• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মইনা নায়কৰো জীয়াই থকাৰ অধিকাৰ আছে

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
July 22, 2022 2:46 pm
Editorial by the Editor in Chief
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গে ডিব্ৰুগড়ত বাথৰূমত পৰি আঘাত পালে।স্বাভাবিকভাৱে জুবিন গাৰ্গৰ  স্বাস্থ্যক লৈ তেওঁৰ অনুৰাগী সকল উৎকন্ঠিত হৈ পৰিল।চৰকাৰেও ততাতৈয়াকৈ জুবিন গাৰ্গৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিলে। ডিব্ৰুগড়ত উপযুক্ত চিকিৎসাৰ অভাৱ হ’ব পাৰে বুলি আকাশী এম্বুলেন্সেৰে তেওঁক চৰকাৰী খৰচত গুৱাহাটীলৈ লৈ অনা হ’ল।আমি কামনা কৰিছোঁ জুবিন গাৰ্গ সোনকালে ভাল হৈ উঠক।

মইনা নায়কৰ জখম বৰ গুৰুতৰ বিধৰ আছিল।তেওঁক প্ৰথমে ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল।পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ লৈ অনা হৈছিল পথেৰে।এতিয়া সামাজিক মাধ্যমত চৰকাৰক সমালোচনা কৰা হৈছে এই বুলি যে জুবিন গাৰ্গৰ চিকিৎসা সম্পৰ্কে চৰকাৰে যি  তৎপৰতা দেখুৱালে সেই একে তৎপৰতা মইনা নায়কৰ চিকিৎসাৰ ক্ষেত্ৰত  কিয় নেদেখুৱালে। ধনী-দুখীয়া, বিখ্যাত-অখ্যাতক আমাৰ সমাজে একে চকুৰে চাবনে?সেইটো হ’লে দেখোন সাংঘাটিক কথা হ’ব।সেইটো অতি আদৰণীয় আৰু আদৰ্শ কথা হ’ব।কিন্তু এতিয়াও তাৰ পৰা আমাৰ সমাজ বহু দূৰত।

তৎসত্বেও এই বিতৰ্কটো বৰ ভাল বিতৰ্ক।এটা প্ৰাসংগিক তুলনা।নতুন ৰাষ্ট্ৰপতি হোৱাৰ সময়ত এটা গুৰুত্বপূৰ্ণ তুলনা।এই প্ৰসংগতে আমি আমাৰ চৰকাৰী স্বাস্থ্য সেৱাৰ বিষয়ে কেতবোৰ প্ৰশ্ন উত্থাপন কৰা উচিত নহ’বনে? চৰকাৰ এখন ভাল নে বেয়া তাক চোৱাৰ মূল কথা কেইটা কি? সেইকেইটা হ’ল- স্বাস্থ্য,শিক্ষা,কৰ্ম সংস্থান আৰু সামাজিক শান্তি।

স্বাস্থ্যসেৱা এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আমাৰ চৰকাৰী স্বাস্থ্যসেৱাৰ মূল ভাগ কেইটা ? আমি সকলোৱে জানো যে আমাৰ স্বাস্থ্যসেৱাৰ মূল ভাগ হৈছে চাৰিটাঃ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, খণ্ড স্বাস্থ্যকেন্দ্ৰ, জিলা স্বাস্থ্যকেন্দ্ৰ আৰু চিকিৎসা মহাবিদ্যালয় বোৰ।আমি প্ৰায়ে শুনো ইমানখন বিছনাযুক্ত,সিমানখন বিছনাযুক্ত চিকিৎসালয় উদ্বোধনৰ কথা।এই চাৰি তৰপীয়া চৰকাৰী চিকিৎসা সেৱা ব্যৱস্থাটোত ক’ত কি সুবিধা থাকিব? ক’ত কিমান চিকিৎসক থাকিব সেই সকলোবোৰ Indian Public Health Standardsত ধৰি দিয়া আছে।এই ব্যৱস্থাটো সুচাৰুৰূপে চলি থাকিলে আজি যেনেকৈ চাৰিওফালে ব্যক্তিগত নাৰ্চিংহোম আৰু চিকিৎসালয়বোৰ গঢ়ি উঠিছে সেইবোৰ তেনেকৈ গঢ়ি উঠিব পাৰিলেহেঁতেন নে?

