এতিয়া অসমত গ্ৰন্থ মেলাৰ বতৰ। চাৰিওফালে গ্ৰন্থ মেলা।অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত চানমাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেল পথাৰত আয়োজন কৰা ‘অসম গ্ৰন্থ মেলা’ৰ কালি সমাপ্তি পৰিছে।সেই কাৰণেই অসমীয়া কিতাপৰ বিষয়ে দুই-এটা কথা আলোচনা কৰাটো এতিয়া প্ৰাসংগিক।
ছপা কিতাপ আৰু ই বুকৰ মাজৰ বিতৰ্কটো সম্প্ৰতি এটা অপ্ৰচলিত বিতৰ্ক।এই সন্দৰ্ভত ২০১১ চনত প্ৰকাশিত This is not the end of the book নামৰ কিতাপথনত জাঁ ক্লড কাৰিয়াৰৰ(Jean-Claude Carriere) লগত হোৱা কথোপকথন উম্বাৰ্ট একো (Umberto Eco)ৰ কথা এষাৰে বিতৰ্কটোৰ তেতিয়াই যেন এটা সুমীমাংসা কৰি থৈছে। তেওঁ কৈছিল: “One of two things will happen: either the book will continue to be the medium for reading, or it’s replacement will resemble what the book has always been, even before the invention of the printing press. Alterations to the book-as-an object have modified neither its function nor its grammar for more than 500 years. The book is like the spoon, scissors, the hammer, the wheel. Once invented it cannot be improved.” কথাটো সেইটোৱেই কিতাপেই সদায় পঢ়াৰ মাধ্যম হৈ ৰ’ব আৰু তাৰ সলনি যদি অইন কিবা এটা ওলায়ও, সিও কিতাপৰ দৰেই হ’ব। ছপাশালৰ আৱিষ্কাৰৰ আগতেও কিতাপ তেনেকুৱাই আছিল। যোৱা ৫০০ বছৰত কিতাপৰ অবয়বটোৰ তেনে বিশেষ একো পৰিবৰ্তন হোৱা নাই। চামুচ বা কেছি এখনৰ নাইবা হাতুৰী বা চকা এটাৰ আপুনি কি পৰিবৰ্তন কৰিব! গতিকে কম্পিউটাৰ বা ফোনৰ পৰ্দাতে হওক বা ছপা কিতাপৰ পাত লুটিয়াই হওক আপুনি পঢ়িবই লাগিব।কি পঢ়ে সেইটো আপোনাৰ নিজৰ কথা।
এতিয়া আহোঁ মূল কথাটোলৈ। শীতৰ লগে লগে অসমত গ্ৰন্থ মেলাৰ বতৰ আৰম্ভ হয়। গুৱাহাটী প্ৰেছ ক্লাবত প্ৰায় প্ৰতিদিনেই এখনকৈ বা কেতিয়াবা দিনটোত দুখনকৈও কিতাপ উন্মোচন কৰা হয়। ঠিক তেনেদৰে যোৱা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা ১২ দিনীয়া অসম গ্ৰন্থ মেলাতো প্ৰতিদিনে কেইবাখনকৈ কিতাপ উন্মোচন কৰা হৈছিল।ইয়াৰ উপৰিও যোৱা কেইদিনত গ্ৰন্থ মেলাত চৰিওফালে কিতাপ বা সাহিত্য সম্পৰ্কীয় ক’ত কিমান আলোচনা অনুষ্ঠিত হৈছিল! কিতাপ প্ৰকাশৰ এই জোৱাৰ অহাৰ সময়ত আৰু গ্ৰন্থ মেলাৰ বতৰত চাৰিওফালে হোৱা আলোচনাবোৰৰ অৰ্থ বা তাৎপৰ্য কি? প্ৰথম প্ৰশ্ন? এই যে দিনে ৰাতিয়ে ইমানবোৰ কিতাপ প্ৰকাশ হৈ আছে, কোনে এই কিতাপবোৰ প্ৰকাশ কৰিছে। প্ৰকাশকে নে প্ৰকাশকৰ নামটোলৈ লিখকে নিজৰ পইছাৰে এই কিতাপবোৰ প্ৰকাশ কৰিছে?
