NORTHEAST NOW (Assamese)

টীয়কৰ কাকাজানত ৰঙালী বিহু মেলাত ‘বৰদেউতাৰ আশীৰ্বাদ’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন

April 17, 2021 3:28 pm · নীৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কৰ কাকজান কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে প্ৰশাসনৰ নীতি নিয়ম মানি কাকজান খেলপথাৰত আজি দিনযোৰকৈ আয়োজন কৰিছে ৰঙালী বিহু।

এই বিহুৰ বাকৰিতে অঞ্চলটোৰ যুৱচামে ‘বৰদেউতাৰ আশীৰ্বাদ’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰিছে।

‘বৰদেউতাৰ আশীৰ্বাদ’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

অঞ্চলটোৰ প্ৰায় দুই শতাধিক সত্তৰ উদ্ধৰ পুৰুষ-মহিলাক নিমন্ত্ৰণ কৰি পৰম্পৰা ৰক্ষা কৰি সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে জ্যেষ্ঠজনক একোখনকৈ বিহুৱান প্ৰদান কৰি আশীৰ্বাদ লোৱাৰ লগতে সম্প্ৰীতিৰে জলপানৰ দিহা কৰে।

জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰি বিহুত আশীৰ্বাদ লোৱা অসমীয়া সমাজৰ যি আদৰ্শ তাক উত্তৰ পুৰুষক চিনাকী কৰাৰ উদ্দেশ্যেৰে কাকজান বিহু সন্মিলনৰ এই পদক্ষেপক সকলোৱে আদৰণী জনাইছে।

Related News