ছিকিম মণিপল চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত অধ্যয়নৰতা অসমীয়া ছাত্ৰীৰ আত্মহত্যা

15361574

ছিকিম মণিপল চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (Sikkim Manipal Institute of Medical Science) অধ্যয়নৰতা বৰ্ণালী পাঠক (২৩) নামৰ অসমৰ এগৰাকী ছাত্ৰী এগৰাকীয়ে আত্মহত্যা কৰিছে। ছাত্ৰীগৰাকীয়ে গেংটকৰ ৫মাইল টাডঙত থকা তেওঁ থকা তেওঁৰ ছাত্ৰী নিবাসৰ ৭৬১ নং কোঠাত কালি আত্মহত্যা কৰিছে।

ছাত্ৰীগৰাকীয়ে ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ ওপৰত এটা অনুসন্ধান আৰম্ভ কৰিছে।

ইতিমধ্যে, ছিকিম মণিপল চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান কৰ্তৃপক্ষই বৃহস্পতিবাৰে এখন সংবাদ বিজ্ঞপ্তি জাৰী কৰিছে। প্ৰতিষ্ঠানখনৰ ডীন এয়াৰ মাৰ্শ্বেল ড০ জিএছ জোনেজাই কৈছে, ‘‘আমি অতি দুখেৰে আমাৰ প্ৰতিষ্ঠানৰ এগৰাকী এমবিবিএছ তৃতীয় বাৰ্ষিকৰ ছাত্ৰী বৰ্ণালী পাঠকৰ (২৩) মৃত্যুৰ বাতৰি বিনিময় কৰিছোঁ। এটা অতি দুখজনক পৰিস্থিতিত পূব ছিকিমৰ ৫ মাইল টাডঙত অৱস্থিত  প্ৰতিষ্ঠানৰ ছাত্ৰী নিৱাসত ২০১৮ৰ ৫ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হৈছে।

সংবাদ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে আৰক্ষীক ততাতয়ৈকৈ অৱগত কৰোৱা হৈছে আৰু আৰক্ষীয়ে ইয়াৰ এটা অনুসনধান আৰম্ভ কৰিছে। মৃতা ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃক ঘটনাটো অৱগত কৰোৱা হৈছে আৰু তেওঁলোকে যোৱা নিশা আহি পাইছে। প্ৰতিষ্ঠানটোৰ ফালৰ পৰা আৰক্ষীক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে মৃতা ছাত্ৰীগৰাকীৰ পৰিয়াললৈ সকলো সহায় আগবঢ়োৱা হৈছে।

সংবাদ বিজ্ঞপ্তিটোত ছিকিম মণিপল চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ লগতে ছিকিম মণিপল বিশ্ববিদ্যলয় (SMU)  পৰিয়ালৰ তৰফৰ পৰা বৰ্ণালী পাঠকৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু শিক্ষাগুৰুসকলৈ গভীৰ সমৱেদনা জ্ঞাপন কৰিছে।