আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰিৰ আন এগৰাকী মূল অভিযুক্ত সৰোজ শৰ্মাক গ্ৰেপ্তাৰ

Assam_Police_badge-1024x614-750x375

ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰিৰ আন এগৰাকী মূল অভিযুক্তক শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

কেলেংকাৰিটোৰ অন্যতম মূল অভিযুক্ত হিচাপে চিনাক্ত সৰোজ শৰ্মাক অসম আৰক্ষীৰ অপৰাধ শাখাই বৰঝাৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

দিল্লী, লক্ষ্ণৌ আদি স্থানত আত্মগোপন কৰি থকাৰ পাছত অসমলৈ উভতি আহি থকাৰ সময়তে বিমানবন্দৰত অভিযুক্ত শৰ্মাক গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে,  অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰিত জৰিত থকাৰ অভিযোগত বৃহস্পতিবাৰে পানীগাওঁ আৰক্ষীয়ে ১৩ অসম বেটেলিয়নৰ জোৱান এজনক গ্ৰেপ্তাৰ কৰে ।

ধৃত জোৱান জনৰ নাম অতুল নাথ। গুৱাহাটীৰ উলুবাৰীত যান-বাহন নিয়ন্ত্ৰণৰ কামত নিয়োজিত জোৱান জনে কিছুদিন পূৰ্বে উত্তৰ লখিমপুৰৰ পানীগাওঁত থকা ঘৰলৈ গৈছিল।

আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সৈতে উক্ত জোৱানজনো জৰিত থকাৰ সন্দেহতে জোৱান জনক গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা ১২ ছেপ্তেম্বৰত লখিমপুৰত আৰক্ষীয়ে এটা ফোন কলৰ আঁত ধৰি মনোজ তামুলী আৰু আজাদ নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰিছিল।

মনোজ তামুলীয়ে এছ আই পৰীক্ষাৰ বাবে লোক জেনৰ পৰা ধন বিচৰাৰ কথা প্ৰমাণ হৈছিল।

পানীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসম আৰক্ষী বেটেলিয়নৰ জোৱান জনেও ধনৰ লেন-দেনত জৰিত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰি সন্দৰ্ভত আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এতিয়ালৈকে বহু কেইজনলোকক গ্ৰেপ্তাৰ কৰিছে।