• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 16, 2025 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণ আৰু ইজৰাইলৰ মাজত কিয় এই উত্তেজনা? তাৰ কাৰণে আমি দুবছৰ আগলৈ উভতি যাব লাগিব। ইজৰাইলে পেলেষ্টাইনী সকলক সকলো ফালৰপৰা ঘেৰি ধৰি নিজৰ জন্মভূমিতে তেওঁলোকক গৃহহাৰা কৰি পেলাইছে। পেলেষ্টাইনৰ ওপৰত ইজৰাইলৰ মাতব্বৰিতাত অতিষ্ঠ হৈ ২০২৩ চনৰ ৭ অক্টোৱৰৰ দিনা  হামাচে অতৰ্কিতে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত ইজৰাইলৰ বিস্তৰ ক্ষতি হৈছিল। বহু ইজৰাইলী নাগৰিকক হামাচে পণবন্দী কৰি লৈ গৈছিল। তাৰপিছৰে পৰা ইজৰাইলে পেলেষ্টাইনৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলাইছিল। তেওঁলোকে গাজাক ধ্বংসস্তুপলৈ ৰূপান্তৰিত কৰিছিল। গাজালৈ আন্তৰ্জাতিক সাহায‍্য পঠোৱা হাজাৰ হাজাৰ ট্ৰাক মাহৰ পিছত মাহ ৰাস্তাতে ৰখাই থোৱা আছিল। হামাচক লেবাননৰ উগ্ৰপন্থী সংগঠন হিজবুল্লাই সমৰ্থন জনোৱা বাবে ইজৰাইলে লেবাননৰ হিজবুল্লাৰ ঘাটিতো আক্ৰমণ চলাইছিল।যোৱা বছৰৰৰ চেপ্তেম্বৰ /অক্টোৱৰত ইজৰাইলে লেবাননত হিজবুল্লাৰ ঘাটিত লেজাৰ আক্ৰমণৰ দ্বাৰা বিস্তৰ ক্ষতি সাধন কৰিছিল। হিজবুল্লাই হামাচক সমৰ্থন কৰে। আকৌ ইচলামিক সংগঠন বুলি হিজবুল্লাক ইৰাণে সমৰ্থন কৰে। ইৰাণে হিজবুল্লাক সমৰ্থন কৰে বুলিয়ে ইজৰাইলৰ ইৰাণৰ ওপৰত খং। সেইকাৰণেই যোৱা বছৰৰ এপ্ৰিল মাহত ইজৰাইলে চিৰিয়াত থকা ইৰাণী দূতাবাসত আক্ৰমণ কৰি কেইবাজনো ইৰাণী নেতাক হত‍্যা কৰিছিল। ইৰাণেও ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি তাৰ পোতক লৈছিল। তেতিয়াৰে পৰা ইৰাণ আৰু ইজৰাইলৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। কিন্তু মধ‍্য প্ৰাচ‍্যৰ সামৰিক উত্তেজনা কেনেকৈ হ্ৰাস কৰা যায় সেই সম্পৰ্কে ইৰাণৰ লগত আমেৰিকাৰ আলোচনা চলি থকাৰ মাজতে যোৱা  ১৩ জুনৰ দিনা পুৱা ইজৰাইলে ইৰাণৰ আনবিক শক্তি কেন্দ্ৰত আক্ৰমণ কৰে। ইজৰাইলৰ আক্ৰমণত ইৰাণৰ যথেষ্ট ক্ষতিসাধন হয়। ইজৰাইলৰ আক্ৰমণত প্ৰথমে ইৰাণ উৱাদিহ নোপোৱা হৈ পৰিছিল যদিও খুব কম সময়ৰ ভিতৰতে তেওঁলোকে পৰিস্থিতি চম্ভালি লয় আৰু সন্ধিয়া প্ৰায় ২০০ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে ইজৰাইলৰ বচা বচা ঠাইত আক্ৰমণ কৰে। ইৰাণ আৰু ইজৰাইলৰ মাজৰ সামৰিক পৰিস্থিতি এতিয়া অত‍্যন্ত উত্তেজনাপূৰ্ণ। কিন্তু পৰিস্থিতি এতিয়া একপক্ষীয় হৈ থকা নাই। ইজৰাইলে ইৰাণৰ ক্ষতি কৰিছে ঠিকেই, কিন্তু ইৰাণেও ইজৰাইলৰ বিস্তৰ ক্ষতি সাধন কৰিছে। আগতে আমি গাজাক ধ্বংসস্তুপত পৰিণত কৰা যিবোৰ ছবি দেখিছিলোঁ এতিয়া ইজৰাইলৰ  আমি তেনে  ছৱি  দেখিবলৈ পাইছোঁ।

