‘Digital Personal Data Protection Act’ অসমীয়া কৰিলে হ’ব ‘ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন’। ই এখন অতি বিপজ্জনক আইন। এই আইনৰ অধীনত সাংবাদিক, ইউটিউবাৰ, বা অইন যি কোনো সংগঠনে অনুমতি অবিহনে কোনো ব্যক্তিৰ নাম বা তেওঁৰ ব্যক্তিগত তথ্য প্ৰকাশ কৰিলে তেওঁৰ ওপৰত ২৫০ কোটি পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। জৰিমনা আদায় নিদিলে তাক ৫০০ কোটিলৈ বৃদ্ধি কৰা হ’ব পাৰে।যিখন দেশত বহুত লোকে মাহে ২৫ হাজাৰ টকাতকৈ কম উপাৰ্জন কৰে আৰু সাংবাদিকসকলৰ সৰহভাগৰে মাহিলী উপাৰ্জন ৩০ হাজাৰ টকাও নহয়, তেনে এখন দেশত কিবা এটা অনুসন্ধান কৰি কাৰোবাৰ নাম বা ব্যক্তিগত তথ্য উল্লেখ কৰিলে যদি কোটি কোটি টকা জৰিমনা হিচাপে দিব লগা হয় তেতিয়া হ’লে সাংবাদিকতা, মানে সৎ সাংবাদিকতা এইখন দেশত জীয়াই থাকিবনে? এই আইনখনে বাক-স্বাধীনতা আৰু নিৰপেক্ষ সাংবাদিকতাৰ বাৰ বজাই নিদিবনে?
ডিপিডিপি আইনখনে ব্যক্তিগত তথ্য সংগ্ৰহ আৰু তাৰ লগত জড়িত থকাসকলক “তথ্য ভাণ্ডাৰ(Data Fiduciary) হিচাপে শ্ৰেণীভুক্ত কৰিছে, যিটো শ্ৰেণীত এতিয়া সাংবাদিক, ইউটিউবাৰ, আৰটিআই কৰ্মী, আনকি ৰাজনৈতিক দলসমূহকো অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ দুৰ্নীতি বা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ দ্বাৰা কৰা প্ৰৱঞ্চনা উদঙাই দিয়াৰ দৰে জনস্বাৰ্থৰ ক্ষেত্ৰতো কাৰোবাৰ নাম বা সবিশেষ ব্যৱহাৰ কৰাৰ আগতে যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে তেওঁৰ সন্মতি ল’ব লাগিব। উদাহৰণস্বৰূপে, ঋণ মাফ, ভোটাৰ তালিকাৰ অনিয়ম, বা ন্যায়াধীশৰ সম্পত্তিৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰাৰ আগতে যদি সংশ্লিষ্ট ব্যক্তিৰ অনুমতি লোৱা নহয় তাৰ বাবে এই জৰিমনা ভৰিব লাগিব পাৰে। মানৱাধিকাৰ কৰ্মী অঞ্জলি ভৰদ্বাজ আৰু নিখিল দেয়ে উল্লেখ কৰিছে যে এই আইনখনৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰা হৈছে, য’ত ইতিমধ্যেই সৰ্বোচ্চ ন্যায়ালয়ে নাগৰিকে জনস্বাৰ্থ জড়িত বিষয়ত এনে তথ্য বিচাৰিব পাৰে বুলি উল্লেখ কৰি থৈছে। আইনী ৰেহাই অবিহনে সাংবাদিকসকলে উৎসৰ গোপনীয়তা আৰু তদন্তৰ বাবে স্বতন্ত্ৰ ক্ষমতা হেৰুৱাৰ আশংকা হেৰুৱাই পেলাব। বিৰোধী দলসমূহৰ ছ’চিয়েল মিডিয়া কোষবোৰো এই আইনৰ আক্ৰমণক লক্ষ্য হ’ব পাৰে।এই বিষয়ে আজি দুদিন আগতে মই নিজে National Campaign for People’s Rights to Information ৰ যুটীয়া আহ্বায়ক অঞ্জলি ভৰদ্বাজৰ লগত এটা সাক্ষাৎকাৰো লৈছিলোঁ। আপোনালোকে সাক্ষাৎকাৰটো চালে গম পাব বিষয়টো কিমান গুৰুত্বপূৰ্ণ।
