NORTHEAST NOW (Assamese)

পুনৰ তিনি মাহৰ কাৰণে বৃদ্ধি পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল

December 2, 2018 11:40 am · পংকজ কুমাৰ দেব

নানা জল্পনা কল্পনাৰ অৱসান পেলাই ৰাজ্যপালে ৪ ডিচেম্বৰৰ পৰা দ্বিতীয় বাৰলৈ তিনি মাহৰ কাৰণে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰিলে।

ৰাজ্যপালেৰ আদেশানুসাৰে পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰাজীব বৰাই স্বাক্ষৰ কৰা চৰকাৰী নিৰ্দেশত উল্লেখ কৰা হয় যে এই তিনি মাহৰ বৰ্দ্ধিত কাৰ্যকালৰ সময়চোৱাত পৰিষদৰ সামগ্ৰিক নিৰ্বাচনী কামকাজ সামৰি লোৱা হ’ব।

অতিৰিক্ত মুখ্য সচিবৰ পত্ৰখন।

উল্লেখযোগ্য যে যোৱা বছৰৰ ৩ জুন তাৰিখে একাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকালৰ অন্ত পৰিছিল। কিন্তু ৰাজ্যপালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অজুহাতত পৰিষদৰ কাৰ্যকাল ছ’মাহলৈ বৃদ্ধি কৰে। ইয়াৰ লগে লগে হাফলঙৰ  প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে আদালতত জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰে।

উক্ত আবেদনৰ পৰিপ্ৰেক্ষিতত যোৱা ৮ নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ চুড়ান্ত ৰায়ত আগন্তুক ১৫’ ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে।

এতিয়া ৰাজনৈতিক নেতাকৰ্মী সকলে নিৰ্বাচনী জাননীৰ অপেক্ষা কৰিছে। অহা জানুৱাৰী মাহত মাঘ বিহুৰ পাছতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

Related News