাপেই এটা কোঠা দখল কৰি বহিছে। আৰু কিতাপ আহিয়েই আছে। একোজন লেখকৰ কিতাপ পঢ়াৰ অৰ্থ কি? একোজন লেখকৰ কিতাপ পঢ়াৰ অৰ্থ কেৱল এজন লেখকক জনা নহয়। এটা বিষয়ৰ সম্পৰ্কে অনুসন্ধানহে। এটা বিষয় সম্পৰ্কে আপুনি কেনেকৈ অনুসন্ধান কৰিব? অন্যান্য কথাৰ লগতে সেই বিষয়ৰ কিতাপ পঢ়ি। উদাহৰণ হিচাপে, জেচন হিকেলৰ কিতাপৰ কথাই কৈছোঁ। বিকাশৰ নামত কেনেকৈ আমাৰ সমূহীয়া বিনাশ হৈ আছে তাৰ কথাই কৈছে হিকেলে। আৰু তাৰ লগতে জড়িত বিজ্ঞান-প্ৰযুক্তি নিৰ্ভৰ পশ্চিমীয়া সভ্যতাৰ কথা। তাৰ পিছত আহিল সাম্ৰাজ্যবাদ। তেনেহ’লে বিজ্ঞান- প্ৰযুক্তি, সাম্ৰাজ্যবাদ, পুঁজিবাদ, ঔপনিৱেশিকতাবাদ আৰু সেইবোৰৰে শেহতীয়া সংস্কৰণ হ’ল বহুজাতিক পুঁজি। এই কেইটাৰ লগত জড়িত আন এটা বাদ হৈছে ফেচিবাদ। এইখিনিতে আমি অলপ ৰ’ব লাগিব।
মই ২০১১ চনতে Robert O Paxtonৰ ‘The Anatomy of Fascism’ নামৰ কিতাপখন কিনিছিলোঁ। কিনিছিলোঁ কিনিছিলোঁ। পঢ়া নাছিলোঁ। সকলো কিনা কিতাপেই জানো আমি পঢ়োঁ? কিন্তু এতিয়া ভাৰতত ফেচিবাদে যি ধৰণে মূৰ দাঙি উঠিছে ফেচিবাদৰ বিষয়ে এতিয়া যদি নপঢ়োঁ কেতিয়া পঢ়িম। এই কিতাপখন পঢ়ি মই অভিভূত হৈছিলোঁ। তাৰপিছত মোৰ তালৈ আহিল Jason Stanelyৰ ‘How Fascism Works’। এইখন নতুন কিতাপ। লেখক জেচন ষ্টেইনলী হ’ল এজন দাৰ্শনিক। এতিয়া তেওঁ আমেৰিকাৰ ৱেল বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ জেকব ইউৰ’স্কী অধ্যাপক। এওঁ মাজতে, মানে যোৱা বছৰ ‘The Guardian’ত মোদীৰ বিষয়ে কি লিখিছিল জানেনে? তেওঁ মোদীৰ শাসনক নাজীবাদৰ লগত তুলনা কৰি লিখিছিল “The hallmarks of fascism are everywhere. School textbooks are being rewritten to reinforce the fake history behind BJP’s Hindu nationalist agenda. Topics like the theory of evolution and the periodic table have been replaced with traditional Hindu theories, and academics have been silenced for calling out the BJP’s election malpractices. The government has weaponised education in the manner typical of fascist regime…. There are other clear indications of India’s slide towards fascism.”
যি হওক ‘How Fascism Works’ এ মোক লৈ গ’ল Frantz Fanomৰ ‘Black Skin , White Man’ আৰু ‘The Wretched of The Earth’লৈ আৰু Hannah Arendtৰ ‘The Origins of Totalitarianism’লৈ যিখন কিতাপ মই ভাল মাছ সাঁচি থৈ পিছত খোৱাৰ দৰে এতিয়ালৈ নপঢ়াকৈ সাঁচি থৈছোঁ। মাজতে C G Jungৰ ‘Memories, Dreams , Reflections’-এ মোক আন এটা পথলৈ নিছিল। কিন্তু তাৰ মাজতে মাৰ্ক্সৰ বিষয়ে Sven-Eric Liedman ৰ ‘A World To Win’ কিতাপখনত উল্লেখ থকা Naomi Kleinৰ ‘This Changes Everything’ কিতাপখনে মোৰ ৰাস্তা সলনি কৰি দিছিল।