অৱশ্যে সাংবাদিকৰ অধিকাৰ খৰ্ব কৰাৰ প্ৰচেষ্টা এইটোৱেই প্ৰথম নহয়।সেইদিনা ৰাবিশ কুমাৰেও কৈছে যে ২০১৭ চনত ৰাজস্থানৰ তেতিয়াৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই দুৰ্নীতিৰ গোচৰত ন্যায়াধীশ বা বিষয়াৰ নাম উল্লেখ কৰাৰ পূৰ্বে চৰকাৰী অনুমোদনৰ প্ৰয়োজনীয়তা বাধ্যকতামূলত কৰি আইন এখন আনিছিল। তাতো আইন উলংঘাৰ বাবে দুবছৰৰ কাৰাদণ্ড বিহাৰ কথা উল্লেখ আছিল।কিন্তু তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈ বিধেয়কখন পিছত বাতিল কৰা হৈছিল। বহুতেই, এতিয়াৰ ডিপিডিপি আইনখনক ৰাজস্থানৰ সেই আইনখনৰ ৰাষ্ট্ৰীয় সংস্কৰণ বুলি অভিহিত কৰিছে। এই আইনখনে নিৰ্দিষ্ট কিছু ব্যক্তি আৰু সৰু সৰু ডিজিটেল মিডিয়া মঞ্চ সমূহক লক্ষ্য কৰি ল’ব আৰু চৰকাৰী অনিয়ম আৰু দুৰ্নীতিৰ ৰক্ষাকৱচ হিচাপে কাম কৰিব। দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু মন্ত্ৰীসকলে এই আইনৰ আজুহাতত তেওঁলোকৰ নাম আৰু অন্যান্য তথ্যক “ব্যক্তিগত তথ্য” বুলি কৈ দুৰ্নীতি আৰু অনিয়ম কৰিও বাচি যাব।
এই আইনখনৰ বাবে ইমানদিনে দুৰ্নীতি উদঙাই দিয়াৰ এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহাৰ হৈ থকা তথ্যজনাৰ অধিকাৰ আইন (আৰ টি আই)খনো অৰ্থহীনহৈ পৰিব। পূৰ্বতে জনস্বাৰ্থৰ সৈতে জড়িত ব্যক্তিগত তথ্য সুলভ আছিল যদিও ডিপিডিপি আইনখনে সন্মতি অবিহনে সকলো ব্যক্তিগত তথ্যৰ দাবী নিষিদ্ধ কৰিছে, আনকি ভোটাৰ তালিকা বা নিৰ্বাচনী বণ্ডৰ দাতাৰ তথ্য উপলব্ধ নহ’ব। আমি জনাত বছৰি ৬০ লাখ লোকে বিভিন্ন তথ্য বিচাৰি আৰ টি আই আইনৰ যোগেদি আবেদন দাখিল কৰে।এতিয়া এওলোকে কি কৰিব? এইদৰে এই আইনখনে প্ৰশাসনিক স্বচ্ছতাক কবৰ নিদিবনে? চৰকাৰে আধাৰ কাৰ্ড, পেন বা অন্য নানা ধৰণে নাগৰিকৰ ব্যক্তিগত তথ্য মুক্তভাৱে লাভ কৰিব পাৰে। অথচ এতিয়া জনসাধাৰণ কিন্তু সেই অধিকাৰৰ পৰা বঞ্চিত হ’ব। দুহেজাৰ চব্বিচ চনৰ নিৰ্বাচনৰ পাছত বিজেপিৰ ধন ১০,১০৭ কোটিলৈ বৃদ্ধি হোৱা বা আই এ এছ বিষয়া অভিষেক প্ৰকাশৰ বিৰুদ্ধে উত্থাপিত মাটিৰ দখলৰ দৰে অভিযোগৰ উদাহৰণে দেখুৱাইছে যে নাম উল্লেখ কৰাৰ বাবে সাংবাদিকসকলে জৰিমনা ভৰিলে এনেধৰণৰ দুৰ্নীতি সাংবাদিক সকলে এতিয়াৰে পৰা ৰাজহুৱা কৰিব নোৱাৰিব। এই আইনখনে অনুসন্ধামূলক বাতৰিৰ মৃত্যু ঘন্টা বজাব, আৰু গোপনীয়তাৰ আৱৰণত দুৰ্নীতিক ৰক্ষণাবেক্ষণ দিব। সেইকাৰণেই ভাৰতৰ ১০০টাতকৈও অধিক নাগৰিক সমাজে আইনখনক প্ৰত্যাহ্বান জনাইছে।মই ভাবো বাকস্বাধীনতা আৰু প্ৰশাসনিক স্বচ্চতাত বিশ্বাসী প্ৰতি গৰাকী ব্যক্তিয়ে এই আইনখনৰ বিৰোধিতা কৰা উচিত।