NORTHEAST NOW (Assamese)

৫২ বছৰীয়া ব্যক্তিয়ে টোপনিত গিলিলে নকল দাঁতঃ আবদ্ধ হৈ পৰিল হাওঁফাওঁত, তাৰ পাছত…

December 15, 2024 6:35 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 15, 2024 6:36 pm

এইবাৰ এজন ব্যক্তিয়ে টোপনিতে নকল দাঁত গিলাৰ ফলত হাওঁফাওঁত আবদ্ধ হৈ পৰিল। কাহৰ বাবে ব্যক্তিজনে চিকিৎসকৰ পৰামৰ্শ লয়। হাওঁফাওঁৰ বিশেষজ্ঞসকলে চিটি স্কেন আৰু এক্স-ৰে কৰি হাওঁফাওঁত কোনো বস্তু সোমাই আছে নেকি চায়। তাৰ পাছত উলিয়াই দিয়া হয়। বৰ্তমান তেওঁ সুস্থ।

অন্ধ্ৰ প্ৰদেশৰ ৫২ বছৰীয়া ব্যক্তিজনে কেইবাবছৰ ধৰি নকল দাঁত ব্যৱহাৰ কৰি আহিছিল। বছৰ বছৰ ধৰি ব্যৱহাৰ কৰিলে ডেণ্টেল ফ্লছ ঢিলা হৈ পৰে। কিছুদিন আগতে তেঁও টোপনিতে গিলি পেলালে। কিন্তু বাওঁ হাওঁফাওঁত বন্ধ হৈ পৰাৰ বাবে তেওঁৰ উশাহ-নিশাহত কোনো ধৰণৰ অসুবিধা হোৱা নাছিল। কিন্তু কাহ এটা আহিল।

কাহৰ সমস্যা বাঢ়ি অহাত তেওঁ ডাক্তৰৰ ওচৰলৈ গৈছিল। তেওঁক বিশাখাপট্টনমৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তালৈ গৈ সকলো পৰীক্ষা কৰাৰ পাছত দেখা গল যে মিছা দাঁতটো হাওঁফাওঁত আবদ্ধ হৈ আছে।

কিমৰ আইকন হাস্পতালৰ পালমোনলজিষ্ট ডাঃ চিএইচ ভাৰতে কয় যে হাওঁফাওঁৰ বাওঁফাল বন্ধ হৈ থকাৰ বাবে ব্যক্তিজনৰ উশাহ-নিশাহত কোনো সমস্যা হোৱা নাছিল। সোঁ হাওঁফাওঁৰ কাৰ্য্যক্ষমতা স্বাভাৱিক আছিল। এক্স-ৰে আৰু স্কেনৰ পাছত চিকিৎসকে ব্ৰংকোস্কপিৰ সিদ্ধান্ত লয় আৰু ফোঁহাৰ পৰা দাঁতটো উলিয়াই লোৱা হয়।

চিকিৎসকৰ মতে এই অপাৰেচন সফল হৈছিল। কিন্তু ইয়াত বৃহৎ বিপদৰ সম্ভাৱনা আছিল। নকল দাঁতৰ ক্ষেত্ৰত দুয়োফালে ধাতুৰ বস্তু থাকে, যিবোৰ হাওঁফাওঁত আবদ্ধ হৈ বায়ুপথ ধ্বংস কৰিব পাৰে। নিষ্কাশনৰ সময়ত বায়ুপথৰ ক্ষতিও হব পাৰে। কিন্তু কপালখন ভাল, এই ক্ষেত্ৰত একো হোৱা নাই।

চিকিৎসালয়খনৰ মতে বৰ্তমান তেওঁ সুস্থ। মুখৰ কিছু অংশহে ঘাঁ হৈছে, যাৰ চিকিৎসা চলি আছে।

Related News