ভাৰতীয় বজাৰ নিয়ন্ত্ৰক ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে কোম্পানীটোৰ পৰা ধন ডাইভাৰচন কৰাৰ বাবে উদ্যোগী অনিল আম্বানী আৰু ৰিলায়েন্স হোম ফাইনেন্সৰ প্ৰাক্তন শীৰ্ষ বিষয়াকে ধৰি আন ২৪জনক ৫ বছৰৰ বাবে ছিকিউৰিটিজ বজাৰৰ পৰা নিষিদ্ধ কৰিছে।
ছেবিয়ে আম্বানীৰ ওপৰত ২৫ কোটি টকাৰ জৰিমনা বিহিছে আৰু নিয়ন্ত্ৰকত পঞ্জীয়নভুক্ত যিকোনো তালিকাভুক্ত কোম্পানী বা মধ্যস্থতাকাৰীৰ সঞ্চালক বা কী মেনেজাৰিয়েল পাৰ্ছনেল (কেএমপি) হিচাপে কাৰ্যনিৰ্বাহ কৰাকে ধৰি ছিকিউৰিটিজ মাৰ্কেটৰ সৈতে কোনো ধৰণৰ সম্পৰ্কত ৫ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে৷
ইয়াৰ উপৰিও নিয়ন্ত্ৰক অনুষ্ঠানটোৱে ৰিলায়েন্স হোম ফাইনেন্সক ছমাহৰ বাবে ছিকিউৰিটিজ বজাৰত নিষিদ্ধ কৰি ৬ লাখ টকা জৰিমনা বিহে।
২২২ পৃষ্ঠাৰ চূড়ান্ত অৰ্ডাৰত ছেবিয়ে প্ৰকাশ কৰিছে যে অনিল আম্বানী আৰু আৰ এইচ এফ এলৰ শীৰ্ষ কাৰ্যবাহীসকলে তেওঁৰ সৈতে জড়িত লোকসমূহলৈ ঋণৰ আঁৰত আৰ এইচ এফ এলৰ পৰা ধন ডাইভাৰ্ট কৰাৰ প্ৰৱঞ্চনামূলক আঁচনি ৰচনা কৰিছিল।
আৰ এইচ এফ এলৰ পৰিচালনা সমিতিৰ দ্বাৰা এনে ঋণ প্ৰদানৰ পদ্ধতি বন্ধ কৰিবলৈ দৃঢ় নিৰ্দেশনা জাৰি কৰা আৰু কৰ্পৰেট ঋণ নিয়মিতভাৱে পৰ্যালোচনা কৰা সত্ত্বেও পৰিচালনা সমিতিয়ে এই নিৰ্দেশনাসমূহ অৱজ্ঞা কৰে।
ছেবিয়ে এই সিদ্ধান্তত উপনীত হয় যে এই প্ৰৱঞ্চনামূলক আঁচনিখন আম্বানী আৰু আৰ এইচ এফ এলৰ কে এম পি সমূহে কাৰ্যকৰী কৰিছিল, ঋণ-অযোগ্য কনডুইট ঋণ লোৱাসকলৰ জৰিয়তে ধন আগবঢ়াইছিল, যাৰ সৈতে আম্বানী নিজেই জড়িত।
ছেবিয়ে উল্লেখ কৰে যে সম্পত্তি, নগদ ধনৰ প্ৰবাহ বা ৰাজহ কম বা একেবাৰেই নথকা কোম্পানীসমূহৰ বাবে শ শ কোটি টকাৰ ঋণ অনুমোদন কৰা হৈছিল, যিয়ে এই ঋণৰ আঁৰত ইচ্ছাকৃত উদ্দেশ্যৰ কথা সূচায়। এই ঋণগ্ৰহণকাৰীসকলৰ অধিকাংশই ডিফল্ট কৰিছিল, যাৰ ফলত আৰ এইচ এফ এলৰ নিজৰ ঋণ ডিফল্ট হৈছিল আৰু আৰ বি আইৰ কাঠামোৰ অধীনত ইয়াৰ অৱশেষত সমাধান হৈছিল। ইয়াৰ ফলত ৯ লাখৰো অধিক বিনিয়োগকাৰীকে ধৰি ৰাজহুৱা শ্বেয়াৰহোল্ডাৰসকলৰ যথেষ্ট লোকচান হৈছিল।
২০১৮ চনৰ মাৰ্চ মাহত ৫৯.৬০ টকাত থকা আৰ এইচ এফ এলৰ শ্বেয়াৰৰ মূল্য ২০২০ চনৰ মাৰ্চ মাহৰ ভিতৰত ০.৭৫ টকালৈ হ্ৰাস পায়।
এই প্ৰৱঞ্চনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আৰ এইচ এফ এলৰ প্ৰাক্তন বিষয়া অমিত বাপ্না, ৰবীন্দ্ৰ সুধালকাৰ, পিংকেশ আৰ শ্বাহকে ধৰি ২৪জন লোকৰ ওপৰত ছেবিয়ে শাস্তি প্ৰদান কৰে। আম্বানীক ২৫ কোটি, বাপনাক ২৭ কোটি, সুধালকাৰক ২৬ কোটি, আৰু শ্বাহক ২১ কোটি টকা জৰিমনা বিহা হয়।
ইয়াৰ উপৰিও ৰিলায়েন্স ইউনিকৰ্ণ এণ্টাৰপ্ৰাইজ, ৰিলায়েন্স এক্সচেঞ্জ নেক্সট লিমিটেড, ৰিলায়েন্স কমাৰ্চিয়েল ফাইনেন্স লিমিটেড, ৰিলায়েন্স ক্লিনজেন লিমিটেড, ৰিলায়েন্স বিজনেছ ব্ৰডকাষ্ট নিউজ হোল্ডিংছ লিমিটেড, ৰিলায়েন্স বিগ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড আদি আন কেইবাটাও প্ৰতিষ্ঠানক ২৫ কোটি টকাৰ জৰিমনা বিহে।