হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পিছত সচৰাচৰ হোৱাৰ দৰে মানুহ দুটা পক্ষত বিভক্ত হৈছে। কোন কাৰ পক্ষত সেইটোও মোটামোটি চকু মুদি কৈ দিব পাৰি। কিন্তু, কথাটো ইমান সহজ নে? আমাৰ চকুৰ আগত যিবোৰ ঘটনা ঘটি আছে সেইবোৰতে সকলো সত্য নিহিত নে তাৰ ইতিহাস আৰু প্ৰসংগও ফহিয়াই চোৱা দৰকাৰ? গোটেই পৰিস্থিতিটো যদি আমি ভালদৰে অনুধাৱন কৰিবলৈ চেষ্টা কৰোঁ, বুজিবলৈ চেষ্টা কৰোঁ, আমাৰ হৃদয় চূচুৰ্মৈ হৈ যাব, চকু সেমেকি উঠিব। তেতিয়া আমি উপলব্ধি কৰিম যে ইজৰাইল আৰু হামাছৰ মাজৰ এই ৰক্তক্ষয়ী যুদ্ধৰ দ্বাৰা কেৱল তাৰ স্থানীয় লোক সকলেই নহয়, আমি সকলো ক্ষতিগ্ৰস্ত হৈছোঁ, যদিও আমি কোনো শাৰীৰিক আক্ৰমণৰ সন্মুখীন হোৱা নাই।
এতিয়াৰ ইজৰাইল আৰু পেলেষ্টাইন ঐতিহাসিকভাৱে ইহুদী, খৃষ্টান আৰু ইছলাম ধৰ্মৰ মানুহৰ বাসস্থান আছিল। জেৰুজেলেম এই তিনিওটা আব্ৰাহামিক ধৰ্মৰ মানুহৰ বাবে পৱিত্ৰ ভূমি আছিল। তাৰ আমি হাজাৰ বছৰীয়া ইতিহাসলৈ নাযাওঁ। কিন্তু, এতিয়া জেৰুজেলেমক লৈ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সদায় অৰিয়াঅৰি। আমি সকলোৱে জানো যে কুৰি শতিকাৰ মাজ ভাগত, ইহুদীসকলৰ ওপৰত ইউৰোপত অবৰ্ণনীয় অত্যাচাৰ চলোৱা হৈছিল। দ্বিতীয় মহাসমৰৰ সমাপ্তি আৰু হিটলাৰৰ পতনৰ পিছত, সেই উৎপীড়ণৰ অৱসান হৈছিল। ঠিক তাৰ পিছতে, ৰাষ্ট্ৰসংঘৰ উদ্যোগত ১৯৪৮ চনত ইহুদীসকলৰ গৃহভূমি হিচাপে ইজৰাইল ৰাষ্ট্ৰৰ জন্ম দিয়া হৈছিল। কিন্তু, তেতিয়াই ওচৰ-চুবুৰীয়া আৰৱ ৰাষ্ট্ৰ সমূহে তাৰ বিৰোধিতা কৰিছিল। সেই লৈ সন্মিলিত আৰৱ ৰাষ্ট্ৰ আৰু ইজৰাইলৰ মাজত যুদ্ধও হৈছিল।তেতিয়াৰ পৰা এতিয়ালৈ ইজৰাইল- পেলেষ্টাইন সংঘৰ্ষই মধ্যপ্ৰাচ্য অশান্ত কৰি ৰাখিছে।
এইখিনিতে দুটা কথা মন কৰিবলগীয়া।এফালৰ পৰা ছিন্নমূল হৈ পৰা ইহুদীসকলে নিজাববীয়াকৈ এখন ৰাষ্ট্ৰ পোৱাটো যেনেকৈ ইতিবাচক কথা আছিল, ঠিক তেনেদৰে এটা উমৈহতীয়া অঞ্চল চিৰদিনৰ বাবে ইহুদীসকলক গতাই দিয়াটো আৰৱ ৰাষ্ট্ৰ সমূহে সহজভাৱে মানি ল’ব পৰা নাছিল। তাতোকৈ ডাঙৰ কথাটো আছিল,- ইজৰাইলৰ যোগেদি পাশ্চাত্য আৰু ইউৰোপৰ ৰাষ্ট্ৰসমূহে আৰৱ ৰাষ্ট্ৰসমূহৰ ওপৰত এক ধৰণৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। সেইবাবেই জন্মৰ সময়ৰে পৰা ইজৰাইল আৰৱ ৰাষ্ট্ৰ সমূহৰ বাবে আছিল চকুৰ কূটা, অথচ পাশ্চাত্যৰ বাবে চকুৰ মণি।
