• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক অধিৱেশন; উদুলি মুদুলি বাক্সাৰ তামুলপুৰ

সমাজত শান্তি স্থাপনৰ স্বাৰ্থত উগ্ৰপন্থীসকলক মুলসুঁতিলৈ উভতি আহিবলৈও আহ্বান সভাপতি তৰেন বড়োৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 11, 2021 1:04 pm
Bodo sahitya Sabha Final

ফটো: নৰ্থইষ্ট নাও।

179
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰেৰে পৰা আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশন।

আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী  হিচাপে পুৱা  ৮:৩০ বজাত পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে।

পতাকা উত্তোলনৰ পিছতে বড়ো সাহিত্য সভাৰ প্ৰয়াত ব্যক্তিসকলৰ স্মৃতিত স্মৃতি তৰ্পণ কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি সীতাৰাম বসুমতাৰীয়ে।

ইয়াৰ পিছতেই শ্বহীদ তৰ্পণ কৰে বড়ো সাহিত্য সভাৰ আন এজন উপ সভাপতি ড০ দীননাথ বসুমতাৰীয়ে।

পতাকা উত্তোলন কৰি সংবাদ মাধ্যমৰ আগত সভাপতি তৰেন বড়োৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয়, ‘’বিশ্বায়ন আৰু প্ৰতিযোগিতাৰ যুগত ফেৰ মাৰিব পৰাকৈ বড়ো সাহিত্য সভাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বড়ো সাহিত্য সভা এটা সাহিত্য-সংস্কৃতিৰ সংগঠন হিচাপে বড়ো জাতি গঠন প্ৰক্ৰিয়াত আৰু জাতিটোৰ উন্নয়নৰ বাবে যথেষ্ট কৰণীয় আছে।‘’

বড়ো জাতিৰ উন্নয়নৰ বাবে ভেদাভেদ পৰিহাৰ কৰি ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ কাম কৰাৰ আহ্বান সভাপতি জনায় সভাপতি তৰেন বড়োৱে।

আনহাতে, পাঠ্যপুথিৰ সমস্যা, শিক্ষক আৰু শিক্ষাৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ BTR প্ৰধান প্ৰমোদ বড়োলৈ আহ্বান জনায় বড়ো সাহিত্য সভাৰ সভাপতি গৰাকীয়ে।

নতুনকৈ গঠন হোৱা NLFB সংগঠন সন্দৰ্ভত মন্তব্য কৰি তৰেন বড়োৱে কয় যে  বড়ো সাহিত্য সভাই সদায় শান্তি সম্প্ৰীতিৰ বাবে মাত মাতি আহিছে।

তেওঁ উগ্ৰপন্থীসকলক মুলসুঁতিলৈ ঘুৰাই আনিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ গৃহ বিভাগক আহ্বান জনায়।

সমাজত শান্তি স্থাপনৰ স্বাৰ্থত উগ্ৰপন্থীসকলকো মুলসুঁতিলৈ উভতি আহিবলৈ তেওঁ আহ্বান জনায়।

বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰধান প্ৰশান্ত বড়োৱে কয় যে বড়ো জাতিটো ৰাজনৈতিকভাৱে বিভাজন হোৱা বাবে সামাজিক গাঁঠনি দুৰ্বল হৈ পৰিছে।

বড়ো জাতি হিচাপে ঐক্যবদ্ধ আৰু শান্তিপ্ৰিয়ভাবে বসবাস কৰিবলৈ ৰাইজক আহ্বান জনায় সম্পাদক প্ৰধান প্ৰশান্ত বড়োৱে।

Recent News

ৰাজস্থানৰ গাঁৱৰ পৰা উদ্ধাৰ দুই পাকিস্তানীৰ মৃতদেহ! কেনেকৈ ভাৰতলৈ আহি মৃত্যুবৰণ কৰিলে?

ৰাজস্থানৰ গাঁৱৰ পৰা উদ্ধাৰ দুই পাকিস্তানীৰ মৃতদেহ! কেনেকৈ ভাৰতলৈ আহি মৃত্যুবৰণ কৰিলে?

বাংলাদেশত ৰাজনীতিবিদৰ দ্বাৰা ধৰ্ষণৰ বলি ২১ বছৰীয়া হিন্দু যুৱতী, গ্ৰেপ্তাৰ ৫ জন

বাংলাদেশত ৰাজনীতিবিদৰ দ্বাৰা ধৰ্ষণৰ বলি ২১ বছৰীয়া হিন্দু যুৱতী, গ্ৰেপ্তাৰ ৫ জন

বিয়া পাতিবলৈ আমেৰিকালৈ যোৱা ২৪ বছৰীয়া ভাৰতীয় যুৱতী নিৰুদ্দিষ্টঃ পৰিয়ালৰ মাজত উদ্বিগ্নতা

বিয়া পাতিবলৈ আমেৰিকালৈ যোৱা ২৪ বছৰীয়া ভাৰতীয় যুৱতী নিৰুদ্দিষ্টঃ পৰিয়ালৰ মাজত উদ্বিগ্নতা

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd