• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

এই বৰ্বৰতাৰ ওৰ কেতিয়া পৰিব?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
November 8, 2023 12:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাত অক্টোবৰৰ দিনা হামাচ উগ্ৰপন্থীয়ে অতৰ্কিতে ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণত প্ৰায় ১৪০০ অসামৰিক আৰু সামৰিক লোকৰ মৃত্যু হৈছিল। উগ্ৰপন্থী সকলে শিশু, বৃদ্ধকে ধৰি প্ৰায় ২০০ইজৰাইলী লোকক অপহৰণ কৰি নিছিল। এক কল্পকাহিনীৰ দৰে অবিশ্বাস্য আছিল হামাচৰ সেই আক্ৰমণ। হামাচৰ আক্ৰমণক সকলোৱে একমুখে গৰিহণা দিছিল।কিন্তু, তাৰ পিছৰ পৰা, মধ্য প্ৰাচ্যৰ পৰিস্থিতি অতি উত্তেজনাপূৰ্ণ হৈ পৰে। ইজৰাইল জকি উঠে আৰু হামাচক নিঃশেষ কৰিবলৈ ইজৰাইলে গাজাৰ ওপৰত আকাশমাৰ্গেৰে ধাৰাসাৰ বোমা নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। বোমা বৰ্ষণৰ ফলত কিমান হামাচ উগ্ৰপন্থীৰ মৃত্যু হৈছে সেইটো আমি নাজানো। কিন্তু, গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য মতে এতিয়ালৈকে প্ৰায় ৩০০০ পেলেষ্টানিয়ান লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১২০০ লোক মৃত বা জীৱিত অৱস্থাত মাটিৰ তলত পোটখাই আছে। স্থল আক্ৰমণেৰে হামাচক শ’লঠেকত পেলাবলৈ ইজৰাইলে গাজাত থকা দহ লাখ সাধাৰণ নাগৰিকক ২৪ ঘন্টাৰ ভিতৰত উত্তৰ গাজা এৰি দক্ষিণ গাজালৈ যাবলৈ বাৰে বাৰে সতৰ্ক কৰি দি আছে।আনহাতে হামাচে কৈ আছে ইজৰাইলৰ এইবোৰ মিছা প্ৰচাৰ, নিজৰ ঘৰ-বাৰী এৰি কোনেও ক’লৈকো যোৱাৰ প্ৰয়োজন নাই। ইজৰাইল আৰু হামাচৰ ৰণত সাধাৰণ পেলেষ্টাইনী ৰাইজৰ একোনাই অৱস্থা। তাৰ মাজতে জীয়াই থকাৰ আশাত হাজাৰ হাজাৰ পেলেষ্টাইনী লোকে নিজৰ লামলাকটু য’ত যি পায় তাকে লৈ দক্ষিণ গাজালৈ ঢাপলি মেলিছে। কোনোবাই বা চিকিৎসালয়ত আশ্ৰয় লৈছেগৈ। খোৱা পানী নাই, বিদ্যুৎ যোগান ব্যাহত।  খাদ্যৰ অভাৱ।ৰুটিৰ দোকানত দীঘল দীঘল শাৰী। গাইপতি প্ৰতিজন মানুহৰ বাবে মাত্ৰ এক লিটাৰ পানী।চিকিৎসালয় চলি আছে জেনেৰেটৰৰ ওপৰত।তাকো কোন মুহূৰ্তত জেনেৰেটৰ বন্ধ হৈ চিকিৎসালয়ত অচলাৱস্থাৰ সৃষ্টি হয় ঠিক নাই।চিকিৎসালয়ত থকা শিশু, গৰ্ভৱতী মহিলা, বৃদ্ধ ৰোগী সকলৰ অৱস্থা সংকটাপন্ন। চাৰিওফালে এক নৰক সদৃশ বিভীষিকাময় পৰিস্থিতি। তেনেতে কি হ’ল? ৰোগীৰ লগতে অজস্ৰ সাধাৰণ মানুহ আশ্ৰয় লৈ থকা গাজাৰ অল-আহলি আৰৱ চিকিৎসালয়ত ১৭ অক্টোৱৰৰ সন্ধিয়া এক বোমা ফুটিল।চিকিৎসালয়ত, আৰোগ্য কেন্দ্ৰত বোমা বিস্ফোৰণ! লগে লগে চাৰিওফালে হুৱাদুৱা লাগিল। হঠাৎ, প্ৰায় ৫০০ শিশু, মহিলা, বৃদ্ধ আৰু অন্যান্য লোকৰ মৃত্যু হ’ল। আৰৱ ৰাষ্ট্ৰ সমূহে বোমা বিস্ফোৰণৰ বাবে ইজৰাইলক জগৰীয়া কৰিলে। কিন্তু, ইজৰাইলে ক’লে যে হামাচৰ লক্ষ্যভ্ৰষ্ট ৰকেটেহে হেনো চিকিৎসালয়খন ধংস কৰিলে। তাৰ প্ৰমাণ হিচাপে তেওঁলোকে অল জাজিৰা সংবাদ সংস্থাৰ লাইভ স্ত্ৰিম ভিডিঅ’ এটাক প্ৰমাণ হিচাপে দাঙি ধৰিলে। কিন্তু, অল জাজিৰাৰ ডিজিটেল অনুসন্ধানে ১৭ অক্টোৱৰৰ সন্ধিয়া ৬:৪৫, ৬:৫৫,৬:৫৭ আৰু ৬:৫৮ৰ ইজৰাইলী যুঁজাৰু বিমান আৰু হামাচৰ ৰকেট নিক্ষেপৰ মাজত হোৱা সংঘৰ্ষৰ তন্ন তন্ন খতিয়ান দি ক’লে যে ৬:৫৮ মিনিটত হামাচৰ শেষ ৰকেটটো ইজৰাইলে জব্দ কৰিছিল আৰু তাৰ আগেয়ে আৰু তাৰ ঠিক পিছতে গাজাত ইজৰাইলৰ যুঁজাৰু বিমানে উপৰ্যুপৰি বোমা বৰ্ষণ কৰিছিল। সেই বোমা বৰ্ষণেই অল-আহলি আৰৱ চিকিৎসালয় বিধ্বস্ত কৰি হত্যালীলাৰ সৃষ্টি কৰিছিল।