এনে এটা পটভূমিতে, পেলেষ্টাইন লিবাৰেশ্যন অৰগেনাইজেশ্যনৰ জন্ম হৈছিল। এটা সময়ত য়েছেৰ আৰাফট হৈ পৰিছিল পি এল ওৰ কিংবদন্তী নেতা। পেলেষ্টাইনবাসীৰ মুক্তি আৰু ইজৰাইল ৰাষ্ট্ৰৰ অৱসানেই আছিল তেওঁলোকৰ লক্ষ্য।বহু ঘাত-প্ৰতিঘাতৰ মাজত, নিজৰ মাতৃভূমিৰ পৰা বিতাৰিত হৈ তেওঁলোকে সংগ্ৰাম অব্যাহত ৰাখিছিল। কেৱল আৰৱ ৰাষ্ট্ৰসমূহেই নহয়, সমগ্ৰ বিশ্বৰ ভালেমান ৰাষ্ট্ৰই পি এল ও লৈ সমৰ্থন জনাইছিল। ভাৰতত ১৯৮৩ত অনুষ্ঠিত হোৱা নাম (গোষ্ঠী নিৰপেক্ষ) সন্মিলনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ লগত আৰাফটৰ ছৱিখন কেনে এখন স্মৰণীয় ছবি আছিল!
কিন্তু এটা সময়ত পি এল ওত ঘূণে ধৰিছিল। তদুপৰি পি এল ওক দুৰ্ৱল কৰিবলৈ আমেৰিকা আৰু ইজৰাইলে অনবৰতে চেষ্টা কৰি আছিল। তেনে সময়তে ১৯৯৩ত আমেৰিকাৰ হোৱাইট হাউচৰ বাকৰিত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিনটনৰ মধ্যস্থতাত, পি এল ওৰ প্ৰধান য়েছেৰ আৰাফট (Yasser Arafat) আৰু ইজৰাইলৰ ৰাষ্ট্ৰপতি ইয়াটজাক ৰবীনৰ মাজত অচল’ (Oslo) শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াক অচল’ শান্তি চুক্তি বুলি কোৱা হয় এই কাৰণেই যে এই চুক্তিৰ বাবে প্ৰথমে গোপন প্ৰক্ৰিয়া আৰম্ভ হৈছিল নৰৱেইৰ ৰাজধানী অচল’ত। সকলোৱে ভাবিছিল এই চুক্তিয়ে ইজৰাইল আৰু পেলেষ্টাইন- দুয়ো পক্ষৰ মাজত আস্থা আৰু বিশ্বাসৰ পৰিবেশ ঘূৰাই আনিব আৰু ই মধ্যপ্ৰাচ্যত শান্তি প্ৰতিষ্ঠাৰ বাট মুকলি কৰিব। কিন্তু, পি এল ওৰ লগত জড়িত হৈ থকা এডওৱাৰ্ড চেইডে অচল’ শান্তি প্ৰক্ৰিয়া সম্পৰ্কে তেতিয়াই সন্দিহান আছিল। এই বিষয়ে তেখেতৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা গ্ৰন্থ From Oslo to Irak and the Roadmapৰ আগকথাত টনি জুডটে লিখা তলৰ কথাখিনি তাৎপৰ্যপূৰ্ণঃ
“This was the premise behind the Declaration of Principles signed on the White House Lawn in September 1993. But the whole thing was deeply flawed. As Said reminds us, there were not two “sides” to these negotiations: there was Israel, an established modern state with an awesome military apparatus, (by some estimates the fourth strongest in the world today), occupying land and people seized thirty years earlier in war. And there were the Palestinians, a dispersed, displaced, disinherited community with neither an army nor a territory of its own. There was an occupier and there were the occupied. In Said’s view the only leverage that the Palestinian had was their annoying facticity: They were there, they would not go away, and they would not let the Israelis forget what they had done to them.”
