মণিপুৰ কিমানদিন ধৰি অশান্ত হৈ আছে? আজি ডেৰমাহৰ বেছি হ’ল। সময় যোৱাৰ লগে লগে পৰিস্থিতি ভাললৈ আহক চাৰি বেছি বেয়াহে হ’ব ধৰিছে।এই ভাতৃঘাতী হিংসাত এতিয়ালৈকে ১৩০জনতকৈ বেছি মানুহৰ মৃত্যু হৈছে।কিমান মানুহৰ ঘৰ-বাৰী ভস্মীভূত হৈছে আৰু হাজাৰ হাজাৰ মানুহে নিজৰ ঘৰ-বাৰী এৰি প্ৰাণৰ তাড়নাত দিহিঙে-দিপাঙে পলাই গৈছে। এক সৰ্বগ্ৰাসী ত্ৰাস আৰু নিৰাপত্তাহীনতাই ৰাজ্যখন ছানি ধৰিছে। মণিপুৰৰ এই অৱস্থা, অথচ আমি ভাৰতৰ বাকী অংশৰ মানুহ সেই বিষয়ে নীৰৱ আৰু নিৰ্বিকাৰ। এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ ভূমিকা আটাইতকৈ গৰিহণাযোগ্য। আজি ডেৰমাহ মণিপুৰত কি এটা অৱস্থা হৈছে, অথচ প্ৰধানমন্ত্ৰীয়ে সেই বিষয়ে এতিয়ালৈ টু শব্দ এটাও উচ্চাৰণ কৰা নাই। কিয় তেওঁৰ এই নীৰৱতা?
যেতিয়া প্ৰথমে ঘটনাৰ সূত্ৰপাত হৈছিল তেতিয়া প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ব্যস্ত আছিল কৰ্ণাটক নিৰ্বাচনত। মণিপুৰ প্ৰায় এমাহলৈ অশান্ত হৈ থকাৰ পিছত, সৌসিদিনাহে পৰিস্থিতিৰ বুজ ল’বলৈ গৃহমন্ত্ৰীয়ে ৰাজ্যখনত উপস্থিত হৈছিল। তালৈ গৈ তেওঁ কাৰ লগত কি কথা পাতিলে, কাক কি আশ্বাস দিলে আমি নাজানো। কিন্তু, তেওঁৰ ভ্ৰমণৰ পিছতে পৰিস্থিতি ভাল হোৱাৰ সলনি আৰু বেছি বেয়াহে হ’ল। মোদী চৰকাৰে এনেয়ে হ’লে সকলো সময়তে জাতীয়তাবাদ আৰু অখণ্ড ভাৰতৰ কথা আওৰাই থাকে। কিন্তু, ভাৰতৰ অংগ ৰাজ্য এখনত যেতিয়া এনে এক অৰাজক পৰিবেশ চলি আছে তেওঁলোকৰ মুখৰ মাত নাই। আচলতে এই নীৰৱতা অসহায় নীৰৱতা নে ইচ্ছাকৃত নীৰৱতা। মই ভাবো ই ইচ্ছাকৃতহে। কেন্দ্ৰ চৰকাৰে ভাবে নিজৰ মাজত কাজিয়া কৰি তোমালোক দুৰ্বল হোৱা যাতে সকলো সময়তে আমি তোমালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰোঁ।
মণিপুৰৰ হিংসাৰ উৎপত্তি হৈছে ‘মেইটেই’ আৰু ‘কুকি’ সকলৰ মাজত লগা সংঘৰ্ষৰ পৰা। ‘মেইটেই’ সকলে মূলতঃ সমভূমিত বাস কৰে আৰু তেওঁলোক বেছিভাগেই হিন্দু ধৰ্মাৱলম্বী। ‘কুকি’ সকল হ’ল জনজাতীয় লোক। তেওঁলোক মূলতঃ পাহাৰত থাকে আৰু তেওঁলোকৰ ধৰ্ম হ’ল খৃষ্টান। মণিপুৰৰ ‘মেইটেই’ আৰু ‘কুকি’ সকলৰ মাজৰ সংঘাতৰ ইতিহাস দীঘলীয়া আৰু জটিল। কিন্তু, এই হিংসাৰ ধৰ্মীয় দিশটো আমি উলাই কৰিব নোৱাৰোঁ। ‘কুকি’ সকলে কৈছে যে তেওঁলোকৰ বীৰেন সিং চৰকাৰৰ ওপৰত আস্থা নাই। তেওঁলোকে এতিয়া তেওঁলোকৰ বাবে এটা স্বতন্ত্ৰ প্ৰশাসনৰ পোষকতা কৰিছে। কিন্তু, কথাবোৰ সিমান সহজ হৈ থকাও নাই। কুকি সন্ত্ৰাসবাদী সংগঠন এটাই দাবী কৰিছে যে বিগত বিধানসভা নিৰ্বাচনত বি জে পিৰ ৰাম মাধৱ আৰু হিমন্তবিশ্ব শৰ্মাৰ লগত হোৱা বুজাবুজিৰ বাবেই তেওঁলোকে মণিপুৰত বি জে পি চৰকাৰ গঠনত সহায় কৰিছিল।
