জুইয়ে পোৰা সোণ বিচাৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, জ্যেষ্ঠ নেতা দেবব্রত শইকীয়া

ৰাজ্যত ধাৰাবাহিকভাবে বিভিন্ন নিৰ্বাচনত মুখ থেকেচা খোৱা অসম প্ৰদেশ কংগ্রেছ দলটো পুনৰ শক্তিশালী ৰূপত প্রতিষ্ঠাৰ প্রচেষ্টাৰে অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই আৰম্ভ কৰা জুইয়ে পোৰা সোণ বিচাৰি শীৰ্ষক কাৰ্য্যসূচীৰ অংশ হিচাপে দলটো আজি উপস্থিত হয় এসময়ৰ কংগ্রেছ দলৰ দূৰ্গ ৰূপে পৰিচিত ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত।

সভাপতি ভূপেন বৰা আৰু দেবব্রত শইকীয়াৰ নেতৃত্বত অহা কংগ্রেছ নেতৃত্বৰ দলটোৱে মাৰ্ঘেৰিটা কংগ্রেছ ভৱনত উপস্থিত হৈ এক দলীয় কৰ্মী সভাত অংশগ্রহণ কৰে। দলটোক কিদৰে পুনৰ শক্তিশালী ৰূপত গঢ়ি তুলিব পাৰি সেই সন্দৰ্ভত তেওঁলোকে দলীয় কৰ্মী সকলৰ মত বিনিময় কৰে। কেইবা শতাধিক দলীয় কৰ্মীয়ে সভাখনত অংশ লয় ।

লগতে পঢ়ক: বজাৰত জুই! মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত চিপিআই(এম)ৰ বিক্ষোভ কাৰ্যসূচী

২০১৪ চনৰ পৰা ধাৰাবাহিকভাবে পৰাজিত হৈ অহাৰ পাছতো নিষ্ঠাৰে দলৰ হকে কাম কৰি অহা কৰ্মী সকলক প্রশংসা কৰি সভাপতি গৰাকীয়ে কয় যে দলীয় কৰ্মী সকলৰ দিহা পৰামৰ্শ, সমালোচনা আৰু সঠিক নিৰ্দেশনাৰে দলটোক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ প্রয়াস চলোৱা হ’ব। বিভাজনৰ ৰাজনীতিৰ বিপৰীতে অসমৰ ৰাইজৰ স্বাৰ্থত দলে কাম কৰিব বুলিও মন্তব্য কৰে।

জ্যোষ্ঠ কংগ্রেছ নেতা দেবব্রত শইকীয়াই সাংবাদিকৰ আগত কয় যে গণতন্ত্রৰ প্রতি বিজেপি দলে ভাবুকি আনিছে। কংগ্রেছ দলক জীয়াই ৰাখিলেহে গণতন্ত্র জীয়াই থাকিব। নেতা গৰাকীয়ে বিজেপিয়ে প্রলোভনৰ ৰাজনীতি কৰাৰ অভিযোগ কৰে।  গণতন্ত্রত প্রলোভনৰ ৰাজনীতি চলা উচিত নহয়  বুলিও কয়।

এফালে অৰণোদয় নামত ধন দিছে অন্য ফালে গেছ, পেট্র’লত কৰ আৰোপ কৰি জনসাধাৰণক মাধমাৰ দিছে। বিজেপিয়ে জনসাধাৰণক অৰ্থনৈতিক স্বাধীনতা দিয়াৰ বিপৰীতে আদানী ,আম্বানীকহে অৰ্থনৈতিক স্বাধীনতা দি ভাৰতৰ জনসাধাৰণক আদানী-আম্বানীৰ গোলাম কৰিব খুজিছে। কংগ্রেছ দলে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিব বুলি মত প্রকাশ কৰে নেতাগৰাকীয়ে।

লগতে পঢ়ক: লগ এৰা নাই বিপদে! জিগনেশ মেৱানীক তিনি মাহৰ কাৰাদণ্ড

কংগ্রেছ দলৰ নেতা কৰ্মীৰ দল ত্যাগ সন্দৰ্ভত সাংবাদিকৰ এক প্রশ্নৰ উত্তৰত নেতা গৰাকীয়ে কয় যে সুবিধাবাদী আৰু পদবী লোভী হোৱাৰ বাবে তেনে হ’ব পাৰে। মাৰ্ঘেৰিটা ব্লক কংগ্রেছৰ  কাৰ্যকৰী সভাপতি তাৰা প্রসাদ দিহিঙীয়াৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত অংশ গ্রহণৰ পাছতেই ডিগবৈত আন এখন কৰ্মী সভা অভিমুখে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি সহ দলটো ৰাওনা হয়।

আজিৰ সভাত দলে আশা কৰাতকৈ অধিক লোক সমবেত হোৱাত দলৰ মাজত উচাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।