প্ৰথমে ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তী উপলক্ষে নৰ্থ-ইষ্ট নাওৰ সমূহ পাঠকলৈ মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাবলৈ গ’লে ভাৰতবৰ্ষৰ দৰে বিশাল দেশ এখনৰ ইতিহাসত ৭৫ টা বছৰ বৰ দীঘলীয়া সময় নহয়। কিন্তু, যি কোনো এখন সমাজৰ বাবে এটা শতিকাৰ চাৰি ভাগৰ তিনি ভাগ বৰ কম সময়ো নহয়; তাতে আকৌ কুৰি শতিকাৰ দৰে শতিকা এটাত।
কুৰি শতিকাই পৃথিৱীৰ ৰঙে সলাই দিছে। প্ৰায় সমগ্ৰ বিশ্বৰ বাবে এই শতিকাটো আছিল ঔপনিৱেশিক পৰাধীনতাৰ পৰা মুক্তিৰ শতিকা, সাম্ৰাজ্যবাদৰ পতনৰ শতিকা। একাৰ্থত ঔপনিৱেশিকতাবাদ বা সাম্ৰাজ্যবাদ ৰাজনৈতিক অৱদমনেৰে অৰ্থনৈতিক শোষণৰ এক ব্যৱস্থা।স্বাধীনতা আন্দোললনৰ দ্বাৰা ভাৰতবৰ্ষৰ জনগণে বৃটিছ সাম্ৰাজ্যবাদক ভাৰতৰ পৰা বিদায় দিছিল। ভাৰতত বৃটিছৰ ৰাজনৈতিক আধিপত্যৰ ওৰ পৰিছিল।ভাৰতৰ স্বাধীনতা আন্দোলনত গান্ধীজীৰ বিশেষ অৱদান আছিল।
দেশ স্বাধীন হোৱাৰ পিছত কি হ’ল? দেশ স্বাধীন হোৱাৰ পিছত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱহাৰলাল নেহৰুকে প্ৰমুখ্য কৰি, স্বাধীনতা আন্দোলনত ভাৰতৰ আপামৰ জনসাধাৰণক নেতৃত্ব দিয়া ব্যক্তিসকল লগ লাগি এখন সংবিধান সভা গঠন কৰিছিল। সেই সময়ত সমাজৰ পিছপৰা শ্ৰেণীৰ অবিসম্ববাদী নেতা আৰু প্ৰসিদ্ধ আইনবিদ আম্বেদকাৰে এই সংবিধান সভাৰ পৌৰহিত্য কৰিছিল। সংবিধান সভাই মূলতঃ তিনিটা কথাৰ ওপৰত গুৰুত্ব দিছিল।
প্ৰথম,স্বাধীনতা আন্দোলনৰ উদ্দেশ্য আৰু লক্ষ্য সমূহ কাৰ্যকৰী কৰা, দ্বিতীয়, মানব মুক্তি, স্বাধীনতা, সমতাৰ বিশ্বজনীন ধ্যান, ধাৰণা সমূহ আমাৰ সংবিধানখনত অন্তৰ্ভুক্ত কৰা আৰু তৃতীয়, স্বাধীন ভাৰতৰ উন্নয়নৰ সুফল সমূহ ভাৰতৰ সকলো অংশৰ জনসাধৰণে যাতে সমানে উপভোগ কৰিব পাৰে তাক সংবিধানত লিপিবদ্ধ কৰি এক প্ৰতিশ্ৰুতি প্ৰদান কৰা।এই সংবিধান ৰচনা কৰা প্ৰক্ৰিয়াটোত ভাৰতৰ জনসাধাৰণৰ সকলো অংশৰ প্ৰতিনিধিক সামৰি লোৱা হৈছিল। সেয়ে প্ৰকৃততে ভাৰতৰ সংবিধানখন আছিল স্বাধীনতা আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্য কাৰ্যকৰী কৰাৰ এক কাৰ্যসূচী।
আজি স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আমি কি পালো, কি নাপালো? আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল, আমি আমাক শাসন কৰিবলৈ এখন সংবিধান প্ৰণয়ন কৰিলোঁ য’ত কোৱা হ’ল “জনসাধাৰণৰ সকলো অংশৰ মাজতে চিন্তা, মতামত প্ৰকাশ, উপাসনা আৰু বিশ্বাসৰ স্বাধীনতা সুনিশ্চিত কৰা হওকl সকলো ব্যক্তিৰ মাজত অৰ্থনৈতিক সা-সুবিধা আৰু সম মৰ্যাদা অক্ষুণ্ণ ৰাখি তেওঁলোকৰ মাজত ভাতৃত্ববোধ জগাই তোলাৰ সাংবিধানিক সুৰক্ষাও ৰাষ্ট্ৰই নিশ্চিত কৰক৷” সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা এই কথাখিনি ভাৰতৰ জনসাধাৰণৰ বাবে শিলৰ ৰেখা।
দেশ স্বাধীন হোৱাৰ সময়ত আমাৰ কাৰণে আটাইতকে ডাঙৰ সমস্যা কি আছিল? আমাৰ মূলতঃ দুটা সমস্যা আছিল- সামাজিক অসমতা আৰু অৰ্থনৈতিক অসমতা।এই দুটা এটা আনটোৰ পৰা সম্পূৰ্ণৰূপে পৃথক নাছিল।
ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৰ নেতৃত্বত স্বাধীনতা সংগ্ৰমাত অগ্ৰণী ভূমিকা লোৱা মহান ব্যক্তি সকলে দেশৰ পৰা সামাজিক আৰু অৰ্থনৈতিক অসমতা দূৰীকৰণৰ বাবে কি ব্যৱস্থা লৈছিল? প্ৰথম কথা, সামাজিক অসমতা দূৰীকৰণৰ বাবে শিক্ষা খণ্ডত বিশেষকৈ গুৰুত্ব দিয়া হৈছিল।স্বাধীনতা আন্দোলনৰ আদৰ্শেৰে দেশৰ জনগণ ইমানেই উদ্বুদ্ধ হৈছিল যে সমগ্ৰ দেশত শিক্ষানুষ্ঠান আৰু পুথিভঁৰাল খোলাৰ এক নৱজাগৰণৰ আৰম্ভ হৈছিল।
এই আন্দোলন আৰু জাগৰণত চৰকাৰ আৰু দেশৰ জনগণ একাকাৰহৈ গৈছিল, সকলোৱে সমানে অংশগ্ৰহণ কৰিছিল।সেই কাৰণেই স্বাধীনতাৰ ধামখুমিয়াত জ্যোতি প্ৰসাদে ৰচনা কৰিছিল -“ গাৱঁৰ ল’ৰা গাৱেঁ গাৱেঁ বন্তি জ্বলাই যাওঁ আমি” কিহৰ বন্তি? শিক্ষাৰ বন্তি। আৰু গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল? ১৯৪৮ চনত। ভূপেন হাজৰিকাই কি গাইছিল? “জিলিকাব লুইতৰে পাৰ” সেই সময়তে দেশত, চৰকাৰ আৰু ৰাইজৰ যুটীয়া প্ৰচেষ্টাত প্ৰাথমিকৰ পৰা উচ্চ শিক্ষালৈ শিক্ষাৰ মৌলিক কাঠামোটো গঢ়লৈ উঠিছিল। নেহৰুৱে উচ্চ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। শিক্ষা আৰু সাংস্কৃতিক দিশত দেশত স্বতন্ত্ৰ অনুষ্ঠান সমূহ গঢ়ি উঠিছিল।প্ৰাথমিক শিক্ষাত গান্ধীজীৰ বুনিয়াদি শিক্ষাদৰ্শৰ প্ৰভাৱ সুস্পষ্ট আছিল।