অৱশ্যে, লেখকে নিজে পইছা খৰচ কৰি উলিওৱা সকলো কিতাপেই অদৰকাৰী, সেইটোও নহয়। ওৱাল্ট হুইটমেন(Walt Whitman)ৰ দৰে মনীষীয়েও তেওঁৰ কালজয়ী কবিতা পুথি ‘Leaves of Grass’ প্ৰথমে নিজে পইছা খৰচ কৰি উলিয়াছিল। কিয় কবি অজিত বৰুৱাই ‘কিছুমান পদ্য আৰু গান’ জানো নিজে ছপোৱা নাছিল? গতিকে নিজে ছপালেই যে কিতাপ বেয়া হ’ব তেনে কথা নহয়।কিন্তু, প্ৰকাশকে যেতিয়া তেওঁলোকে প্ৰকাশ কৰা সৰহখিনি কিতাপে নিজে পইছা খৰচ কৰি নছপায় মানে যদি এটা ভাষাত প্ৰকাশ হোৱা কিতাপৰ সিংহভাগ, ধৰক ৭০/৮০ শতাংশ কিতাপ লিখকে নিজে পইছা খৰচ কৰি উলিয়ায়, তেন্তে বুজিব লাগিব যে ক’ৰবাত কিবা এটা ডাঙৰ খেলিমেলি হৈছে। প্ৰকাশকে নিজৰ পইছা খৰচ কৰি উলিওৱা সকলো কিতাপেই মানসম্পন্ন হ’ব তেনে কোনো কথা নাই।কিন্তু তেওঁলোকে নিজৰ পইছা খৰচ কৰি কিতাপ উলিয়াইছে যিহেতু ব্যতিক্ৰম বাদ দি তাৰ পাঠক থাকিবই লাগিব।সেই পাঠক ভিন্ন ৰুচিৰো হ’ব পাৰে।তাত ধৰিবলগীয়া একো নাই। কিন্তু, এটা ভাষাত প্ৰকাশ পোৱা কিতাপৰ ৭০%, ৮০% যদি কিতাপ লিখা ব্যক্তি সকলে নিজৰ পইছা খৰচ কৰি উলিয়ায়। তাৰ অৰ্থ কি?
তাৰ অৰ্থ এচাম লোকে নিজকে লিখক হিচাপে প্ৰচাৰ কৰিবলৈ নিজৰ পইছা খৰচ কৰি কিতাপ উলিওৱাটো নহয়নে? এইটো অসমীয়া কিতাপৰ কাৰণে এক দুশ্চিন্তাৰ কাৰণ নহয়নে? কিতাপক সাধাৰণতে বহলকৈ দুটা ভাগত ভগাব পাৰিঃ এটা জ্ঞান-বিজ্ঞানৰ বিভিন্ন বিষয়ৰ(nonfiction) কিতাপ আৰু আনটো হ’ল সৃজনীমূলক (fiction)কিতাপ।এই দুয়োটাৰ বাবেই প্ৰয়োজন গভীৰ অধ্যয়ন, গৱেষণা, চিন্তন-মনন আৰু এক সৃষ্টিশীল মন। আনহাতে, যি কোনো গুৰুত্বপূৰ্ণ কিতাপ এখনত সচৰাচৰ, সমসাময়িক সময়ৰ এক প্ৰতিফলন দেখা যায়।
আমি এতিয়া কেনে সময়ত আছোঁ? আমি এতিয়া এক আততায়ী সময়ত বাস কৰা নাইনে? এফালে সাধাৰণ মানুহৰ জীৱন এশ এবুৰি সমস্যাত জৰ্জৰিত, আনফালে মানুহৰ বাক-স্বাধীনতাৰ ওপৰত হস্তক্ষেপ, নিয়ন্ত্ৰণ। বাৰে বাৰে অসমীয়া আত্ম-পৰিচয়ৰ ওপৰত আঘাত। গ্ৰন্থ মেলাত অনুষ্ঠিত আলোচনাবোৰত, অনুষ্ঠানবোৰত আমি এই বিষয়ে, আমাৰ সময়ৰ এই প্ৰত্যাহ্বানবোৰৰ বিষয়ে আলোচনা কৰিছোঁ নে? নে কৌশলেৰে সেইবোৰ এৰাই চলিছোঁ? দাপোনত আমি নিজৰ ছবি চোৱাৰ সাহস হেৰাই পেলাইছোঁ নেকি? কিতাপৰ শাহটো থাকে সত্য আৰু এক সমালোচনাত্মক দৃষ্টিভংগীত। আমি যদি সেইটোকে বিসৰ্জন দিলোঁ, কিতাপ থাকিল ক’ত?