NORTHEAST NOW (Assamese)

শিৱসাগৰৰ হাঁহচৰাত প্ৰকৃতি সংৰক্ষণৰ অভিনৱ প্ৰয়াস : কেটেপাৰে হাবিলৈ দলিয়াই ফল-মূলৰ গুটি

September 17, 2018 6:06 pm · পাৰ্শ্বজ্যোতি গগৈ
হাবিলৈ কেটেপা আৰু ধনুৰে দলিয়াবলৈ সাজু কৰি লোৱা কিছুমান ফলৰ গুটি। ফটো : পাৰ্শ্বজ্যোতি গগৈ।

সমগ্ৰ পৃথিৱীতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি অহাৰ সময়তে শিৱসাগৰ জিলাৰ হাঁহচৰা ঢেঁকেৰী গাঁৱৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ৰূপজ্যোতি পুথিভঁৰালৰ সদস্যসকলে প্ৰকৃতি সংৰক্ষণৰ বাবে লোৱা এটা ব্যতিক্ৰমী প্ৰয়াসে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

“গছ থাকিলেহে মানুহ থাকিব” এই মহৎ উদ্দেশ্য আগত ৰাখি আজিৰ পৰা প্ৰায় এটা দশক পূৰ্বেই ৰূপজ্যোতি পুথিভঁৰালৰ কৰ্মকৰ্তাসকলে হাতত লৈছিল প্ৰকৃতি সেউজকৰণৰ এটা সৰু পদক্ষেপ।

“বনলৈ নৌকা যাত্ৰা” নামে এক আঁচনিৰ জৰিয়তে চেপন চূণপোৰা পথৰ পৰা খেলুৱা ব্লকলৈকে প্ৰায় ৭ কিলোমিটাৰ বিস্তৃত এলেকাত নাৱেৰে পৰিভ্ৰমণ কৰি বিভিন্ন ফলমূলৰ গুটি মাটিৰে তৈয়াৰী বাতুলগুটিত ভৰাই কেটেপাৰে আৰু হাতেৰে পাৰলৈ দলিয়াই দিছিল।

হাবিলৈ কেটেপা আৰু ধনুৰে দলিয়াবলৈ ফলৰ গুটি সাজু কৰিছে। ফটো : পাৰ্শ্বজ্যোতি গগৈ।

 

হাবিলৈ কেটেপাৰে ফলৰ গুটি দলিয়াইছে। ফটো : পাৰ্শ্বজ্যোতি গগৈ।

 

 

পৰৱৰ্তী সময়ত এই গুটিবোৰৰ পৰাই এই অঞ্চলৰ হাবিসমূহত নানা ফল-মূলৰ গছ লহপহকৈ বাঢ়ি প্ৰকৃতি শুৱনি কৰি তুলিছে। যোৱা এটা দশক ধৰি কৰি অহা এই প্ৰচেষ্টাৰ ফলত দৰিকা নদীৰ দুয়ো পাৰৰ ৭ কিলোমিটাৰ পৰ্য্যন্ত এক বিস্তৃত অঞ্চল ৰূপান্তৰিত হৈছে সেউজ বনাঞ্চললৈ। দৰিকা নদীৰ দুয়োপাৰে এইদৰে বিভিন্ন ফল-মূলৰ গুটি সিঁচি ধৰণী সেউজীয়া কৰাৰ লগতে সৃষ্টি কৰিছে বনৰীয়া প্ৰাণীৰ আৱাসস্থল। সেই অঞ্চলত ফল-মূলৰ গছ কমি যোৱাৰ বাবে অঞ্চলটোত এটা সময়ত বান্দৰৰ উপদ্ৰৱ চলিছিল মানুহৰ ঘৰসমূহত। বান্দৰ আৰু মানুহৰ এই সংঘাত ৰোধ কৰিবৰ বাবে আৰু পৰিৱেশ সুৰক্ষিত কৰিবৰ বাবে এইদৰে বনাঞ্চলত ফল-মূলৰ গছ ৰোৱা হৈছে বুলি জানিবলৈ দিয়ে ৰূপজ্যোতি পুথিভঁৰালৰ সদস্যসকলে।

যোৱা এটা দশকৰ পৰা প্ৰতি বছৰে এই দৰে লক্ষাধিক  ফলৰ গুটি ছটিওৱা ফলত সেই  অঞ্চলত নানা ধৰণৰ ফলৰ গুটিৰ পৰা হোৱা পুলি বৰ্তমান  একো একোজোপা বৃহৎ বৃক্ষলৈ  ৰূপান্তৰিত হৈছে।

আমলখি, শিলিখা, আম, কঁঠাল, লেটেকু, পনিয়ল, বগৰী, মধুৰী, তেঁতেলী, কৰ্দৈ,  জলফাই, খেজুৰ, ঔটেঙা আদি বিভিন্ন ফল-মূলৰ গছ দেখা পোৱাৰ লগতে গছসমূহত ফল-মূলও লগা দেখা গৈছে। যাৰ বাবে বৰ্তমান বান্দৰ আৰু মানুহৰ সংঘাত কমিবলৈ ধৰিছে অঞ্চলটোত।

ৰূপজ্যোতি পুথিভঁৰালৰ অন্যতম সদস্য ধীৰেন দত্তৰ প্ৰচেষ্টাত আৰু স্থানীয় ৰাইজ তথা পুথিভঁৰালৰ আন আন সদস্যৰ সহযোগিতাত এই মহৎ কাৰ্য্য সম্পন্ন হৈছে।

ৰূপজ্যোতি পুথিভঁৰালৰ এই মহান প্ৰচেষ্টাক হাঁহচৰাবাসীৰ লগতে সমগ্ৰ শিৱসাগৰৰ ৰাইজে প্ৰশংসা কৰিছে আৰু লগতে প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰূপজ্যোতি পুথিভঁৰালৰ এই প্ৰচেষ্টা সমগ্ৰ ৰাজ্যৰ বাবে আদৰ্শ হোৱাটো কামনা কৰিছে।

Related News