• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

পৰেশ মালাকাৰ, মুখ্য সম্পাদক by পৰেশ মালাকাৰ, মুখ্য সম্পাদক
June 30, 2025 10:11 pm
নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰুখুঁটি প্ৰকল্পৰ বিষয়ে এতিয়ালৈকে যিখিনি তথ‍্য পোহৰলৈ আহিছে  সেইখিনি এক ক্ষুদ্ৰাতি ক্ষুদ্ৰ অংশহে – ইংৰাজীত যাক tips of the iceberg বুলি কয়।Tips of the iceberg মানে হ’লে সাগৰৰ পানীত উপঙি থকা এক বৃহৎ তুষাৰ খণ্ডৰ পানীৰ ওপৰত ওলাই থকা এটা অতি ক্ষুদ্ৰ অংশ। গৰুখুঁটি প্ৰকল্পত যিমানবোৰ অনিয়ম, দুৰ্নীতি, স্বজন-তোষণ আৰু পক্ষপাতিত্বৰ অভিযোগ উঠিছে তাৰ তেনেই নগণ্য আৰু ক্ষুদ্ৰ অংশ এটাহে এতিয়া পোহৰলৈ আহিছে বুলি আমি ভাবোঁ।আমি মনত ৰখা উচিত যে কেৱল গৰুখুঁটি প্ৰকল্পই নহয়, যোৱা সময়ছোৱাত যিবোৰ চৰকাৰী প্ৰকল্পত চৰকাৰে বৃহৎ পৰিমাণৰ ধন খৰচ কৰিছে প্ৰায় সকলোতে তেনে কেলেংকাৰী জড়িত হৈ আছে বুলি ভু-ৰখা মহলে সদায় অভিযোগ কৰি আহিছে।

নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে তেওঁলোকৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে হোৱাই নোহোৱাই কেনেকৈ চি বি আই , ই ডি লগাই  একো একোজন মানুহৰ ৰাজনৈতিক জীৱন কোঙা কৰি পেলাইছে, তেওঁলোকক ৰাজনৈতিকভাবে বৰবাদ কৰি পেলাইছে আমি দেখিছোঁ। অথচ বিজেপি-শাসিত ৰাজ‍্যসমূহৰ প্ৰায় সকলোতে কিন্তু গৰুখুঁটি হৈ আছে।আমোদজনকভাবে  গৰুখুঁটি প্ৰকল্পৰ বিতৰ্কই আন এটা কথা পোহৰলৈ আনিছে। গৰুখুঁটি প্ৰকল্পৰ কথাবোৰ সদৰি হোৱাৰ লগ লগে, তাত যিসকল ৰাজনীতিকৰ নাম সাঙোৰ খাই পৰিছে,  তেওঁলোক আৰু তেওঁলোকৰ সমৰ্থক সকলে একাংশ সাংবাদিকৰ বিৰুদ্ধেও নানা ধৰণৰ দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰিছে।

আমি ইমানদিনে একাংশ ধনাঢ‍্য সাংবাদিকৰ ধন-দৌলত আৰু দুৰ্নীতিৰ বিষয়ে ঘুনুক-ঘানাককৈ শুনি থকা কথাবোৰৰ কিছুমান এতিয়া পোহৰলৈ আহিছে। আমি জানোৱেই সাংবাদিকৰ একাংশই ৰাজনীতিকৰ লগ লাগি কেনেকৈ ধন-দৌলতৰ পৰ্বত গঢ়িছে। ভাল হৈছে এই সকলোবোৰৰ এতিয়া গোমৰ ফাক হৈছে।কথাবোৰ পোহৰলৈ আহিছে।কথাবোৰ সকলোৱে জানক।তাতো যদি কোনোবা অপৰাধী আছে তেওঁলোকৰো বিচাৰ হওক।কিন্তু এতিয়া কি হ’ব? গৰুখুঁটিৰ কেলেংকাৰীৰ এনেকৈয়ে ওৰ পৰিবনে? পদ্ম হাজৰিকাৰ সংবাদ মেলেই শেষ কথা হ’ব নেকি? নাই, কেতিয়াও হ’ব নোৱাৰে। হ’বলৈ দিয়া অনুচিত।হিমন্তবিশ্ব চৰকাৰৰ যদি সৎ সাহস আছে, মোদী-শ্বাহৰ যদি সৎ সাহস আছে তেওঁলোকে  গৰুখুঁটি প্ৰকল্পৰ আৰম্ভণিৰে পৰা এতিয়ালৈ সকলো দিশ সাঙুৰি এক নিৰপেক্ষ ন‍্যায়িক তদন্ত কৰাও! এটা তিনিজনীয়া তদন্ত কমিটি গঠন কৰক। তাৰ দায়িত্ব অৱসৰপ্ৰাপ্ত, নিকা ভাবমূৰ্তিৰ সৎ ন‍্যায়াধীশ আৰু আৰক্ষী সঞ্চালক প্ৰধান পৰ্যায়ৰ ব‍্যক্তিৰ লগতে এজন ভাল উকীলক দিয়ক। এই কমিটিৰ সদস‍্যসকল দুৰ্ঘোৰ চৰকাৰ বিৰোধীও হ’ব নালাগিব আৰু চৰকাৰৰ সমৰ্থকো হ’ব নালাগিব।তাত থকা সকলো কেইজন সদস‍্য সৎ আৰু সাহসী ব‍্যক্তি হ’ব লাগিব।

হিমন্তবিশ্ব শৰ্মাৰ তেনে এটা তদন্ত কমিটি গঠন কৰি গৰুখুঁটি প্ৰকল্পত হোৱা সকলো দুৰ্নীতি, স্বজন-তোষণ আৰু অনিয়মৰ অনুসন্ধান কৰোৱাৰ সাহস হ’বনে? যদি হিমন্তবিশ্বৰ চৰকাৰে তেনে এটা তদন্ত কমিটি গঠন কৰে আমি সেই তদন্ত কমিটিৰ প্ৰতিবেদনলৈ বাট চাম। আৰু যদি তেনে তদন্ত ঘোষণা নকৰে গম পাম যে  গৰুখুঁটি প্ৰকল্প সম্পৰ্কে লুকাবলগীয়া কথা বহুত আছে আৰু হিমন্তবিশ্ব চৰকাৰ আৰু বিজেপি-আৰ এচ এচৰ নেতা পালিনেতা তাত জড়িত হৈ আছে। তেতিয়া আমি ক’ম অসম চৰকাৰৰ গোটেইখনেই গৰুখুঁটি । তোমালোক অন‍্যায়, অনিয়ম আৰু দুৰ্নীতিৰ ধাৰক বাহক। তোমালোকৰ দুৰ্নীতি আৰু  অনিয়মৰ কথা কোৱাৰ কোনো নৈতিক সাহস নাই।

পৰেশ মালাকাৰ, মুখ্য সম্পাদক

পৰেশ মালাকাৰ, মুখ্য সম্পাদক

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd