‘কা’ বিৰোধ কৰি ছ’চিয়েল মেডিয়াত চৰ্চিত হৈ ‘কা’ সমৰ্থক অগপৰ ছাত্ৰ সংগঠনৰে চামিল কস্তুৰী চুতীয়া

নতুন ৰাজনৈতিক দলৰ লগতে ‘কা’ বিৰোধিতাৰে ৰাজনৈতিক নেতা হোৱাসকলক সমালোচনা কস্তুৰীৰ

7674add3-8e67-42aa-916a-3c0b9e8b56d0(1)

‘কা’ বিৰোধী ভৰপক আন্দোলনৰ সময়ত নিজৰ উদাত্ত ভাষণৰে তথা ছ’চিয়েল মেডিয়াত শাসকীয় পক্ষক সমালোচনাৰে থকা-সৰকা কৰি মুহূৰ্ততে ভাইৰেল হৈ পৰা সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী কস্তুৰী চুতীয়াই আজি অসম ছাত্ৰ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে।

কস্তুৰীক দলৰ মজিয়ালৈ আদৰণি জনায় অগপ সভাপতি অতুল বৰা আৰু অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাই।

দলত যোগদান কৰিয়েই অগপ দলৰ সমৰ্থনত বক্তব্য ৰখাৰ লগতে অগপক সমালোচনা কৰা লোকসকলকহে কটাক্ষ কৰে কস্তুৰীয়ে।

ভাষণ প্ৰসংগত তেওঁ কয়, “আমাৰ বাবে জাতীয়তাবাদ যুক্তিৰ কথা, আমাৰ বাবে জাতীয়তাবাদ অধিকাৰৰ প্ৰসংগ। জাতীয়তাবাদ ধৰি ৰখা কুৰি বছৰীয়া দলটো হৈছে অসম গণ পৰিষদ। বহু হেৰুৱাইছে, বহু সমালোচনাৰ সন্মুখীন হৈছে তথাপি দলটো থিয় হৈ আছে কাৰণ তাত সততা আছে। যি ভুল হৈছে অগপই সেই ভুলৰ শুধৰণি কৰিছে কাৰণ ৰাইজৰ এতিয়াও দলটোৰ প্ৰতি আস্থা আছে।”

ইপিনে, অগপ সভাপতি অতুল বৰাই ভৱিষ্যতে সঠিকৰূপত পথ প্ৰদৰ্শন কৰিব লাগিব বুলি ভাষণ প্ৰসংগত কস্তুৰীয়ে উল্লেখ কৰে।

ইপিনে, নতুন আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃত্বৰ আদৰ্শ আৰু লক্ষ্য স্পষ্ট নহয় বুলি উল্লেখ কৰি তেওঁলোক মতানৈক্যত ব্যস্ত থকা বুলি কটাক্ষ কৰে চুতীয়াই।

“অসম গণ পৰিষদ বাহিৰৰ পৰা আমদানি কৰি অনা দল নাছিল। যদি অসম গণ পৰিষদৰ কিবা ভুল আছিল তেন্তে তেওঁলোকে শুধৰাব পাৰিলেহেতেন। ক্ষমতাৰ লোভত ৰাজনীতিৰ জখলা বগোৱা মানুহৰ লগত আমি নাই। সেয়েহে আমি জাতীয়তাবাদৰ মূল শিপাডাল বিচাৰি আহিছো।” কস্তুৰীয়ে এইদৰে কয়।

তেওঁ আৰু কয় “কাৰোবাক মন্ত্ৰী বনাবলৈ, কাৰোবাক সাংসদ বনাবলৈ অসমৰ ছাত্ৰ-ছাত্ৰীসকলে কা বিৰোধী আন্দোলনৰ সময়ত আৰক্ষীৰ লাঠিৰ কোব খোৱা নাছিল। আমি অসমৰ উন্নতি বিচাৰি আন্দোলন কৰিছিলো। কিন্তু কাৰো ৰাজনৈতিক অভিসন্ধি পূৰণৰ বাবে আন্দোলন কৰা নাছিলো।”