আনহাতে দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত নেহৰুৱে মিশ্ৰ অৰ্থনীতিৰ কথা কৈছিল।এই মিশ্ৰ অৰ্থনীতিৰ যোগেদি এফালে ৰাজহুৱা খণ্ডত ডাঙৰ ডাঙৰ কল কাৰখানা স্থাপন কৰা হৈছিল, আৰু আনফালে দিশীয় পুঁজিপতি আৰু শিল্পপতি সকলক নতুন নতুন অৰ্থনৈতিক কামকাজৰ বাবে উদগনি যোগোৱা হৈছিল। এইটো কৰাৰ মূল উদ্দেশ্য আছিল দুটা-আমদানীতকৈ ৰপ্তানী বৃদ্ধি কৰি দেশক স্বনিৰ্ভৰশীল কৰা আৰু কৰ্মসংস্থানৰ ব্যৱস্থা কৰা। আমূল ভূমি সংস্কাৰ আৰু বৈজ্ঞানিক পদ্ধতিৰে কৃষি খণ্ডকো আগুৱাই নিবলৈ চেষ্টা কৰা হৈছিল। পৰৱৰ্তী সময়ত বেংক ৰাষ্ট্ৰীয়কৰণৰ যোগেদি ৰাজহুৱা খণ্ডৰ অৰ্থনৈতিক বিকাশৰ ওপৰত এক বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল।এনেদৰে দেশ স্বাধীন হোৱাৰ পিছত ভাৰতৰ অৰ্থনীতি মূৰ দাঙি উঠিছিল।
কিন্তু, স্বাধীনতাৰ প্ৰায় তিনি দশক পিছত, প্ৰথমবাৰৰ বাবে, সেই সময়ত দেশত দেখা দিয়া পৰিস্থিতিৰ দোহাই দি ১৯৭৫ চনৰ ২৫জুনৰ দিনা, তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।সেইটো আছিল দেশৰ জনসাধাৰণৰ ব্যক্তি স্বাধীনতা আৰু সংবাদপত্ৰৰ স্বাধীনতাৰ ওপৰত এক মোক্ষম আঘাত। এতিয়া আমি বুজি উঠিছোঁ কি আছিল সেই বিশেষ পৰিস্থিতি।কিন্তু পৰিস্থিতি যিয়েই নহওক, ব্যক্তি স্বাধীনতা আৰু প্ৰত্যক্ষ বা পৰেক্ষভাবে সংবাদপত্ৰৰ স্বাধীনতা খৰ্ব কৰা কোনো কাম জনসাধাৰণে সমৰ্থন নকৰে। সেই কাৰণেই ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত দেশৰ জনসাধাৰণে ইন্দিৰা গান্ধীক পৰাজিত কৰিছিল।
পৰিতাপৰ কথা যে স্বাধীনতাৰ হীৰক জয়ন্তী বৰ্ষত আমি আজি আকৌ তেনে এটা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। বাক স্বধীনতা আৰু সংবাদপত্ৰৰ স্বাধীনতা প্ৰত্যক্ষ আৰু পৰোক্ষভাবে আজি বাধাৰ সন্মুখীন হৈছে। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল আমাৰ দেশৰ অৰ্থনীতিও আজি এক ভয়াবহ সংকটৰ গৰাহত। বৃটিছৰ দিনৰ দৰে সাধাৰণ মানুহে ব্যৱহাৰ কৰা সকলো সামগ্ৰীতে কৰ/কাটল লগোৱা হৈছে। ৰজহুৱা সম্পদ বিক্ৰী কৰি চৰকাৰে নিজৰ খৰচৰ জোৰা মাৰিব লগা হৈছে। বয়বস্তুৰ অভাবনীয় মূল্যবৃদ্ধি আৰু কৰ্মসংস্থানহীনতাই সৰ্বসাধাৰণ মানুহৰ জীৱন পংগু কৰি পেলাইছে। বহুজাতিকে দেশৰ অৰ্থনীতি কব্জা কৰিছে।
এই জ্বলন্ত সমস্যা সমূহ ঢাকি পেলাবলৈ চাৰিওফালে আকৌ সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ চেষ্টা কৰা হৈছে। সেয়ে স্বাধীনতাৰ হীৰক জয়ন্তীৰ বাৰ্তা হ’ল – আমাৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি অটুত ৰাখি, ব্যক্তি স্বাধীনতা আৰু অৰ্থনৈতিক স্বনিৰ্ভৰশীলতাৰ হকে ঐক্যবদ্ধভাবে থিয় দিয়া।