[vc_row full_width=”stretch_row” vc_row_background=”” background_repeat=”no-repeat” background_position=”center center” background_attachment=”fixed” background_size=”cover” css=”.vc_custom_1597303846889{background-image: url(https://assam.nenow.in/wp-content/uploads/2020/08/Sky-new.jpg?id=121200) !important;}”][vc_column][vc_single_image image=”121201″ img_size=”full” css=”.vc_custom_1597303957881{padding-top: 20px !important;}”][vc_row_inner][vc_column_inner width=”1/6″][/vc_column_inner][vc_column_inner width=”2/3″][vc_column_text]
ভাৰতে ১৫ আগষ্টত ৭৪সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে বেছিভাগ ভাৰতীয়ৰ বাবে অজ্ঞাত ইতিহাসৰ এটা অধ্যায়ৰূপে মণিপুৰৰ মৈৰাং এতিয়াও বাচি আছে।
স্বাধীনতা দিৱসৰ দিনা লাল কিলাত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে ত্ৰিৰংগা উত্তোলন কৰাৰ সময়ত প্ৰত্যেক ভাৰতীয়ই গৌৰৱত তেওঁলোকৰ শিৰ উন্নত কৰি ৰাখে।
কিন্তু এইটো দুখৰ কথা যে ত্ৰিৰংগা ভাৰতত কেতিয়া প্ৰথম উত্তোলন কৰা হৈছিল সেয়া খুব নগণ্যসংখ্যক ভাৰতীয়ইহে জানে।
আজাদ হিন্দ ফৌজে বৃটিছ সেনাৰ পৰা মৈৰাং (ইম্ফালৰ পৰা ৪৫ কি.মি. দক্ষিণে) দখল কৰিছিল, আৰু ভাৰতত ই আছিল বৃটিছ সেনাৰ বিৰুদ্ধে প্ৰথমটো বিজয়।
সামৰিক বুৰঞ্জীবিদসকলে বিশ্ব ইতিহাসৰ এক হিংস্ৰতম ৰণ হিচাপে ইয়াৰ প্ৰসংগ উল্লেখ কৰে।
আজাদ হিন্দ ফৌজৰ কৰ্নেল চৌকট আলি মালিক তেওঁৰ সৈন্যসকলৰ সৈতে মৈৰাঙলৈ অগ্ৰসৰ হৈছিল আৰু ১৯৪৪ চনৰ ১৪ এপ্ৰিলত জাতীয় পতাকা উত্তোলন কৰিছিল।
দুৰ্ভাগ্যজনকভাৱে ভাৰতৰ সামৰিক ইতিহাসৰ গুৰুত্বপূৰ্ণ তথ্যটো বেছিভাগ ভাৰতীয়ৰ বাবেই অজ্ঞাত হৈ ৰ’ল, কাৰণ স্কুলৰ পাঠসমূহত দশকজুৰি ইচ্ছাকৃতভাৱে তথ্যটো গোপনে ৰখা হ’ল।
ভাৰতৰ স্বাধীনতাৰ কাৰণে যুঁজি আজাদ হিন্দ ফৌজৰ প্ৰায় ২৬,০০০ সৈন্যই তেওঁলোকৰ জীৱন দিলে। আৰু, মৈৰাং আজাদ হিন্দ ফৌজ চৰকাৰৰ নিয়ন্ত্ৰণত প্ৰায় চাৰিমাহ থাকিল।
সেই চাৰিমাহত আজাদ হিন্দ চৰকাৰে মৈৰাঙত স্বাধীনভাৱে কাম কৰিছিল।
দুৰ্ভাগ্যজনকভাৱে মৈৰাঙৰ বৰঙনি সদায় “বিস্মৃত” হৈ ৰ’ল। আজিৰ দিনটোত আহক আমি হাতে হাত মিলাওঁ আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সাহসী সেনানীসকলৰ বাবে এবাৰ হাততালি দিওঁ।
[/vc_column_text][/vc_column_inner][vc_column_inner width=”1/6″][/vc_column_inner][/vc_row_inner][/vc_column][/vc_row]