অৰ্থাৎ, এই চুক্তি হৈছিল সামৰিক শক্তিত বিশ্বৰ ভিতৰত চতুৰ্থ স্থানত থকা শক্তিশালী ইজৰাইল আৰু নিজৰ পৰিচয়ৰ বাহিৰে নিজৰ মাটিতে অঘৰী, উদ্বাস্তু হোৱা পেলেষ্টাইনী সকলৰ মাজত। ইজৰাইলৰ সকলো আছিল। পেলেষ্টাইনৰ একোৱেই নাছিল। কিন্তু, ইজৰাইলৰ পেলেষ্টাইন দখল যে অনাধিকাৰ প্ৰবেশ আছিল সেই কথাটোৱে অনবৰতে ইজৰাইলক অস্বস্তিত পেলাইছিল। সেইটোহে কেৱল পেলেষ্টাইনৰ পক্ষে আছিল। তাৰ পিছত কি হ’ল? পেলেষ্টাইনৰ ক্ষমতা নৰম বা উদাৰপন্থী পি এল ওৰ হাতৰ পৰা হামাছ, ইছলামিক উগ্ৰবাদী সংগঠনৰ হাতলৈ গ’ল।
তাতো যে আমেৰিকাৰ হাত নাছিল তেনে নহয়। অনবৰতে মানৱ অধিকাৰ আৰু শান্তিৰ কথা কৈ থকা আমেৰিকাই সদায় উগ্ৰপন্থী সংগঠনক নানা ধৰণে উচতনি দিয়ে, মদত যোগায়; কিয়নো গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলনৰ ওপৰত হাত দিয়াটো বেয়া দেখি। কিন্তু, আন্দোলন নৰমপন্থীৰ হাতচাৰা হৈ উগ্ৰপন্থীৰ হাতলৈ গ’লে সন্ত্ৰাসৰ কথা কৈ নিজৰ অধিকাৰ আৰু পৰিচয়ৰ বাবে কৰা আন্দোলন থান বান কৰি দিব পাৰি। সেইবোৰেই জানো আমি মধ্য প্ৰাচ্যত দেখি থকা নাই? ইৰাকত কি হ’ল, আৰু আফগানিস্থানত কি দেখিলোঁ? ক’ৰ পৰা ক’লৈ গ’ল আফগানিস্থান? এতিয়া পেলেষ্টাইন?
এটা জাতিক নিজৰ মাটিৰ পৰা আঁতৰাই, সংকুচিত কৰি কৰি এঠাইত আৱদ্ধ কৰি থ’লে, তাতো অনবৰতে হনাখোচা কৰি থাকিলে ক্ষোভৰ উদ্গীৰণ হোৱাটো তেনেই স্বাভাৱিক। সেয়ে পেলেষ্টাইন আৰু ইজৰাইলৰ মাজৰ এই সংঘাত কেৱল এক স্থানীয় সংঘাত নহয়, ই আজিৰ বিশ্ব শৃঙ্খল( World Order)ৰ পৰিণতি। প্ৰকৃত শান্তি আৰু গণতন্ত্ৰত বিশ্বাস কৰা সকলে তথাকথিত উন্নত ৰাষ্ট্ৰসমূহৰ আগ্ৰাসী নীতিৰ বিৰোধিতা নকৰিলে আমি কোনোৱে ইয়াৰ পৰা নিস্তাৰ নাপাম। শ শ শিশু, মহিলা, বৃদ্ধৰ আৰ্তনাদৰ দু:স্বপ্নই আমাক খেদি ফুৰিব।