ইয়াত একো আচৰিত হ’বলগীয়া নাই। আজিকালি ৰাজনীতিত সকলো সম্ভৱ। নেতাই ক্ষমতাৰ বাবে সকলো কৰিব পাৰে। আৰু সাধাৰণ মানুহেহে তাৰ ফলাফল ভোগ কৰিবলগীয়া হয়। এটা কথা স্পষ্ট। মণিপুৰৰ মুঠ জনসংখ্যাৰ ১৬% হে ‘কুকি’ আৰু ‘মেইেটে’ৰ সংখ্যা হ’ল ৫৩%। গতিকে দেখদেখকৈ মণিপুৰত ‘কুকি’ সকল সংখ্যালঘু আৰু ‘মেইটেই’ সকল সংখ্যাগুৰু। কিন্তু, তৎসত্বেও ভাৰতৰ বাকী অংশত কৰাৰ দৰে তাতো হিন্দুত্ববাদী সকলে প্ৰচাৰ চলাইছে যে ‘কুকি’ জনজাতীয় লোক সকলৰ কাৰণে যেন এতিয়া ‘মেইটেই’ মণিপুৰী সকলৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে। সেই চিৰাচৰিত হিন্দুত্ববাদী অপপ্ৰচাৰ। উদ্দেশ্য এটাই সংখ্যগুৰুৰ আবেগেৰে ভোট জয় কৰি ক্ষমতা দখল। সেই কাৰণেই ‘কুকি’ জনজাতীয় লোকসকল আৰু তেওঁলোকৰ উপসনাগৃহৰ ওপৰত আক্ৰমণ। কথাটো এনে নহয় যে ‘মেইটেই’ সকলৰ কোনো ক্ষতি হোৱা নাই। হৈছে। যিবোৰ ঠাইত ‘মেইেটেই’ৰ সংখ্যা কম তাত তেওঁলোক আক্ৰমণৰ সন্মুখীন হৈছে।
কিন্তু ‘মেইটেই’ আৰু ‘কুকি’ সকলৰ মাজৰ এই সংঘৰ্ষ অবিৰামভাৱে চলি থাকিলে মণিপুৰ বাচি থাকিবনে? নিৰন্তৰ হিংসা আৰু অশান্তিৰ পৰিবেশ এটাত মানুহ কেনেকৈ জীয়াই থাকিব? হিংসা বন্ধ হ’বই লাগিব। মণিপুৰৰ হিংসা নিয়ন্ত্ৰণ কৰাৰ ব্যৰ্থতা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে মূৰপাতি ল’বই লাগিব। দুয়োটা জনগোষ্ঠীৰ লোকক তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াত চৰকাৰ শোচনীয়ভাৱে বিফল হৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এইটো স্বীকাৰ কৰিবই লাগিব। কিন্তু, এতিয়া কোনো পক্ষপাতিত্ব নকৰাকৈ চৰকাৰে সকলো অংশৰ জনসাধাৰণৰ মাজলৈ এক আস্থা আৰু শান্তিৰ পৰিবেশ ঘূৰাই আনিব পাৰিব লাগিব। চৰকাৰতো চৰকাৰ। কিন্তু দুয়োটা জনগোষ্ঠীৰ বিবেকবান লোক সকলৰো এই ক্ষেত্ৰত এক গুৰু দায়িত্ব আছে। তেওঁলোকেও ৰাজ্যখনলৈ শান্তি ঘূৰি অহাত আগভাগ ল’ব লাগিব। নিজৰ নিজৰ জনগোষ্ঠীৰ যুৱকসকলক হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ পৰা তেওঁলোকে বাৰণ কৰিব পাৰিব লাগিব।
আৰু এটা কথা, মণিপুৰ জ্বলি থকা সময়ত আমি মণিপুৰৰ বাহিৰত থকা সকল কিয় ইমান নীৰৱ আৰু নিৰ্বিকাৰ হৈ আছোঁ? মণিপুৰৰ মানুহবোৰ আমাৰ নিজৰ মানুহ নহয় জানো? তেওঁলোকৰ বিপদৰ সময়ত আমি তেওঁলোকৰ সমভাগী হোৱা উচিত নহয়নে? তেওঁলোকৰ দুখ-দুৰ্দশা মোচনৰ কাৰণে আমি একো এটা কৰা উচিত নহয় জানো?
প্ৰথম কথা, পৰিস্থিতি নিয়ন্ত্ৰণত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ ব্যৰ্থতা উদঙাই দি আমি জনমত গঠন কৰিব পাৰোঁ। মণিপুৰলৈ স্বাভাৱিক আৰু শান্তিৰ পৰিবেশ ঘূৰাই অনাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি উপৰ্যুপৰি তেওঁলোকৰ ওচৰত দাবী জনাব পাৰোঁ। আমি দুয়োটা জনগোষ্ঠীৰ লোক সকলকো বাৰে বাৰে শান্তিৰ বাবে গোহাৰি জনাব পাৰোঁ। এই ক্ষেত্ৰত সংখ্যাগুৰু ‘মেইটেই’ সকলৰ দায়িত্ব বেছি। শান্তিৰ বাবে প্ৰথম পদক্ষেপ ল’ব লাগিব তেওঁলোকে। তেওঁলোকে প্ৰথম পদক্ষেপ লোৱাৰ পিছত ‘কুকি’ সকলেও তাৰ প্ৰতি সঁহাৰি জনাব লাগিব। আৰু এটা কথা, মণিপুৰত এতিয়া যি অৱস্থাৰ সৃষ্টি হৈছে তাত ৰাজ্য চৰকাৰ এখন ক্ষমতাত থকাৰ কোনো নৈতিক অধিকাৰ নাই। মই ভাবোঁ ৰাজ্যখনত অতি শীঘ্ৰে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা উচিত। এই মুহূৰ্তত মণিপুৰৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ৰাজ্যখনলৈ শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাটো।