নিৰ্বাচনৰ আগমুহূৰ্তত অগপৰ আন এজন গুৰুত্বপূৰ্ণ নেতাৰ পদত্যাগ

ইখনৰ পিছত সিখন বৈঠক পাতিও একো সিদ্ধান্তত উপনীত হ'ব পৰা নাই অগপৰ নেতৃত্ব

Divas Phukan

পদত্যাগৰ পিছত সংবাদমেলত অগপৰ তথ্য আৰু প্ৰচাৰ সম্পাদক তথা ৰাজ্যিক মুখপাত্ৰ আৰু ইস্তাহাৰ সমিতিৰ সদস্য দিৱস ফুকন।

লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত গুৰুত্বপূৰ্ণ নেতাৰ পদত্যাগে আঞ্চলিক দল অগপক বিপদত পেলোৱাৰ শংকাই দেখা দিছে। দলটোৰ নেতৃত্বই সবল স্থিতি দেখুৱাব নোৱাৰিলে যে নিশ্চিহ্ন হোৱাৰ বাট মুকলি হ’ব সেয়া সহজে অনুমেয়।

বৰ্তমান ইখনৰ পিছত সিখন বৈঠকত বহি একো সিদ্ধান্তত উপনীত হ’ব নোৱৰা দলটো এৰি দুদিনমান পূৰ্বে কেন্দ্ৰীয় উপ-সভাপতি দিলীপ বৰাই ওলাই অহাৰ পাছত আজি দলটোৰ পৰা আঁতৰি যায় কেন্দ্ৰীয় নেতা দিৱস ফুকন।

অগপৰ তথ্য আৰু প্ৰচাৰ সম্পাদক তথা ৰাজ্যিক মুখপাত্ৰ আৰু ইস্তাহাৰ সমিতিৰ সদস্যৰ দায়িত্বত থকা ফুকনে মঙলবাৰে সভাপতি অতুল বৰালৈ এক পদত্যাগপত্ৰ প্ৰেৰণ কৰি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি লয়।

ফুকন কাইলৈ মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা নেশ্যনেল পীপলছ পাৰ্টি (এন পি পি)ৰ মুৰব্বী কনৰাড চাংমাৰ উপস্থিতিত গুৱাহাটীত দলটোত যোগদান কৰাৰ পূৰ্ণ সম্ভৱনা আছে। এই কথা তেওঁ সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰে।

অগপৰ পৰা পদত্যাগৰ পাছতেই তেওঁ গুৱাহাটীৰ চানমাৰিত এখন সংবাদমেল সম্বোধন কৰি অগপৰ নেতৃত্বৰ ওপৰত ক্ষোভ উজাৰে। দলীয় নেতৃত্বৰ দুৰ্বল আৰু দ্বিধাপূৰ্ণ স্থিতিত অসন্তুষ্ট হৈ তেওঁ অতি দুখেৰে অগপ ত্যাগ কৰিব লগীয়া হোৱা বুলিও মন্তব্য কৰে।

এৰি অহা দলটোক সমালোচনা কৰি ফুকনে অগপই আঞ্চলিকতাবাদক জলাঞ্জলি দিব বিচাৰিছে বুলি অভিযোগ আনে।

ইপিনে তৃণমূল কৰ্মীক আন্ধাৰত ৰাখি বিজেপিৰ সৈতে দলটোৱে এতিয়াও গোপনে সম্পৰ্ক ৰক্ষা কৰি আহিছে বুলি সংবাদমেলত ৰাজহুৱা কৰে। “দলৰ তৃণমূল কৰ্মীয়ে বিজেপিৰে মিত্ৰতা হোৱাটো নিবিচাৰে। কিন্তু একাংশ শীৰ্ষ নেতাৰ স্থিতি- ‘লোককে দেখুৱাই কেটেৰাই মাতিবা ভিতৰি নেৰিবা বেথা’ৰ দৰে”, ফুকনৰ অভিযোগ।

“অসমৰ ৰাইজক যি বিশ্বাসঘাতকতা কৰিব বিচাৰিছে তাত অংশীদাৰ হ’ব নোৱাৰো”, তাৎপৰ্য্যপূৰ্ণ মন্তব্য দলত্যাগী নেতাজনৰ।

তেওঁ নেতৃত্বৰ দুৰ্বল স্থিতিৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়, “অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত অগপই যি ধৰণে পদক্ষেপ ল’ব লাগিছিল সেই ধৰণে আগ নবঢ়াত এজন কৰ্মী হিচাপে হতাশ হৈছো। দলে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি তিনিজন মন্ত্ৰীয়ে মন্ত্ৰিত্ব ত্যাগ কৰি ওলাই আহিল যদিও এতিয়ালৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত কোনো বলিষ্ঠ তথা দৃঢ় স্থিতি গ্ৰহণ কৰিব নোৱৰাত দলটোৱে অসমৰ ৰাইজৰ আস্থা হেৰুৱাই পেলাইছে”।

গুৰুত্বপূৰ্ণ সময়ত দলৰ স্থিতি অস্পষ্ট হৈ থকাৰ প্ৰসংগ উল্লেখ কৰি ফুকনে কয়, “অসমৰ ৰাইজক বিভ্ৰান্ত আৰু হতাশাগ্ৰস্ত কৰিব পৰা কোনো ৰাজনৈতিক প্ৰক্ৰিয়াৰ সৈতে জড়িত নহওঁ”।

তেওঁ লগতে অগপ নেতৃত্বই যুৱ প্ৰজন্মক সক্ৰিয় অংশগ্ৰহণেৰে দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আগ বাঢ়ি অহাৰ সুযোগ প্ৰদান নকৰে বুলিও অভিযোগ কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা দিৱস ফুকনে নেশ্যনেল পীপলছ পাৰ্টিত যোগদান কৰাৰ ইংগিত দিলেও সদায় আঞ্চলিকতাবাদৰ পক্ষতে থাকিব বুলি আশ্বাস প্ৰদান কৰে।

উল্লেখ কৰিব পাৰি যে কেইদিন মান পূৰ্বে দলটোৰ পৰা ওলাই অহা কেন্দ্ৰীয় উপ-সভাপতি দিলীপ বৰা বৰ্তমান এন পি পি দলৰ ৰাজ্যিক আহ্বায়ক। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়াৰ পিছত কনৰাড চাংমা নেতৃত্বাধীন এন পি পিয়ে ৰাজ্যখনত নতুনকৈ ৰাজনৈতিক গ্ৰহণযোগ্যতা পোৱা দেখা গৈছে, যাৰ বাবে এটা পচন্দৰ ৰাজনৈতিক বিকল্প হৈ পৰিব পাৰে অগপ ত্যাগী নেতাসকলৰ বাবে।