মীন বিভাগত বৃহৎ ছিণ্ডিকেটৰাজ! ছিণ্ডিকেটত মন্ত্ৰী পীযুষ হাজৰিকা জড়িত থকাৰ অভিযোগ অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ

Chalani-fishes-being-sold-in-Silchars-biggest-market-Fatak-Bazaar-on-second-day-of-its-ban-by-Assam-Government

শিলচৰৰ ফটক বজাৰত বিক্ৰী কৰিছে চালানী মাছ। ফাইল ফটো : নৰ্থইষ্ট নাও

‘’ৰাজ্যৰ মীন বিভাগত চলি আছে এক বৃহৎ ছিণ্ডিকেট । ছিণ্ডিকেটৰ সৈতে জড়িত হৈ আছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা।‘’ গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ আনে অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাই।

উক্ত সংবাদমেলত সংগঠনটোৰ সাধাৰণ সম্পাদক নিত্যানন্দ দাসে ৰাজ্যৰ মীন বিভাগত ছিণ্ডিকেটৰাজ চলি আছে বুলি উল্লেখ কৰি লগতে কয়, “যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে ফৰ্মেলীনযুক্ত মাছ খাব নালাগে বুলি প্ৰচাৰ চলাইছিল পীযুষ হাজৰিকাই । আনকি হোটেলতো তেওঁ তালাচী চলাইছিল। কিন্তু বৰ্তমান অসমৰ প্ৰতিখন বজাৰত ফৰ্মেলীন যুক্ত মাছ বিক্ৰী কৰি আহিছে। তাত তেওঁ কোনো কানসাৰ দিয়া নাই। সেইসময়ত তেওঁ টকা ঘটিবৰ কাৰণে সেই ব্যৱস্থা গ্ৰহণ কৰিছিল।‘’

তেওঁ লগতে কয়, ‘’যিটো সময়ত অসমত ২০০০ তকৈ অধিক বিল-জলাশয় আছে , ১৮৫ খন মীন উন্নয়ন নিগমৰ অধীনত বিল আছে, সেই বিলসমূহত মাছ উৎপাদনৰ বিভিন্ন স্থল থকা স্বত্বেও মীন বিভাগে চকু মুদা কুলিৰ ভাও ধৰি বিলসমূহ বাংলাদেশীৰ হাতত তুলি দি থলুৱা মানুহক বৃত্তিৰ পৰা আঁতৰাই দিছে।‘’

ইপিনে, যোৱা ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ মাছ মৰা বন্ধৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ মীন বিভাগে মাছ মৰা বন্ধ কৰি ৰখাক কেন্দ্ৰ কৰি তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে।

তেওঁ কয়, ‘’মাছ মৰা বন্ধ কৰি ৰখাৰ সময়ছোৱাত প্ৰতিটো মাছুৱৈৰ পৰিয়ালক ২০,০০০ টকা ভাট্টা দিব লাগে। অধিক হাৰত মীন বিভাগে বিলসমূহ ডাকত দিয়া বন্ধ কৰিব লাগে । লীজত বা ডাকত লোৱা মীন মহলৰ কোনো মহলদাৰে পানী সিঁচি মীন মহল শুকাই পেলাব নোৱাৰিব।‘’

উক্ত সংবাদমেলৰ জৰিয়তে তেওঁ মুখ্য মন্ত্ৰীলৈ অনুৰোধ জনাই কয়, ‘’ৰাজ্যৰ মীন বিভাগত চলি থকা ছিণ্ডিকেট যাতে বন্ধ কৰে। ৰাজ্যৰ মীন বিভাগত এতিয়া শূণ্য সহনশীলতা চলা নাই।‘’

আনহাতে, একে প্ৰজাতিৰ মাছৰ মূল্য ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেলেগ বেলেগ বুলি অভিযোগ তুলি দাসে লগতে কয়,’‘ঠিক সেইদৰে মহানগৰীৰ বজাৰ সমূহতো মাছৰ মূল্য ভিন্ন ভিন্ন। উজান বজাৰত যদি এটা মাছ ১২০ টকা মূল্যত ক্ৰয় কৰা হয় সেই মাছটো ভেটাপৰাত ৩০০ টকা মূল্যত ক্ৰয় কৰিব লগা হয়।‘’

‘‘কিয় এই ব্যৱস্থা হৈছে? যোগান বিভাগ বা মীন বিভাগৰ মাজত কোনো সম্পৰ্ক নাই নেকি ?’’ এইদৰে প্ৰশ্ন কৰি তেওঁ লগতে কয়, ‘’মূল্য নিয়ন্ত্ৰণ এই কাৰণেই কৰিব পৰা নাই যে তেওঁলোকে তাৰ পৰাই মোটা কমিছনৰ অংক লাভ কৰে।‘’