• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ পৰা আমি কি বিচাৰোঁ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
September 30, 2022 3:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰীজন ৰাজ্য প্ৰশাসনৰ মুৰব্বী।আমি বিচাৰোঁ তেওঁৰ আচৰণ,ব্যৱহাৰ ৰাজ্য প্ৰশাসনৰ সকলোৰে বাবে আদৰ্শ আৰু অনুকৰণীয় হওক।মুখ্যমন্ত্ৰীৰ আচৰণ,ব্যৱহাৰ আৰু কথা বতৰাৰ কেইটামান দিশ অত্যন্ত গুৰুত্বপূৰ্ণ। সেইকেইটা কি? তেওঁ এনে কথা কেতিয়াও ক’ব নালাগিব যিটো আইনৰ শাসন আৰু দেশৰ সংবিধান বহিৰ্ভূত।ইয়াৰ উপৰিও তেওঁ সামাজিক শিষ্টাচাৰ মানি চলিব লাগিব।ইয়াৰ কাৰণ কি?

ইয়াৰ কাৰণ এইটোৱে যে এতিয়া আমি মধ্যযুগত বাস কৰা নাই।এতিয়াৰ সময় ৰজা মহাৰজাৰ সময় নহয়।এতিয়া দেশ শাসন হয় আইন কানুনৰ দ্বাৰা। সেই আইন কানুনো কাৰো মৰ্জি মতে প্ৰণয়ন কৰা নহয়। আইন প্ৰণয়ন কৰা হয় দেশৰ সংবিধান প্ৰদত্ত নীতি নিয়মৰ যোগেদি। আনহাতে সামাজিক শিষ্টাচাৰ সমাজ এখন পৰিচালিত হোৱাৰ অলিখিত নিয়ম।ই যিকোনো সভ্য আৰু শিষ্ট সমাজ এখনৰ এক অপৰিহাৰ্য চৰ্ত। ৰাজ্য এখনৰ মুৰব্বীৰ পৰা নিশ্চিতৰূপে আমি সেইটো আশা কৰিব পাৰোঁ।

আজি কিছুদিনৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এনে কিছুমান কথা কৈছে আৰু কাম কৰিছে যিবোৰে মুখ্যমন্ত্ৰীৰ পদবীটোৰ পদমৰ্যাদা হ্ৰাস কৰিছে।দুটা উদাহৰণ দিব বিচাৰিছোঁ। চৰকাৰী চাকৰিত মকৰল প্ৰক্ৰিয়া সম্পৰ্কে তেখেতে কৈছে যে ১৯৯৮ত হেনো কোনো আইন সংগত প্ৰক্ৰিয়া অবিহনে তেখেতৰ মুখৰ কথাতে জালুকবাৰী সমষ্টিৰ পৰা ৩০ জন লোকক শিক্ষকৰ চাকৰিত মকৰল কৰা হৈছিল।এইটো কেনে কথা?

মুখ্যমন্ত্ৰীজনে তেখেতৰ দিনত নিকা প্ৰক্ৰিয়াৰ যোগেদি যুবক-যুৱতীক চাকৰিত মকৰল কৰা হৈছে বুলি প্ৰতিপন্ন কৰিবলৈ গৈ তেওঁ ২৪ বছৰৰ আগৰ অবৈধ মকৰল প্ৰক্ৰিয়া এটাৰ কথা কৈছে।তেওঁ কোৱা কথাটোত আমি একো গুৰুত্ব নিদিলোহেঁতেন আৰু এইটোক সেই সময়ৰ চৰকাৰৰ এটা ডাঙৰ বিচ্যুতি বুলি গণ্য কৰিলোহেঁতেন যদিহে ঘটনাটোৰ লগত তেওঁ নিজে জড়িত নহ’লহেঁতেন আৰু তেওঁ আজি অসমৰ মুখ্যমন্ত্ৰী নহ’লহেঁতেন। কিন্তু, এতিয়াৰ মুখ্যমন্ত্ৰী এজন তেতিয়াৰ অবৈধ নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত আছিল বুলি ঘোষণা কৰাটো কেনে কথা?

এতিয়া সেই বিষয়ে কি আইনী ব্যৱস্থা লোৱা হ’ব পাৰে সেইটো বেলেগ কথা বা সেই বিষয়ে বিশেষজ্ঞহে ক’ব পাৰিব।কিন্তু, মুখ্যমন্ত্ৰী এনে এটা ঘটনাৰ লগত জড়িত হোৱাটোৱে তেওঁৰ নৈতিক কৰ্তৃত্ব বহু পৰিমাণে  লাঘব নকৰিলেনে?

