অংগনবাড়ী কৰ্মী-সহায়িকাক মাননীৰ পৰিৱৰ্তে মজুৰি দিয়াৰ দাবী অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ

ফটো: নৰ্থইষ্ট নাও।

অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই মাৰ্ঘেৰিটা নগৰৰ চেগুনবাৰী প্রথমিক বিদ্যালয়ত শনিবাৰে এক সংবাদমেল সম্বোধন কৰে। সন্থাৰ সম্পাদিকা ভাৰতী বৰগোহাঁই, সাংগঠনিক সম্পাদিকা দিপালী গগৈ বৰুৱা, মাৰ্ঘেৰিটা প্রকল্প সমিতিৰ  সহ সম্পাদিকা মনিকা শইকীয়া আৰু কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

সংবাদমেলত তেওঁলোকে অংগনবাড়ী কৰ্মী সহায়িকা সকলক বৰ্তমান চৰকাৰে যি মাননী দি আছে সেইয়া অতি নগণ্য বুলি উল্লেখ কৰি মাননীৰ পৰিবৰ্তে মজুৰি দিয়াৰ দাবী জনায়।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ তুলনাত যি সামান্য মাননী চৰকাৰে দি আছে তাৰে পৰিয়াল ভৰণ পোষণ দিয়াটো অসম্ভৱ হৈ পৰা বুলি মন্তব্য কৰে সন্থাই। তাৰ বিপৰীতে অংগনবাড়ী কৰ্মী সকলৰ কামৰ বোজা দিনে দিনে বৃদ্ধি  কৰা বুলি অভিযোগ কৰি কয় যে অতি শীঘ্রে সেয়া বৃদ্ধি কৰিব লাগে।

আনহাতে, সন্থাই চলিত বছৰত অৱসৰ দিয়া অংগনবাড়ী কৰ্মী-সহায়িকা সকলৰ পেঞ্চন আৰু চৰকাৰে ঘোষনা কৰা অংগনবাড়ী কৰ্মীৰ চাৰি লাখ আৰু সহায়িকাৰ দুই লাখ টকা শীঘ্রে মোকলাই দিয়া ব্যৱস্থা কৰাৰো আহবান জনায়।