আঙুৰলতা ডেকাৰ চৰিত্ৰ বিশ্লেষণ কংগ্ৰেছ মুখপাত্ৰ মনজিত মহন্তৰ।
আঙুৰলতা ডেকাৰ চৰিত্ৰ কেনেকুৱা? ইয়াৰ উত্তৰ কংগ্ৰেছ মুখপাত্ৰ মনজিত মহন্তৰ মতে “আঙুৰলতা ডেকা ষোল্লঅনা ভাল নে?”
মনজিত মহন্তৰ প্ৰশ্ন “কোন চিকিৎসকৰ পাল্লাত পৰিছিল আঙুৰলতা ডেকা?”
তেনে চিকিৎসকৰ নাম ৰাজহুৱা কৰিবলৈ দাবী মনজিৎ মহন্তৰ।
মনজিত মহন্তৰ মতে আঙুৰলতা ডেকা এতিয়া কোনো নহয়।আগতেহে তেওঁ বিধায়ক আছিল।”
“কোনো চিকিৎসককে অভব্য-চৰিত্ৰহীন কোৱাৰ অধিকাৰ নাই আঙুৰলতা ডেকাৰ।” মহন্তই এইদৰে কৈ ৪৮ ঘন্টাৰ ভিতৰত চিকিৎসক সমাজক ক্ষমা খোজাৰ দাবী মনজিত মহন্তৰ।
উল্লেখযোগ্য যে, যোৱা ১৫ ছেপ্টেম্বৰৰ দিনা বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই সাংবাদিকে NCRB ৰ তথ্য সন্দৰ্ভত মহিলাৰ ওপৰত হোৱা দলবদ্ধ ধৰ্ষৰ ক্ষেত্ৰত অসমৰ তৃতীয় স্থানক লৈ প্ৰশ্ন কৰাত কথাৰ প্ৰসংগত দন্ত চিকিৎসকে যৌন অতিশায্য চলোৱা বুলি এক উদাহৰণ দাঙি ধৰিছিল।
আনকি বিষয়টোক লৈ বিজেপিৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিনেও টুইটাৰযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এগৰাকী চিকিৎসকৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী তুলিছিল।
কিন্তু ‘আঁকোৰগোজ আঙুৰলতাই ক্ষমা নোখোজে চিকিৎসক সমাজক!
ক্ষমা খোজা বাদেই তেওঁ ওলোটাই সংবাদ মাধ্যমেহে বিকৃত ৰূপত বাতৰি পৰিবেশন কৰিছে বুলি নিজৰ ফেচবুক পোষ্টত উল্লেখ কৰে।
ইপিনে, প্ৰাক্তন বিধায়িকাগৰাকীক ৪৮ ঘন্টাৰ ভিতৰত দন্ত চিকিৎসক সমাজক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনাইছে Indian Dental Association ৰ অসম শাখাই। অন্যথা আঙুৰলতা ডেকাৰ বিৰুদ্ধে গোচৰ তৰাৰো হুংকাৰ Indian Dental Association ৰ।