NORTHEAST NOW (Assamese)

ধৰ্মৰ নামত বেপাৰ! মহাকুম্ভলৈ কায়িকভাবে যাব নোৱাৰা ভক্তৰ বাবে ‘ডিজিটেল স্নান সেৱা’ আৰম্ভ স্থানীয় ব্যৱসায়ীৰ

February 21, 2025 6:25 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশ-বিদেশৰ কোটি কোটি ভক্তই ভিৰ কৰিছেহি মহাকুম্ভ মেলাৰ স্থলীত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰিম এতিয়ালৈকে প্ৰায় ৫৫ কোটি ভক্তই মহাকুম্ভৰ ত্ৰিবেণী সংগমত পূণ্যস্নান কৰিছে।

কোটি কোটি লোকে মহাকুম্ভত স্নান কৰিলেও বিভিন্ন অসুবিধাৰ বাবে মহাকুম্ভত উপস্থিত হ’ব পৰা নাই এক বৃহৎ পৰিমাণৰ ভক্ত। ইয়াৰে সুযোগ গ্ৰহণ কৰি প্ৰয়াগৰাজৰ এজন স্থানীয় ব্যৱসায়ীয়ে আৰম্ভ কৰিছে ‘ডিজিটেল স্নান সেৱা’।

ব্যৱসায়ীগৰাকীয়ে ঘোষণা কৰিছে যে ‘ডিজিটেল স্নান সেৱা’ৰ দ্বাৰা মহাকুম্ভত সোঁশৰীৰে উপস্থিত হ’ব নোৱাৰা ভক্ত সকলে ডিজিটেল স্নানৰ দ্বাৰা পূণ্য অৰ্জন কৰিব পাৰিব।

ইয়াৰ বাবে ব্যৱসায়ীগৰাকীয়ে মহাকুম্ভলৈ আহিব নোৱাৰা ভক্তসকলক হোৱাটএপযোগে নিজৰ নিজৰ ফটো প্ৰেৰণ কৰিবলৈ দিছে আৰু ভক্তসকলৰ হৈ এই ফটোসমূহ গংগাত বিসৰ্জন কৰিছে।

খবৰ অনুসৰি এই সেৱাৰ মূল্য প্ৰতিজন ভক্তৰ বাবে ১,১০০ টকাকৈ ধাৰ্য কৰিছে ব্যৱসায়ীগৰাকীয়ে।

এই সেৱাৰ আৰম্ভ কৰা ব্যক্তিজনৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ব্যৱসায়ীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰশংসা আৰু সমালোচনা দুয়োটাই লাভ কৰিছে।

একাংশ লোকে এই ধাৰণাটোক ধণাত্মভাবে গ্ৰহণ কৰাৰ বিপৰীতে আন একাংশই ইয়াক ব্যৱসায় আৰু পৰম্পৰাক অসন্মান কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

এগৰাকী নেটিজেনে মন্তব্য কৰিছে, “আপুনি সনাতন ধৰ্মক উপহাস কৰিছে। আপোনাৰ লাজ আছেনে?”

আকৌ আন এজনে ধেমালিৰ সুৰত লিখিছে, “চীনৰ ডিপচিক আছে, আৰু আমাৰ ডিপস্নান আছে।”

আন একাংশই এই কাণ্ডক ধৰ্মীয় অনুষ্ঠানৰ বাণিজ্যিকীকৰণক, অন্ধ বিশ্বাস আৰু এক কেলেংকাৰী বুলি অভিহিত কৰিছে।

প্ৰসংগক্ৰমে, যোৱা ১৩ জানুৱাৰী (পৌষ পূৰ্ণিমা)ৰ পৰা আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক আৰু সাংস্কৃতিক মহোৎসৱ মহাকুম্ভ মেলা ২০২৫ চনৰ ২৬ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব। আৰম্ভণীৰ পৰা প্ৰতিদিনে এক কোটিৰো অধিক ভক্তই ত্ৰিবেণী সংগমত গা ধুই আহিছে। জানিব পৰা মতে, এতিয়া মুঠ তীৰ্থযাত্ৰীৰ সংখ্যাই ৫২৯.৬ মিলিয়ন অতিক্ৰম কৰিছে।

Related News