• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৃণাৰ ভাষণ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় মানিবনে আৰক্ষীয়ে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
October 29, 2022 6:44 pm
190
VIEWS
Share on FacebookShare on Twitter

ভাতৃত্ববোধ,দয়া,মমতাৰ সলনি সম্প্ৰতি ভাৰতত যে এটা ঘৃণা আৰু বিদ্বেষৰ পৰিবেশ গঢ়ি উঠিছে সেই সন্দৰ্ভত ২১ অক্টোৱৰৰ দিনা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কে এম জোচেফ আৰু হৃষীকৃশ ৰয়ে এটা অতি গুৰুত্বপূৰ্ণ অন্তৰ্বতীকালীন ৰায়দান কৰিছে। তেওঁলোকে সেই ৰায়টোত উল্লেখ কৰিছেঃ “The Constitution of India envisages Bharat as a secular nation and fraternity, assuring the dignity of the individual and the unity and integrity of the country are the guiding principles enshrined in the Preamble.There cannot be fraternity unless members of the community drawn from different religions or castes are able to live in harmony” “অৰ্থাৎ ব্যক্তিৰ মৰ্যাদা আৰু দেশৰ ঐক্য আৰু সংহতিক নিশ্চয়তা প্ৰদান কৰাটো ভাৰতৰ সংবিধানৰ প্ৰস্তৱনাত মূলমন্ত্ৰ বুলি উল্লেখ কৰি ভাৰতক এখন ধৰ্মনিৰপেক্ষ আৰু ভাতৃত্বৰ দেশ বুলি কোৱা হৈছে। কিন্তু, বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ মানুহ মিলাপ্ৰীতিৰে বাস নকৰিলে ভাতৃত্ব থাকিব নোৱাৰে।”

দুজনীয়া বিচাৰপীঠে আকৌ উল্লেখ কৰিছেঃ We feel the court is charged with the duty to protect the fundamental rights and also protect and preserve  the constitutional values in particular the rule of law and the secular democratic character of the nation. “অৰ্থাৎ আমি অনুভব কৰো যে ব্যক্তিৰ মৌলিক অধিকাৰৰ সুৰক্ষা প্ৰদান কৰা আৰু সাংবিধানিক প্ৰমূল্যসমূহ,বিশেষকৈ আইনৰ শাসন আৰু দেশৰ ধৰ্মনিৰপেক্ষ,গণতান্ত্ৰিক চৰিত্ৰক সুৰক্ষা প্ৰদান কৰাটো আমাৰ কৰ্তব্য।”

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দুগৰাকী সন্মানীয় বিচাৰপতিয়ে কিয় এনে মন্তব্য কৰিবলৈ বাধ্য হ’ল? আমি অতি উদ্বিগেৰে লক্ষ্য কৰিছোঁ যে যোৱা কেইবছৰমানত আমাৰ দেশৰ সামাজিক বাতাবৰণ ঘৃণা, বিদ্বেষ আৰু পাৰস্পৰিক অসূয়া,অবিশ্বাসেৰে ভৰি পৰিছে। বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলিম আৰু খৃষ্টান সকল দেশৰ বিভিন্ন ঠাইত প্ৰায়ে অপদস্থ হ’ব লগা হৈছে। যোৱা সময়ছোৱাত কিমান ঠাইত মুছলমান সম্প্ৰদায়ৰ লোক সকল mob lynching বা গণপ্ৰহাৰৰ সন্মুখীন হৈছিল তাৰ হিচাব ৰখাটোৱেই টান হৈ পৰিছে?

এইখিনিতে যোৱা ১৬ জানুৱাৰীৰ দিনা Genocide Watchৰ প্ৰতিষ্ঠাপক Gregory Stanton এ কৰা সাৱধানবাণী এটাৰ কথাও আমাৰ মনলৈ আহে। ভাৰতত দেখা দিয়া শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত, বিশেষকৈ ২০১৯ চনত যথাক্ৰমে নাগৰিকত্ব সংশোধনী বিল গ্ৰহণ কৰা আৰু ইমান দিনে কাশ্মীৰৰত বলবৎ থকা স্বায়ত্ব শাসন উঠাই লোৱাৰ পিছত, সংখ্যালঘু সকলৰ অৱস্থাৰ আৰু অৱনতি হোৱা বুলি তেওঁ মন্তব্য কৰিছিল। পৰিস্থিতি যদি সোনকালে চম্ভালি লোৱা নহয়, তেনেহ’লে ভাৰতৰ মুছলিম সকলো genocide অৰ্থাৎ গণহত্যাৰ সন্মুখীন হ’ব পাৰে বুলি তেওঁ আশংকা কৰিছিল।