দ্বিতীয় কথাটো সৌসিদিনাৰ, যোৱা ২৪ চেপ্তেম্বৰৰ। সেইদিনা জনৈক সদগুৰুৰ লগত সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য দুই এজন মন্ত্ৰীৰ লগত একেলগে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে।মুখ্যমন্ত্ৰীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ভ্ৰমণে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে।বিতৰ্কৰ মূল কাৰণ কি? প্ৰথম কথা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়াও পৰ্যটকৰ বাবে মুকলি হোৱা নাই। অক্টোবৰতহে উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব।

দ্বিতীয় কথা, ৰাষ্ট্ৰীয় উদ্যান চোৱাৰ সময় হ’ল পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ।নিশা কাজিৰঙা উদ্যানত জীপ চাফাৰী কৰাৰ কোনো নিয়ম নাই। তৃতীয় কথা, জীপ চাফাৰী কৰোঁতে জীপখন চৰকাৰী চালকে চলোৱাটোহে নিয়ম।কিন্তু,সেইদিনা জীপখন চলাইছিল সদগুৰু বোলাজনে নিজে।কি কাৰণে এই তিনিওটা কথা অমান্য আৰু অৱজ্ঞা কৰা হ’ল? এটা যুক্তি দিয়া হৈছে যে হিমন্তবিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী।তেওঁৰ কাৰণে ৰাজ্যখনৰ কোনো ঠাই কেতিয়াও নিষিদ্ধ হ’ব নোৱাৰে?

এইটো এটা অদ্ভূত যুক্তি। হিমন্তবিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীহে। তেওঁৰ নিশ্চয় কিছুমান বিশেষ অধিকাৰ আছে। কিন্তু, সম্পদত নহয় আনকি বিপদতো তেওঁৰ কাৰণে ৰাজ্যখনৰ সকলো ঠাই উন্মুক্ত বুলি ভবাটো ভুল।কিয়নো তেওঁ এজন সৰ্বকলা বিশাৰদ ব্যক্তি নহয়। সকলো সমস্যাৰ সমাধান তেওঁৰ হাতত নাই।কিছুমান সমস্যা কেৱল বিশেষজ্ঞই সমাধান কৰিব পাৰে। আৰু অসময়ত মুখ্যমন্ত্ৰীয়ে সদগুৰুক লগতলৈ কিয় কাজিৰঙাত সোমাইছিল? তাত কিবা সমস্যাৰ সৃষ্টি হৈছিল নে তেওঁৰ লগত যোৱা দলটোৱে কাজিৰঙাৰ বন্যপ্ৰাণীৰ বিষয়ে কিবা গৱেষণা কৰিবলৈ তালৈ গৈছিল? নাই, তাত একো বিপদো হোৱা নাছিল বা তেওঁলোকে কোনো গৱেষণা কৰিবলৈও তালৈ যোৱা নাছিল।

মূল কথাটো আছিল কাজিৰঙাৰ প্ৰমোদ ভ্ৰমণ।নিশাৰ কাজিৰঙা কেনে দেখি সেইটো চোৱা।আৰু মুখ্যমন্ত্ৰীক কোনে না কৰিব পাৰে? তেওঁ সকলোৰে উৰ্দ্ধত।সেইটোৱেই আপত্তি কৰিবলগীয়া কথা।অপ্ৰয়োজনত মুখ্যমন্ত্ৰীয়ে নিজৰ পদবী ব্যৱহাৰ কৰাটোৱেই বেয়া আৰু আপত্তিজনক কথা।তেওঁ নিজে আইন ভাঙিলে অইনক আইন পালন কৰিবলৈ কোৱাৰ নৈতিক কৰ্তৃত্ব তেওঁৰ থাকিবনে? আটাইতকৈ বেয়া কামটো, নিষিদ্ধ কামটো কৰিছে সদগুৰুৱে।কাজিৰঙা এখন ব্যঘ্ৰ অৰণ্যও। তাত অন্য হ্ৰিংস্ৰ জীৱ-জন্তুও আছে। তাত যিবোৰ জীপ চালক আছে কিবা বিপদৰ উদ্ভৱ হ’লে তাৰ কেনেকৈ মোকাবিলা কৰিব লাগে তেওঁলোকৰ তাৰ প্ৰশিক্ষণ আছে।কিন্তু সদগুৰুৰ জানো তেনে প্ৰশিক্ষণ আছিল? গতিকে এইটো এটা ভয়ংকৰ বিচ্যুতি নহয়নে? তাতে স্বয়ং মুখ্যমন্ত্ৰীক লগত লৈ?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd