NORTHEAST NOW (Assamese)

আন্দামান : মাছমৰীয়াৰ নাওত উদ্ধাৰ ৬ হাজাৰ কেজি ড্ৰাগছ! ৬ জন বিদেশীক আটক

November 25, 2024 6:45 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আন্দামান দ্বীপৰ সমীপত মাছমৰীয়াৰ নাৱৰ পৰা জব্দ হৈছে ৬ হাজাৰ কেজি অবৈধ ড্ৰাগছ!

বংগোপসাগৰত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে ক’ষ্ট গাৰ্ডে।

এই ঘটনাত নাৱৰ পৰা ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আটাইকেইজন ম্যানমাৰৰ নাগৰিক।

এই তথ্য সোমবাৰে ৰাজহুৱা কৰে ক’ষ্ট গাৰ্ডে।

খবৰ অনুসৰি ২৩ নৱেম্বৰত ক’ষ্ট গাৰ্ডৰ নাৱে নিয়মমাফিক অনুসৰি টহল দিছিল। সেই সময়ত বেৰেন দ্বীপৰ ওচৰত এখন মাছ ধৰা নাও এখন দেখি ক’ষ্ট গাৰদওৰ বিষয়াই সন্দেহ প্ৰকাশ কৰে।

তাত নিৰাপত্তাৰক্ষীয়ে সন্দেহজনক নাওখনত তালাচী অভিযান চলাই এই বিপুল পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে।

জানিব পৰা মতে, দুই কিলোগ্ৰাম ওজনৰ ৩০০০ পেকেট ‘মেথামফেটামাইন’ জব্দ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ বজাৰ মূল্য প্ৰায় হাজাৰ কোটি টকা।

Related News