উচুপি উঠিল নেতা : অগপত আৰম্ভ বিভাজন; দল পুনৰ গঠনৰ প্ৰস্তুতি

f74a22be-0a98-4ffa-9002-01eaae1674d7

অগপক পুনৰ গঠনৰ সংকল্পেৰে গুৱাহাটীত বৃহস্পতিবাৰে বিদ্ৰোহী নেতাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

অগপ পুনৰ গঠন কৰিব তৃণমূল কৰ্মী আৰু নেতাই। বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেলত অগপৰ তথ্য বিভাগৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডঃ অশ্বিন কুমাৰ মহন্তই এই কথা সদৰী কৰে।

তেওঁ কয়, “বিজেপিৰ সৈতে মিতিৰালি কৰা কোনো নেতাকে নামানে তৃণমূল কৰ্মীয়ে। দলৰ বৃহত্তৰ স্বাৰ্থত অগপক পুনৰ উদ্ধাৰ কৰিব তৃণমূল কৰ্মীয়ে।‘’

‘’কুমাৰ দীপক দাসৰ অকলে নিৰ্বাচন খেলাৰ সাহস নাই নেকি?’’ সংবাদমেলত এইদৰে প্ৰশ্ন উত্থাপন কৰে ডঃ অশ্বিন কুমাৰ মহন্তই।

“অহা ৭ এপ্ৰিলত গুৱাহাটীৰ গণেশগুৰিৰ গণেশ উদ্যান প্ৰাংগণত একত্ৰিত হ’ব শতাধিক অগপৰ তৃণমূল কৰ্মী। দলৰ সংবিধান অগপৰ কেইজনমান নেতৃত্বই মনা নাই। গতিকে অগপৰ তৃণমূল কৰ্মীয়েও নামানে দলৰ সংবিধান। অগপৰ অস্তিত্ব বিপন্ন হ’ব দিয়া নহয়,’’- মহন্তই কয়।

মহন্তই লগতে কয়, “অসমৰ সকলো স্তৰৰ বৰ্ণ, ধৰ্ম, ভাষা, জাতিৰ উৰ্দ্ধত থাকি জনসাধাৰণৰ অশেষ কষ্ট আৰু ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত অসম গণ পৰিষদৰ জন্ম হৈছিল। আমি বিজেপিৰ সৈতে মিত্ৰতা কৰা নেতাসকলক কোনোপধ্যেই মানি নলওঁ। তেওঁলোকৰ সিদ্ধান্ত অগপ দলৰ সিদ্ধান্ত নহয়।”

ইপিনে জাতিদ্রোহী ব্যক্তিৰ ব্যক্তিগত সম্পত্তি বা কোম্পানীৰ হাতৰ মুঠিৰ পৰা পুনৰ উদ্ধাৰ কৰিবৰ বাবে অগপ কৰ্মী বা শুভাকাংখীক উক্ত দিনটোত একত্ৰিত কৰা হ’ব বুলি অশ্বিন মহন্তই জানিবলৈ দিয়ে।

তদুপৰি, বলিষ্ঠ আঞ্চলিকতাবাদৰ পোষকতা কৰি এক শক্তিশালী অসমৰ, সমূহ ৰাইজৰ বিশ্বাস আৰু আদৰৰ দললৈ ৰূপান্তৰ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

তাৎপৰ্যপূৰ্ণভাবে, আজি সংবাদমেলত উচুপি উঠে মহন্তই। উল্লেখযোগ্য যে, অগপ ই ২০১৬ চনত বিজেপিৰে মিত্ৰতা কৰাৰ বাবে সময়িকভাৱে দলৰ পৰা পদত্যাগ কৰিছিল মহন্তই। তাৰ পাছতে বিলাসীপাৰা পূব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিছিল মহন্তই।

সংবাদমেলত ডঃ অশ্বিন কুমাৰ মহন্তৰ উপৰি উপস্থিত থাকে অৰূপ বৰা, দেৱৰো কৈৰী, স্বৰস্বতী দাস, দীপ্তি শৰ্মা, ৰিংকু তালুকদাৰ, অবিনাশ বৰঠাকুৰ, জাহিদুৰ ৰহমান, নিৰ্মল কুমাৰ শইকীয়া, ৰাজু মহন্ত আৰু অজিত দত্ত।