মৰিগাঁৱত কা বিৰোধিতাৰে গণ অৱস্থান জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

a moria

অসম আন্তঃ ৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তনৰ জৰিয়তে খিলঞ্জীয়াক নিৰাপত্তা নিশ্চিত কৰক,জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে শনিবাৰে মৰিগাঁও চহৰ কঁপাই তুলি এক অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে অঃযাঃযুঃ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে।

জিলাখনৰ মাজ মজিয়া সদৰ স্থানত যুৱ-ছাত্ৰ পৰিষদৰ জিলা সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত ৰূপায়ন কৰা অৱস্থান কাৰ্যসূচীত পৰিষদৰ জিলা খনৰ বিভিন্ন আঞ্চলিকৰ পৰা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে কা আমাক নালাগে, অসমত অতি শীঘ্ৰে আন্তঃ ৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তন কৰক, অসমক নিৰাপত্তা দিব নোৱাৰা সোণোৱাল চৰকাৰ নিপাত যাওক, যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ আদি শ্লোগানেৰে জিলাখনৰ সামগ্ৰীক পৰিবেশ উত্তাল কৰি তোলে।

যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমে আঁত ধৰা গণ অৱস্থান কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ললিত চন্দ্ৰ পাচনিয়ে অংশগ্ৰহণ কৰি উদাক্ত ভাষণ ৰাখি কয় যে, কা’ৰ বিৰুদ্ধে আন্দোলন কৰি ছহিদ হোৱা সকলৰ ত্যাগ অথলে যাবলৈ দিয়া নহ’ব ।

লগতে তেওঁ অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি খিলঞ্জীয়া জাতি- জনগোষ্ঠীৰ ভবিষ্যত সুৰক্ষিত কৰিবলৈয়ো চৰকাৰলৈ দাবী জনায়।

অৱস্থান কাৰ্যসূচীত  কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মমিন চন্দ্ৰ দাসৰ লগতে বৰ অসম কাকতৰ স্বত্বাধিকাৰ বিৰিঞ্চি কুমাৰ শৰ্মা, মৰিগাঁও জিলাৰ কলিতা জনগোষ্ঠীৰ সাধাৰণ সম্পাদক দুলুমনি বৰা, মৰিগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি মানিক কুমাৰ নাথ, মৰিগাঁও জিলা মিডিয়া ক্লাৱৰ সভাপতি ৰাতুল ডেকা, মৰিগাঁও জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক পৰেশ চন্দ্ৰ ডেকা আৰু আক্ৰাছুৰ মৰিগাঁও জিলাৰ উপ-সভাপতি অংকুৰ ডেকাৰ উপস্থিত থাকে ।