‘কা’ৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকল দেশদ্ৰোহী বা ৰাষ্ট্ৰ বিৰোধী নহয়: বোম্বাই হাইকোৰ্ট

Pune_Assamese_Society-1-750x375

'কা'ৰ বিৰুদ্ধে শান্তিপূৰ্ণ আন্দোলন। ফাইল ফটো

যিসকল লোকে শান্তিপূৰ্ণভাৱে কোনো আইনৰ বিৰোধিতা কৰে তেওঁলোকক ৰাষ্ট্ৰ বিৰোধী বা দেশদ্ৰোহী বুলি ক’ব নোৱাৰি। এই ৰায় বোম্বাই হাইকোৰ্টৰ।

নাগৰিকত্ব সংশোধন আইনৰ বিৰুদ্ধে আন্দোলনৰ বাবে আৰক্ষীয়ে অনুমতি নিদিয়া সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰিছিল হাইকোৰ্টখনৰ ঔৰংগাবাদ বিচাৰপীঠখনে।

বাতৰি অনুসৰি, নিৰ্দেশটোত বিচাৰপীঠখনে কয়,’এনেকুৱা বিৰোধৰ ফলত ‘কা’ৰ ব্যৱস্থাৰ উলংঘনৰ প্ৰশ্নই নুঠে। এই আদালতত এনেকুৱা লোকৰ অধিকাৰৰ বিষয়ত বিচাৰ কৰাৰ আশা কৰা হয়। কেবল কোনো আইনৰ বিৰোধিতা কৰাৰ বাবেই কাৰোবাক দেশদ্ৰোহী বা ৰাষ্ট্ৰ বিৰোধী বুলি ক’ব নোৱাৰি। ‘কা’ৰ বাবেইহে চৰকাৰৰ বিৰুদ্ধে লোকৰ এই প্ৰতিবাদ প্ৰদৰ্শন হৈছে।‘

এই সন্দৰ্ভত আদালতখনে বীড জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ আৰু মাজৰগাঁৱ চিটী পুলিচৰ দুটা আদেশো বাতিল কৰে।

আৰক্ষীয়ে অতিৰিক্ত জিলা দণ্ডাধীশৰ ৰায়ৰ উল্লেখ কৰি আন্দোলনৰ অনুমতি প্ৰদান কৰা নাছিল।

বিচাৰপীঠখনে কয় যে ভাৰতে এনে অহিংস আন্দোলনৰ ফলতেই স্বাধীনতা লাভ কৰিছিল। এই অহিংসাৰ পথকেই আজিলৈকে লোকে মানি আহিছে। আমি গৌৰৱান্বিত যে এই দেশৰ অধিকাংশ লোকেই আজিও অহিংসাত বিশ্বাস কৰে।‘

বোম্বাই হাইকোৰ্টৰ নিৰ্দেশটোত কৈছে, ‘এই বিষয়তো আবেদনকাৰী আৰু লোকে নিজৰ বিৰোধিতা সাৱ্যস্ত কৰিবলৈ শান্তিপূৰ্ণভাৱে প্ৰদৰ্শন কৰিব বিচাৰে। ব্ৰিটিছ শাসনৰ সময়ত আমাৰ অগ্ৰজসকলে স্বাধীনতা আৰু মানৱাধিকাৰৰ বাবে যুঁজ দিছিল আৰু প্ৰতিবাদৰ আঁৰত থকা বিচাৰধাৰাৰ বাবেই আমি আমাৰ সংবিধান ৰচনা কৰিছো। ইয়াক কোৱাটো দুৰ্ভাগ্যজনক যে লোকে নিজৰ চৰকাৰখনৰে বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰে। কিন্তু ৰাজপথৰ আন্দোলনক দমন কৰিব পৰা নাযায়।‘

বিচাৰপীঠখনে লগতে কয় যে এইক্ষেত্ৰত চাবলগীয়া কথাটো হৈছে যে প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সময়ত নাগৰিকৰ মৌলিক অধিকাৰ উলংঘা হৈছে নেকি?