গ্ৰেগৰী ষ্টেনটনৰ মন্তব্য এই কাৰণেই গুৰুত্বপূৰ্ণ যে ১৯৮৯ চনত তেওঁ ৰাৱাণ্ডাত টুষ্টি সকল এনে গণহত্যাৰ সন্মুখীন হ’ব পাৰে বুলি আগজাননী দিছিল।আৰু সঁচাই ১৯৯৪ চনত হোৱা ৰাৱাণ্ডাৰ গণনিধনত তেতিয়া প্ৰায় ৮০০০০০ লাখ টুষ্টি আৰু অন্যান্য লোকৰ মৃত্যু হৈছিল।

ভাৰতত গ্ৰেগৰী ষ্টেনটনৰ আগজাননী আমি কেতিয়াও ফলিওৱাটো নিবিচাৰোঁ।কিন্তু আমাৰ দেশৰ অৱস্থা যে এতিয়া ভাল নহয়, সেইটো আমি সকলোৱে জানো। এই ক্ষেত্ৰত সৌসিদিনা, ২০২১ চনৰ ডিচেম্বৰ মাহত উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ ধৰ্ম সংসদত হিন্দুত্ববাদী সকলে মুকলিকৈ মুছলমান সকলক হত্যা কৰাৰ ভাবুকি দিয়াটোলৈ আমি আঙুলিয়াব পাৰোঁ। আশাব্যঞ্জক কথা এইটোৱেই যে তেতিয়া ধৰ্ম সংসদৰ বিদ্বেষমূলক বক্তৃতাবোৰৰ বিৰোধিতা কৰি সমগ্ৰ ভাৰতবৰ্ষতে এক প্ৰতিবাদৰ জোৱাৰ উঠিছিল। সেই প্ৰতিবাদৰ ভিত্তিতে,উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত যি সকলে বিশেষ এটা সম্প্ৰদায়ৰ বিৰুদ্ধে এনে বিষেদ্গাৰমূলক বক্তব্য আগবঢ়াইছিল তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’বলৈ উত্তৰাখণ্ডৰ চৰকাৰ বাধ্য হৈ পৰিছিল।

তেনে এটা পটভূমিতে Hate Speech/ ঘৃণাৰ বক্তৃতা সন্দৰ্ভত উচ্চতম ন্যায়লয়ৰ বিচাৰপতি দুজনে এনে মন্তব্য কৰিবলৈ বাধ্য হৈ পৰিছে। এইখিনিতে ন্যায়াধীশ জোচেফ আৰু ৰয়ে কোৱা আৰু দুটা কথা আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। জোচেফে কৈছিল-“Where have we reached? What have we reduced religion to? It is tragic and we speak of scientific temper.” “আমাৰ হৈছে কি? ধৰ্মক আমি ক’লৈ লৈ গৈছোঁ? বৰ দুখলগা কথা হৈছে আৰু আমি বৈজ্ঞানিক মানসিকতাৰ কথা কওঁ?” ৰয়ে কৈছে- “Very shocking statements have been made in a country that has to be religion-neutral.” “ধৰ্মৰ পক্ষপাতিত্ব নথকা দেশ এখনৰ বাবে এইবোৰ কিমান উদ্বেগজনক কথা!”

আমি উচ্চতম ন্যায়ালয়ক ধন্যবাদ দিব লাগিব এই কাৰণেই যে তেওঁলোকে কেৱল  উদ্বিগ্নতা প্ৰকাশ কৰিয়ে নিজৰ দায়িত্ব সৰা নাই। তেওঁলোকে বিশেষকৈ উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড আৰু দিল্লীৰ পুলিচৰ মুৰব্বী কেইজনক কাঢ়া নিৰ্দ্দেশ জাৰি কৰি কৈছে যে এতিয়াৰে পৰা কোনোবাই ক’ৰবাত যদি কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে  ঘৃণা আৰু বিদ্বেষমূলক বক্তৃতা দিয়ে অভিযোগলৈ ৰৈ নথকাকৈ পুলিচে তেওঁলোকৰ বিৰুদ্ধে ততালিকে ব্যৱস্থা ল’ব লাগিব।সেইটো নকৰিলে তাক আদালতৰ অৱমাননা বুলি গণ্য কৰা হ’ব।আমাক ইয়াতকৈ আৰু কি লাগে?

Recent News

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd