কংগ্ৰেছক বেকফুটলৈ ঠেলি বিপদত শ্বেৰমান

APCC Issues Show Cause Notice To MLA Sherman Ali

বিতৰ্কিত বক্ত্যব্যৰে কংগ্ৰেছ দলক বেকফুটলৈ ঠেলি দিয়া শ্বেৰমান আলি আহমেদ এইবাৰ আন এক বিপদত।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এপিচিচি) সাধাৰণ সম্পাদক বববীতা শৰ্মাই বাগবৰৰ বিধায়ক শ্বেৰমেন আলী আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।

অসম আন্দোলন আৰু দয়ানাথ শৰ্মা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কৰা “সাম্প্ৰদায়িক ভাৱে উচতনিমূলক” মন্তব্যৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

জাননীখনত কোৱা হৈছে, “এজন বিধায়ক হিচাপে অসম আন্দোলনৰ অতীতৰ ঘটনাবোৰৰ সন্দৰ্ভত সংবাদ মাধ্যমত আপোনাৰ সাম্প্ৰদায়িক ভাৱে উচতনিমূলক মন্তব্য সম্পূৰ্ণৰূপে অসংবেদনশীল আৰু অপ্ৰয়োজনীয়।”

জাননীখনত উল্লেখ আছে যে, “অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আপোনাৰ মন্তব্যক উপ নিৰ্বাচনৰ ঠিক আগতে কংগ্ৰেছ দলৰ ক্ষতি কৰাৰ বাবে ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত বুলি ভাবে।”

প্ৰদেশ কংগ্ৰেছে আলীক বিজেপিৰ এজেণ্ট হিচাপে কাম কৰা বুলিও অভিযোগ কৰি কয় যে নিৰ্বাচনৰ সময়ত এনে মন্তব্য কৰিবলৈ আৰু দলৰ ক্ষতি কৰাৰ বাবে মুখ্যমন্ত্ৰী সিংহ বিশ্ব শৰ্মাই তেওঁক পৃষ্ঠপোষকতা কৰিছে।

প্ৰদেশ কংগ্ৰেছে আলীক তিনি দিনৰ ভিতৰত তেওঁৰ সঁহাৰি প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে।

স্মৰ্তব্য যে দয়ানাথ শৰ্মা আৰু আন আঠজন শ্বহীদ নহয়,বৰঞ্চ তেওঁলোক হত্যাকাৰী বুলি মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছিল শ্বেৰমান আলী ।

সংবাদ মাধ্যমৰ আগত আলীয়ে মন্তব্য কৰিছিল যে “১৯৮৩ চনত দয়ানাথ শৰ্মা আৰু আন আঠজন ব্যক্তিয়ে কেইবাজনো মিঞা মূলৰ মুছলমান লোকক নিৰ্মমভাৱে হত্যা কৰিছিল।”

এই মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যতে আলীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল। এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলে শ্বেৰমান আলীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।