মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ লাহিছে আউল। মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাত স্থান নোপোৱাৰ বাবে একনাথ শিণ্ডে গোটৰ অন্যতম নেতা নৰেন্দ্ৰ ভোণ্ডেকাৰে দলৰ পদৰ পৰা পদত্যাগ কৰে। অৱশ্যে তেওঁ এতিয়াও বিধায়ক পদৰ পৰা পদত্যাগ কৰা নাই।
শিৱসেনাৰ বিদৰ্ভ আঞ্চলিক সমন্বয়ক পদৰ পৰা পদত্যাগ কৰিছে নৰেন্দ্ৰ ভোণ্ডেকৰে। অৱশ্যে ভাণ্ডাৰা-পাৱনী সমষ্টিৰ বিধায়ক পদৰ পৰা তেওঁ এতিয়াও পদত্যাগ কৰা নাই।
উল্লেখ্য যে নৰেন্দ্ৰ ভোণ্ডেকাৰ শিৱসেনাৰ তিনিবাৰৰ বিধায়ক। সূত্ৰ অনুসৰি এই মন্ত্ৰীসভাত তেওঁক মন্ত্ৰী পদৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু প্ৰতিশ্ৰুতি পূৰণ নোহোৱাত হতাশ হৈ প্ৰথমে একনাথ শিণ্ডে, শ্ৰীকান্ত শিণ্ডে আৰু জ্যেষ্ঠ নেতা উদয় সামন্তলৈ বাৰ্তা প্ৰেৰণ কৰে। কিন্তু তেওঁ কোনো সঁহাৰি নাপালে। অৱশেষত আজি তেওঁ পদত্যাগ পত্ৰ জমা দিলে।
উল্লেখযোগ্য যে এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ২৩৫খন আসনত বিজয় লাভ কৰে। ইয়াৰে ১৩২খন আসনেৰে বিজেপি একক বৃহৎ দল, আনহাতে শিৱসেনা (শিন্দে) আৰু এনচিপি (অজিত পাৱাৰ)-এ ক্ৰমে ৫৭ আৰু ৪১খন আসন লাভ কৰে।
দেওবাৰে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনবিছে নতুন মন্ত্ৰীসভাত ৩৯ গৰাকী মন্ত্ৰীক অন্তৰ্ভুক্ত কৰে। নাগপুৰৰ ৰাজভৱনত ১৯ গৰাকী বিজেপি, ১১ গৰাকী শিৱসেনা আৰু ৯ গৰাকী এনচিপি বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শিৱসেনাৰ হৈ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে উদয় সামন্ত, শম্ভুৰাজ দেশাই, দাদাজী ভূছে, সঞ্জয় ৰাথোৰ, গুলাব্ৰাউ পাটিল আৰু সঞ্জয় শিৰছাটে।