কেতিয়াও নোৱাৰিলেহেঁতেন। আমাৰ চাৰিওফালে গঢ়ি উঠা ব্যক্তিগত চিকিৎসালয়বোৰেই প্ৰমাণ যে আমাৰ চৰকাৰী স্বাস্থ্যসেৱাটো ঠিকে-ঠাকে চলি থকা নাই। কিন্তু চৰকাৰে  দিনে-ৰাতিয়ে অ’ত এইখন ত’ত সেইখন বিশেষ সুবিধা থকা চিকিৎসালয় খোলাৰ খৱৰ আমি দিনৌ পাই আছোঁ। তেনেহ’লে কথাটো কি হৈছে? চিকিৎসালয় এখনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কেইটা কি? ডাক্টৰ,নাৰ্চ,অন্য সহায়ক কৰ্মচাৰী, প্ৰয়োজনীয় যন্ত্ৰপাতি আৰু অত্যাৱশ্যকীয় ঔষধ-পাতি।এই যে আমাৰ চাৰি খলপীয়া স্বাস্থ্যসেৱা ব্যৱস্থাটো, তাত মই কোৱা বস্তু কেইটা চপচপীয়াহৈ আছেনে? নাই। থকা হ’লে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰবোৰে বাচবিচাৰ নকৰাকৈ তেওঁলোকৰ তালৈ অহা ৰোগীবোৰ খণ্ড স্বাস্থ্যকেন্দ্ৰলৈ নপঠিয়ালেহেঁতেন, একেধৰণৰ  কাম খণ্ড আৰু জিলা চিকিৎসালয়বোৰে নকৰিলেহেঁতেন।এনেদৰে আহি আহি ৰোগীবোৰ যেতিয়া চিকিৎসা মহাবিদ্যালয় পায় তাত তেওঁলোকে সুচিকিৎসা পায়নে?

কেনেকৈ পাব? ইমানবোৰ ৰোগী  চম্ভালিব পৰা ব্যৱস্থাই নাই তেওঁলোকৰ তাত।আজি কেইদিনমান আগতে দুৰ্ঘটনাত ডেকা ল’ৰা এজনৰ উৰুৰ হাড় ভাঙোতে তেওঁক গুৱাহাটী মেডিকেল হাচপিটাললৈ লৈ যাওতে ময়ো লগত গৈছিলোঁ।আচৰিত কথা যে তাৰ আপদকালীন বহিৰ্বিভাগত সেইদিনা এক্সৰে মেচিনটো বিকল হৈ আছিল।খবৰ কৰি গম পাইছিলোঁ সেইটো হেনো প্ৰায়ে হয়।উপায়হীন হৈ আমি আমাৰ ৰোগীক ওচৰৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ সিদ্ধান্ত লৈছিলোঁ।এইটো এটা ক্লাচিক কেচ।তাৰমানে কি হ’ল চৰকাৰী চিকিৎসালয় বাগৰি বাগৰি ৰোগী ব্যক্তিগত চিকিৎসালয় পায়গৈ।

এই অভিজ্ঞতাটো এবাৰ দুবাৰ হোৱাৰ পিছত মানুহে চৰকাৰী চিকিৎসালয়েৰে বেচৰকাৰী চিকিৎসালয়লৈ যোৱা ৰাস্তা বাদ দি চিধাচিধি বেচৰকাৰী চিকিৎসালয়লৈ যায়গৈ।সেয়ে আমাৰ চৰকাৰী স্বাস্থ্য ব্যৱস্থাটো অকামিলাহৈ পৰাৰ প্ৰমাণ কাঠফুলাৰ দৰে চাৰিওফালে গঢ়ি উঠা বেচৰকাৰী চিকিৎসালয়বোৰ।বিয়াগোম অট্টালিকা এটাই চিকিৎসালয়খন নহয়, তাত যদি চিকিৎসাৰ মৌলিক সা-সুবিধা আৰু ব্যৱস্থাবোৰ নাথাকে।আজিৰ নিৰ্মাণকেন্দ্ৰিক উন্নয়নৰ দিনত অইন হওক নহওক চাৰিওফালে বিয়াগোম অট্টালিকাবোৰ কিন্তু গঢ়ি উঠিছে।

আমি আকৌ জুবিন গাৰ্গ আৰু মইনা নায়কলৈ ঘূৰি আহিছোঁ।জুবিন গাৰ্গক আকাশী এম্বুলেন্সেৰে অনাত আমাৰ আপত্তি নাই।জুবিন গাৰ্গৰ প্ৰতিভাৰ লগত মইনা নায়কৰ প্ৰতিভাৰ তুলনা কৰাৰ বাতুলতাও আমাৰ নাই।কিন্তু মইনা নায়ক, ওৰফে সাধাৰণ মানুহ এজনৰ যদি এনে জৰুৰী চিকিৎসাৰ প্ৰয়োজন হয় তেওঁক আকাশী এম্বুলেন্সেৰে অনাৰ দায়িত্ব কাৰ? প্ৰতিভাৰ কথাটো বেলেগ জীয়াই থকাৰ অধিকাৰ সকলোৰে সমান হয়নে নহয়?

আৰু এটা কথা,অসমত দীৰ্ঘ দিনৰ বাবে কোন স্বাস্থ্য বিভাগৰ দায়িত্বত আছিল? আজি অসমৰ যিজন মুখ্যমন্ত্ৰীয়ে চাৰিওফালে হিলদল ভাঙি মই মই কৰি খলক লগাই আছে, তেওঁ আমাৰ পঁয়ালগা চৰকাৰী স্বাস্থ্য ব্যৱস্থাটোৰ দায়িত্ব ল’ব নালাগিবনে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

September 8, 2025 1:06 pm
ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

September 8, 2025 11:46 am
পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

September 8, 2025 10:32 am
মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

September 8, 2025 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

September 8, 2025 1:06 pm
ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

September 8, 2025 11:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd