NORTHEAST NOW (Assamese)

ছয় দিনত ‘অনন্তনাগ অপাৰেচন’: উদ্ধাৰ সন্ত্ৰাসবাদীৰ উৱলি যোৱা মৃতদেহ

September 18, 2023 6:56 pm · এন ই নাও নিউজ, গুৱাহাটী

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত ছয় দিন ধৰি চলি আছে নিৰাপত্তাৰক্ষীৰ অভিযান। আজিও অব্যাহত থকা অভিযানৰ মাজতে নিৰাপত্তাৰক্ষীয়ে বনাঞ্চলৰ ভিতৰৰ পৰা সন্ত্ৰাসবাদীৰ জ্বলি যোৱা এটা মৃতদেহ উদ্ধাৰ কৰিছে।

মৃতদেহটোৰ কাপোৰৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে উৱলি যোৱা মৃতদেহটো সন্ত্ৰাসবাদীৰ বুলি নিশ্চিত কৰিছে। আজি পুৱাই অঞ্চলটোত পুনৰ অনুসন্ধান অভিযান আৰম্ভ কৰি নিৰাপত্তাৰক্ষী বাহিনীয়ে।

এই অভিযানৰ সময়তে সন্ত্ৰাসবাদীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। একে সময়তে আন এটা স্থানতো ড্ৰ’নৰ জৰিয়তে এগৰাকী জোৱান আৰু আন এজন সন্ত্ৰাসবাদীৰ মৃতদেহ দেখা পোৱা গৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এই অভিযানৰ সময়ত ইতিমধ্যে তিনিগৰাকী নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছে। আনহাতে সন্ধানহীন হৈ আছে আন এজন জোৱান। সংঘৰ্ষত কেইবাগৰাকীও জোৱান আহত হোৱাৰ খবৰ প্ৰকাশ পাইছে।

এই অভিযান অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে নিৰাপত্তাৰক্ষীয়ে হাই-টেক সঁজুলি ব্যৱহাৰ কৰা দেখা গৈছে।

Related News