যোৱা ২২ এপ্ৰিলৰ দিনা অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাই কেন্দ্ৰ চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তনৰ সচিব তন্ময় কুমাৰলৈ এখন চিঠি লিখিছিল। এই চিঠিখনৰ সম্পৰ্ক আছিল ২০২৪ চনৰ ছয় জুনৰ দিনা এটা সংহত পৰিবেশ সংবেদনশীল অঞ্চলৰ প্ৰস্তাৱ দিয়া পূৰ্বৰ চিঠিখনৰ লগত। সেই চিঠিখনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংলগ্ন ৩৬০০ বৰ্গ কিলোমিটাৰৰ অঞ্চল এটা পৰিবেশ সংবেদনশীল অঞ্চল ঘোষণা কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। এই প্ৰস্তাৱত আঠটা সংৰক্ষিত অঞ্চল যথা ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ইয়াৰ ১০টা সংযোজন খ) লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য গ) বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰথম সংযোজনকে ধৰি ঘ)নামবৰ দৈগ্ৰুং অভয়াৰণ্য,ঙ) গৰমপানী অভয়াৰণ্য, চ) পূৱ কাৰ্বিআংলং অভয়াৰণ্য আৰু ছ) প্ৰস্তাৱিত উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য অন্তৰ্ভুক্ত হৈ আছিল। এই সংহত পৰিবেশ সংবেদনশীল অঞ্চলটোৰ পাঁচখন জিলাৰ ভিতৰত প্ৰায় ৩৪০খন গাঁও সোমাই আছে বুলি উল্লেখ কৰা হৈছে। চিঠিখনৰ দ্বিতীয় পেৰেগ্ৰাফত কোৱা হৈছে যে ইতিমধ্যে বহু অঞ্চল পৰিবেশ সংবেদনশীল অঞ্চল বুলি কেতিয়াবাই প্ৰস্তাৱ কৰা হৈছিল। এনে কিছুমান প্ৰস্তাৱ আনকি ১৯৮৫ চনৰ পৰাই কেন্দ্ৰ চৰকাৰৰ ওচৰত পৰি আছে। কিন্তু যিবোৰ অঞ্চলক পৰিবেশ সংবেদনশীল অঞ্চল বুলি ঘোষণা কৰিব লাগে বুলি তেতিয়াই প্ৰস্তাৱ দিয়া হৈছিল সেইবোৰৰ সীমা কিন্তু এতিয়াও চিহ্নিত কৰা হোৱা নাই। এই অঞ্চলবোৰত বাস কৰা স্থানীয় লোক সকলৰ অধিকাৰৰ প্ৰশ্নবোৰ এতিয়াও অমীমাংসিত হৈ আছে। কোৱা হৈছে যে প্ৰস্তাৱিত পৰিবেশ সংবেদনশীল অঞ্চলৰ ভতৰত প্ৰায় পাঁচ লাখ লোক আছে। সেই অঞ্চল সমূহ পৰিবেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণা কৰিলে তাৰ প্ৰভাৱ এই লোক সকলৰ ওপৰতো পৰিব। এই লোক সকলৰ ভিতৰত জনজাতীয়, অনুসূচীত জাতি আৰু ভালেমান অৰ্থনৈতিকভাবে পিছপৰা লোকো আছে। তাৰ মাজত প্ৰায় ৮০০০ হেক্টৰ মাটিত চাহ বাগিছাও আছে য’ত ২৫,০০০তকৈও অধিক শ্ৰমিক সম্প্ৰতি কৰ্মৰত। তাৰপিছত, চিঠিখনৰ তৃতীয় পেৰেগ্ৰাফত থকা কথাখিনি এনে ধৰণৰঃ “এই অঞ্চলত শতিকা পুৰণি গাঁও, বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, খোৱাপানী আৰু জলসিঞ্চন ব্যৱস্থা, গাঁৱলীয়া বজাৰ, নুমলীগড় শোধনাগাৰ, আৰু ৩৯ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ ৰাজহুৱা আন্তঃগাঁথনি আছে। সেয়ে, এইবোৰৰ কোনখন ঠাই ক’ত পৰিব সেইবোৰ ঠিক নকৰাকৈ ইমান বিশাল অঞ্চল এটাক সংহত পৰিৱেশ সংবেদনশীল অঞ্চললৈ ৰূপান্তৰিত কৰিলে ই উন্নয়নৰ কাৰণে গুৰুতৰ বাধা সৃষ্টি কৰিব, বহু লোক স্থানচ্যুত হ’ব আৰু অৰ্থনৈতিকভাবে দুৰ্বল সম্প্ৰদায়সমূহৰ কাৰণে ই বহু দিনৰ বাবে আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি কৰিব।”
এই কথাখিনিতে আচল ৰহস্য নিহিত। এই কথাখিনি দেখাত সঁচা। এইখিনিতে মই অন্য এটা কথালৈ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আপোনালোকে আজিৰ পৰা ২০০ বছৰৰ আগৰ অসমখনৰ কথা মনত পেলাওকচোন। কেনে আছিল সেই অসমখন? সেই সময়ৰ অসমৰ বিষয়ে আপোনালোকে ভালকৈ জানিব পাৰিব John M’coshৰ ‘Topography of Assam’ ৰ নামৰ কিতাপ এখনৰ পৰা। এই কিতাপখনত থকা এটা উক্তি হৈছে – “As the voyager advances higher up, the scenery improves; and a series of hills innumerable, re-tiring far away in fine perspective, till their blue conical summits are relieved by the snowy peaks of the Himalaya towering their icy pinnacles midway up to the vertex of the sky, afford one of the grandest scenes in nature. The sight of a hill in this level land is always agreeable; few things more readily summon up before the mind’s eye youthful associations; and the stranger hails its appearance like a friend of his boy-hood met in a foreign land. Hence the scenery of Assam is always agreeable, and the eye wan-ders from hill to hill as over faces once familiar, and with happy invention assimilates them with those of his native home.”