ইজৰাইলৰ এই সংকটত প্ৰধানমন্ত্ৰী  নিটানিয়াহুৱে বাৰে বাৰে আমেৰিকাক ইজৰাইলক সহায় কৰিবলৈ কাকুতি-মিনতি কৰিব লগা হৈছে।কিন্তু এতিয়ালৈকে আমেৰিকাই একো কোৱা নাই। ৰাচিয়া আৰু চীনেও ৰাজহুৱাকৈ একো কোৱা নাই যদিও ইৰাণলৈ তেওঁলোকে সমৰ সাহায‍্য আগবঢ়াইছে।এইখিনিতে আমি এটা কথা মন কৰা উচিত হ’ব। আমি লক্ষ‍্য কৰিছোঁ যে লাহে লাহে বিশ্বৰ আগৰ এককেন্দ্ৰিক অৱস্থাটো, ইংৰাজীত যাক unipolar বুলি কোৱা হয় যেন সলনি হ’বলৈ ধৰিছে। আগৰ চোভিয়েট ৰাচিয়া ভগি যোৱাৰ পিছত, আজি কেইবা দশকো ধৰি বিশ্বত অৰ্থনৈতিক আৰু সামৰিক ক্ষেত্ৰত আমেৰিকাই একক সম্ৰাট হৈ পৰিছিল। কিন্তু চীনৰ অগ্ৰগতিয়ে আমেৰিকাৰ একাধিপত‍্যৰ বাবে এক প্ৰত‍্যাহ্বানৰ সৃষ্টি কৰিছে। হয়, এতিয়া ইউৰোপ আৰু আমেৰিকা ইজৰাইলৰ লগত আছে। কিন্তু চীন আৰু ৰাচিয়াই ইৰাণক সহায় কৰিছে। গতিকে আমেৰিকাৰ আগৰ দাদাগিৰি কমি আহিছে। ইউৰোপ আৰু আমেৰিকাই গণতন্ত্ৰৰ কথা কৈ ইজৰাইলক সমৰ্থন কৰি আহিছে। কিন্তু ট্ৰাম্প আৰু এলন মাস্কে আমেৰিকাত কি গণতন্ত্ৰৰ পৰাকাষ্ঠা কৰিছে সেইটোও আমি দেখিছোঁ। আৰু পেলেষ্টাইনত ১৯৪৮ চনৰ পৰা এতিয়ালৈকে ইজৰাইলে কি বিভীষিকাৰ সৃষ্টি কৰি আহিছে তাকো আমি  দেখিছোঁ। আচলতে হৈছে কি? এফালে ইচলামিক মৌলবাদ আৰু আনফালে ইজৰাইল আৰু পাশ্চ‍াত‍্যৰ আধিপত‍্য, দৌৰাত্ম্য। বহু সময়ত ইচলামিক মৌলবাদ আৰু মধ‍্যপ্ৰাচ‍্যৰ সাধাৰণ মানুহৰ মাজৰ ব‍্যৱধানো নোহোৱা হৈ যায়।গতিকে ইচলামিক মৌলবাদ বুলি কৈ পোনচাটেই আমি ইৰাণ, হিজবুল্লা আৰু হামাচক গৰিহণা দিব নোৱাৰোঁ। কথাবোৰ আমি তাৰ জটিলতা আৰু সুক্ষ্মতাত বিচাৰ কৰিব লাগিব।ইচলামিক মৌলবাদৰ দোহাই দি মধ‍্যপ্ৰাচ‍্যত আমি আমেৰিকা আৰু ইজৰাইল কেন্দ্ৰিক আধিপত‍্যক সমৰ্থন কৰিব নোৱাৰোঁ। ইজৰাইলৰ আজি যি অৱস্থা সেই অৱস্থা আজি কিমান দিন আমি গাজাত দেখি আহিছোঁ। তেতিয়া কিন্তু আমাৰ কাৰো কোনো দৰদ উঠলি উঠা নাছিল। আজি ইজৰাইলৰ অৱস্থা দেখি পশ্চিম আৰু ইউৰোপ যেনেকৈ উদ্বিগ্ন হৈ পৰিছে গাজাৰ তাতকৈ হাজাৰ গুণ বেয়া অৱস্থা দেখি তেওঁলোকৰ বিবেক কিন্তু জাগ্ৰত হোৱা নাছিল! কিয় এই দুমুখীয়া চৰিত্ৰ আৰু ভণ্ডামি? আৰু এটা কথা। ভাৰতে ইমান দিন সদায় পেলেষ্টাইনৰ পক্ষ‍ত আছিল। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বাবে ভাৰতৰ জগতত এটা নাম আছিল। কিন্তু আজি আমি কিয় ইজৰাইলৰ মুখাপেক্ষী হৈ পৰিলোঁ? ইজৰাইল- ইৰাণ সংঘাতক আমি সহজভাৱে লোৱা অনুচিত। ই সমগ্ৰ বিশ্বকে তৃতীয় বিশ্ব যুদ্ধ আৰু আণবিক সমৰলৈ লৈ যাব পাৰে। সেই কাৰণে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ইজৰাইলক মানে নিটানিয়াহুক নিয়ন্ত্ৰণ কৰাটো।নিটানিয়াহুক নিয়ন্ত্ৰণলৈ আনিলে আপোনাআপুনি মধ‍্য প্ৰাচ‍্য শান্ত হৈ পৰিব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ বাবে উন্নতিৰ বাবে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ বাবে উন্নতিৰ বাবে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান ভাৰতৰ

September 10, 2025 10:34 am
অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

September 10, 2025 9:49 am
মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

September 10, 2025 8:52 am
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

September 10, 2025 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ বাবে উন্নতিৰ বাবে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ বাবে উন্নতিৰ বাবে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান ভাৰতৰ

September 10, 2025 10:34 am
অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

September 10, 2025 9:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd