শক্তি চাই ভক্তি! গণেশ চতুৰ্থী উপলক্ষ্যে ২০ কিলোগ্ৰাম সোণ দান কৰিলে অনন্ত আম্বানীয়ে

গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশক বিশেষ উপহাৰ আগবঢ়ালে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে

নতুনকৈ সাংসাৰিক জীৱন আৰম্ভ কৰিছে অনন্তই। সুখৰ সংসাৰৰ আশীৰ্বাদ বিচাৰি ভগৱান গণেশক এই বিশাল পৰিমাণৰ সোণ উপহাৰ দিছে ধনী উদ্যোগপতিগৰাকীয়ে।

জানিব পৰা মতে মুম্বাইৰ লালবাঘচাৰ গণেশ মূৰ্তিৰ বাবে ২০ কেজি ওজনৰ সোণৰ মুকুট গণেশ বাবাৰ প্ৰতি আগবঢ়াইছে অনন্তই।

খবৰ অনুসৰি এই সোণ মুকুটৰ বাবে কমেও ১৫ কোটি টকা খৰচ কৰিছে অনন্ত আম্বানীয়ে।

ব্যৱসায়ী অনন্ত আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেচনে বিগত ১৫ বছৰে একাধিক কাৰ্যসূচীৰ জৰিয়তে লালবাঘছা ৰাজা সমিতিৰ সৈতে জড়িত হৈ আছে। তদুপৰি অনন্তই পূজা সমিতিৰ বিভিন্ন কাৰ্যসূচীত অংশ লৈছিল।

লালবাঘছা ৰজা সমিতিৰ উদ্যোগত আয়োজিত কেইবাটাও স্বাস্থ্য পদক্ষেপতো আম্বানী পৰিয়ালে অৰিহণা যোগাইছিল। অম্বানীপুত্ৰ কাৰ্যবাহী উপদেষ্টা হিচাপে কমিটীতো আছে।

উল্লেখ্য যে লালবাঘছা ৰাজা বা ‘লালবাগৰ ৰজা’ মুম্বাইৰ আটাইতকৈ বিখ্যাত গণেশ পূজা। ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এইবাৰৰ গণেশ উৎসৱ। পূজাৰ আগতে সিদ্ধিদাতাৰ প্ৰতিমূৰ্তি নতুন ৰূপত সজাই তোলা হৈছে। তেওঁৰ বহু ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জনা যায় যে এই সোণৰ মুকুটটো দুমাহ ধৰি নিৰ্মাণ কৰা হৈছে।