এই কিতাপখনৰ পাত লুটিয়ালে আপোনালোকে গম পাব এসময়ৰ অসমখন কেনে আছিল। চাৰিওফালে সৰু ডাঙৰ পাহাৰ, নদ নদী, বিল, খাৱৈ, হাবি আৰু তাৰ মাজে মাজে ওখ ওখ ঠাইবোৰত মানুহৰ বসতি আৰু তাৰ ওচৰে পাজৰে খেতিপথাৰ। গতিকে এসময়ত গোটেই অসমখনেই এটা সংহত পৰিবেশ সংবেদনশীল অঞ্চল আছিল। তেতিয়া প্ৰকৃতিৰ লগত মিলি জুলি মানুহে বাস কৰিছিল। এটা কথা ঠিক, আজি আমি ২০০ বছৰ আগলৈ উভতি যাব নোৱাৰোঁ। কিন্তু প্ৰশ্ন হ’ল- সংহত পৰিবেশ সংবেদনশীল অঞ্চলৰ কথাটো আমি এতিয়া কিয় ভাবিব লগা হৈছে? এই কথাটো কিয় আহিছে? এতিয়া আমাৰ পৰিবেশ সংৰক্ষণ আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ কাৰণেই সংহত পৰিবেশ সংবেদনশীল অঞ্চলৰ প্ৰয়োজনীয়তা আহি পৰিছে। তাৰমানে পৰিৱেশ নাথাকিলে আমিও নাথাকিম। কিন্তু পৰিবেশৰ শত্ৰু কোন? পৰিবেশৰ শত্ৰু তথা-কথিত বিকাশ, উন্নয়ন।আৰু এই বিকাশ যদি বহনক্ষম হ’ব লগা হয় তেন্তে আমাক সংহত পৰিবেশ সংবেদনশীল অঞ্চল লাগিবই। তেতিয়া সেই অঞ্চলটোৰ ভিতৰত থকা তথা-কথিত উন্নয়নৰ আন্তঃগাঁথনি যেনে আছে তেনে ৰাখিব লাগিব বা তাক আৰু সীমিত কৰিব লাগিব। কিন্তু সেইটো নকৰি তাত উন্নয়নৰ আন্তঃগাঁথনি আছে বুলি অঞ্চলটো আমি সংহত পৰিবেশ সংবেদনশীল অঞ্চলৰ পৰা বাহিৰত ৰাখিলে সংহত পৰিবেশ সংবেদনশীল অঞ্চল ঘোষণা কৰা লক্ষ্য আৰু উদ্দেশ্যই ব্যাহত হ’ব। হয়, জনজাতীয়, অনুসূচীত জাতি আৰু অৰ্থনৈতিকভাবে পিছপৰা লোকৰ জীৱন জীৱিকাৰ কথাটো গুৰুত্বপূৰ্ণ। কিন্তু সেই চিন্তা চৰকাৰৰ। চৰকাৰে আৰু নীতি নিৰ্ধাৰণকাৰী সকলে চাব লাগিব কি কৰি তেওঁলোকক সংস্থাপিত কৰিব পাৰি, তেওঁলোকক তেওঁলোকৰ জীৱিকাৰ সুৰক্ষা প্ৰদান কৰিব পাৰি।কিন্তু বহনক্ষম উন্নয়ন আৰু পৰিবেশ সংৰক্ষণৰ প্ৰশ্নটোৱে অগ্ৰাধিকাৰ পাবই লাগিব। আমি এটা কথা মন কৰা দৰকাৰ যে পৰিবেশ অনুকুল ব্যৱস্থা এটা কেৱল বহনক্ষম উন্নয়নৰ কাৰণেই প্ৰয়োজন সেইটো নহয় সি আমাৰ অস্তিত্ব আৰু পৰিচয়ৰ কাৰণেও জৰুৰী। গতিকে উন্নয়নৰ আন্তঃগাঁথনিৰ আজুহাতত সংহত পৰিবেশ সংবেদনশীল অঞ্চল স্থগিত ৰখাৰ অৰ্থ হ’ল বহিজাতিক আৰু অৰ্থলোভী সকলৰ বাণিজ্যিক স্বাৰ্থত আমাৰ হাবি বননী উন্মুক্ত কৰি দিয়া। তেনে কৰিলে কাজিৰঙাকে আদি কৰি আমাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যবোৰ বাচি থাকিবনে? গতিকে সংহত পৰিবেশ সংবেদনশীল অঞ্চল অমাক লাগিবই।