এতিয়া মই যিটো ৰাস্তাত আছোঁ তাৰ লগত ‘This Changes Everything’ৰ সম্পৰ্ক বেচ ভাল। মানে হৈছে কি? ঊনবিংশ শতিকাৰ শেষৰ ফালে বিজ্ঞান প্ৰযুক্তি,সাম্ৰাজ্যবাদ,পুঁজিবাদ, ঔপনিৱেশিকতাবাদৰ ৰমৰমীয়া দিন আছিল। তাৰ লগত খৃষ্টান ধৰ্মৰো সম্পৰ্ক এটা আছে। তাৰ বিপৰীতে বিংশ শতিকাৰ আগভাগটো আছিল, এফালে সমাজবাদ প্ৰতিষ্ঠাৰ সময় আৰু আনফালে ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে জাতীয় মুক্তি সংগ্ৰামৰ শতিকা।
মনত পেলাওক চীনত মাওৰ বিপ্লৱ, কেনিয়াত মৌ মৌ বিদ্ৰোহ আলজেৰিয়া, তুনিচীয়া, মৰক্কো, ভাৰত ,ফিলিপাইন ,গুৱেনা, ইজিপ্ত, গুৱেটেমলা, দক্ষিণ আফ্ৰিকা ইত্যাদি ইত্যাদি…..। সেইকাৰণেই ১৯৫০-ৰ দ্বিতীয় মহাসমৰৰ শেষৰ এই সময়খিনিক Robin D G Kelley-ৰ মতে মেলকম এক্সে অতি সঠিকভাৱেই ‘a “tidal wave of colour” বুলি কৈছিল।
কিন্তু তাৰপিছত এতিয়া কি হৈছে সমগ্ৰ বিশ্বত? সমাজবাদে এতিয়া কি ৰূপ লৈছে আমি দেখিছোঁ। আমেৰিকা, মধ্যপ্ৰাচ্য ভাৰতত কি হৈ আছে তাকো আমি দেখিছোঁ? আমি দেখিছোঁ পেলেষ্টাইনৰ ওপৰত ইজৰাইলৰ সীমাহীন উপদ্ৰৱ, বৰ্বৰতা, আৰু গণহত্যা। এতিয়া, প্ৰায় সকলো ঠাইতে মৌলবাদ, ফেচিবাদ আৰু বহুজাতিকৰ মিশ্ৰণে গণতন্ত্ৰৰ টেঁটু চেপি ধৰা নাইনে? অৰ্থনৈতিক অসমতাই আজি কি তীব্ৰ ৰূপ ধাৰণ কৰিছে? এই পটভূমিতে হিকেলৰ ‘The Divide’ আৰু ‘Less is More’ আহিছে। কিন্তু হিকেল অকলে অহা নাই, লগতে তেওঁ আনিছে David Harveyক তেওঁৰ ‘The Anti- Capitalist Chronicles’ৰ বাবে, তেওঁ বাৰে বাৰে Jason Stanelyৰ কথা কৈছে যি গৰাকী আগৰে পৰা মোৰ ঘৰত বৰ পীৰা পাৰি বহি আছে। তেওঁ কথাই কথাই Frantz Fanonৰ নাম লয়। ফেনমতো আগৰ পৰাই আছে মোৰ ঘৰত। সেইদিনা আহি সোমাল John Steinbeckৰ ‘The Grapes of Wrath’। হিকেলে Aime Cesaire-ৰ কথা ইমান গুৰুত্ব সহকাৰে ক’লে যে তেৱোঁ ‘Discourse on Colonialism’ আৰু Return to My Native Land লৈ আহি মোৰ ঘৰ পালেহি।
Discourse on Colonialismৰ যিটো আগকথা Robin D G Kelley-এ লিখিছে সেইটো পঢ়িলে আপুনি বিচূৰ্তি মানিব। কি অপূৰ্ব! তেওঁ সম্প্ৰতি আমেৰিকাৰ কালিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক। ট্ৰাম্পৰ উত্থানৰ বিষয়ে তেওঁ বৰ ভাল প্ৰবন্ধ লিখিছে। আগকথাত তেওঁ তেওঁৰ মতামত দিবলৈ যাওঁতে কিছুমান লেখকৰ কথা কৈছে। তেনেকৈ প্ৰশংসাৰে উল্লেখ কৰা লেখক দুজনৰ দুখন কিতাপ হ’ল W E B Du Bois ৰ ‘The Souls of Black Folk’ আৰু Cedric Robinsonৰ ‘Black Marxism: The Making of Black Radical Tradition’। এতিয়া এই দুয়োখন কিতাপ আহি মোৰ ঘৰ সোমাবহি। তাৰ মানে হৈছে কি? আপুনি যদি কিবা এটা বিষয় সম্পৰ্কে চিৰিয়াচ, আপোনাৰ ঘৰলৈ কিতাপ অহাত বা আপোনাৰ ঘৰলৈ আপুনি লেখকৰ প্ৰৱেশ নিষিদ্ধ কৰিব নোৱাৰে। তেওঁলোক নিজে নিজে আহি আপোনাৰ ঘৰত সোমাবহি। নিজে নিজৰ বাবে ঠাই উলিয়াই ল’ব। তেওঁলোকে আপোনাৰ হকা-বধা নামানে।
ঘটনাটো হৈছে কি? এই গোটেই বৃত্তটো চাওকচোন! এসময়ত আমি পশ্চিমৰ আলোক যাত্ৰাৰ কথা কি গৌৰৱেৰে কৈছিলো? অথচ গমেই পোৱা নাছিলোঁ তাৰ লগত পশ্চিমীয় আধিপত্যৰ বিষয়টো। সমাজবাদ, জাতীয় মুক্তি সংগ্ৰাম। আৰু এতিয়া মৌলবাদ, ফেচীবাদ আৰু তাৰ লগত বহুজাতিক পুঁজি। এই কিতাপবোৰৰ কথাও সেইটোৱেই নহয় জানোঁ।