এইখিনিতে, কালি কৰণ থাপাৰৰ সৈতে হোৱা ১৪ মিনিটৰ সাক্ষাৎকাৰ এটাত Palestinian National Initiativeৰ সভাপতি মুস্তাফা বাৰঘৌটিয়ে (Mustafa Barghouti) কোৱা কথাকেইটা তাৎপৰ্যপূৰ্ণ।তেওঁৰ মতে চিকিৎসালয়খনত ইজৰাইলে আক্ৰমণ কৰা নাই বুলি কোৱা কথাটো “a lie” and US President Joe Biden agreeing with the Israeli claim is “unacceptable”।এইটো এটা মস্ত ফাঁকি আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইদেনে তেওঁলোকৰ সুৰতে সুৰ মিলোৱাটো আমাৰ কাৰণে মুঠেই গ্ৰহণযোগ্য নহয়।তেওঁ লগতে কৈছে যে চিকিৎসালয়খনত আক্ৰমণ কৰা ইজৰাইলৰ ভাষ্যটো তেওঁলোকে তিনিবাৰ সলাইছে। প্ৰথমে ইজৰাইলে কৈছিল যে হামাচ উগ্ৰপন্থী আশ্ৰয় লৈ থকা বাবে ইজৰাইলী সেনাই চিকিৎসালয়খনত আক্ৰমণ কৰিছিল, তাৰ পিছত তেওঁলোকে কয় যে হামাচেহে চিকিৎসালয়খনত আক্ৰমণ কৰিছিল আৰু শেষত তেওঁলোকে সেই আক্ৰমণৰ বাবে দায়ী কৰিছিল ইচলামিক জেহাদীক। 

মধ্য প্ৰাচ্যত কি এক পৰিস্থিতিৰ সৃষ্টি হৈছে? প্ৰথমে ইজৰাইলৰ ওপৰত হামাচৰ অপ্ৰত্যাশিত আক্ৰমণ। সেই আক্ৰমণৰ পোতক তুলিবলৈ ইজৰাইলে এতিয়া সমগ্ৰ গাজাবাসীকে পণবন্দী কৰিছে। হামাচ এটা উগ্ৰপন্থী সংগঠন। কিন্তু, ইজৰাইল এখন বিধিবদ্ধ ৰাষ্ট্ৰ। হামাচে যি খুচি তাকে কৰিলে বুলিয়ে ইজৰাইলেও তাকেই কৰিবনে? আৰু আমেৰিকাই কি কৰিছে? তেওঁলোকে আনক দেখুৱাই গাজাবাসীৰ বাবে ঘঁৰিয়ালৰ চকুপানী টুকিছে ঠিকেই, কিন্তু ইজৰাইলৰ যুদ্ধ প্ৰচেষ্টাৰ প্ৰতি সকলো ধৰণে সহায় আগবঢ়াইছে। গাজাত মানুহৰ অবৰ্ণনীয় অৱস্থা। তাত এতিয়ালৈকে ইজৰাইলে কোনো সাহায্য সামগ্ৰী সোমাবলৈ দিয়া নাই।আমেৰিকাই কৈছে, তেওঁলোকে গাজালৈ ২০ ট্ৰাক সাহায্য সামগ্ৰী পঠিয়াইছে। বিশ ট্ৰাক সাহায্য সামগ্ৰী এপাচি শাকত এটা জালুক নহয় নে? সেই বিশখন ট্ৰাকো এতিয়ালৈকে গাজাত সোমাব পৰা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেন ইজৰাইললৈ উৰা মাৰি ইজৰাইলী সমৰক উদগনি দিছে। ইজৰাইললৈ ইতিমধ্যে যুঁজাৰু বিমান আৰু সৈন্য পঠিয়াইছে।ইজৰাইল ভ্ৰমণৰ পিছত বাইদেনে পেলেষ্টানিয়ান অথৰিটি আৰু আৰৱ ৰাষ্ট্ৰ প্ৰধান সমূহৰ লগত মিলিত হোৱাৰ কথা আছিল। কিন্তু, আমেৰিকাই লোৱা পক্ষপাতিত্বমূলক অৱস্থানৰ বাবে পেলেষ্টাইন অথৰিটি আৰু আৰৱ ৰাষ্ট্ৰ সমূহে বাইদেনক লগ কৰিবলৈ সন্মত নহ’ল। মধ্য প্ৰাচ্যৰ পৰিস্থিতি অতি ভয়াবহ।কোন মুহূৰ্তত কি হয় একো ঠিক নাই। হামাচৰ বিচাৰ হওক, কিন্তু তাৰ বাবে সমগ্ৰ গাজাবাসীক অত্যাচাৰ কৰাটো কেনেধৰণৰ কথা! এটা কথা ঠিক, হিংসা প্ৰতিহিংসাৰে ইজৰাইল- পেলেষ্টাইন সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয়।এতিয়ালৈকে হোৱা নাই।সমাধান প্ৰক্ৰিয়াৰ বাবে তিনিটা চৰ্ত অনিবাৰ্য- অহিংস প্ৰক্ৰিয়া,আলাপ- আলোচনা আৰু ন্যায়।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd