টে’ট পৰীক্ষাৰ “Application status” মুকলি; নিজৰ আৱেদন অনলাইনত চাব পাৰিব আৱেদনকাৰীয়ে

TET Application status

প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক সাধাৰণ টে’ট পৰীক্ষা, ২০১৯-ৰ আৱেদনকাৰীসকলে নিজৰ নিজৰ আৱেদনৰ বৰ্তমান “স্থিতি” কি সেইটো পৰীক্ষা কৰিব পৰা হৈছে।

শিক্ষা বিভাগে আজিৰ পৰা অনলাইনত এই সুবিধা আগ বঢ়াইছে আৰু তাৰ য়ু আৰ এলটো হ’ল- ssa.assam.gov.in

শিক্ষা বিভাগৰ সূত্ৰটোৱে কয় যে যদিহে আৱেদন পত্ৰত কোনো বিসংগতি থাকি গৈছে, তেন্তে সেয়া বিভাগটোৰ সংশ্লিষ্ট কৰ্তৃপক্ষক লগ কৰি ঠিক কৰিব পাৰি।

নিজৰ আৱেদনৰ স্থিতি (Application status) জানিবলৈ তলত দিয়া কাৰ্য্যপ্ৰণালীটো অনুসৰণ কৰিব পাৰিব-

(এখন নতুন পেইজ ওলাব।)

(আকৌ এখন নতুন পেইজ ওলাব।)

ৰাজ্যৰ লাখ লাখ মেধাৱী নিবনুৱাৰ বহু প্ৰত্যাশিত পৰীক্ষাটো অহা ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব। পৰীক্ষাটো পূৰ্বে ২০ অক্টোবৰত পতাৰ কথা বিজ্ঞাপনযোগে ঘোষণা কৰিছিল যদিও সেয়া বাতিল কৰি নতুনকৈ তাৰিখ নিৰ্ধাৰণ কৰা হয়।

পৰীক্ষাৰ বাবে এডমিট কাৰ্ড অচিৰেই জাৰি কৰিব বিভাগটোৱে।

জানিব পৰামতে, ৰাজ্যখনত নিম্ন আৰু উচ্চ প্ৰাথমিকত ৩৫ হাজাৰতকৈ অধিক শিক্ষকৰ পদ খালী আছে, যিটোৱে চৰকাৰী শিক্ষা বিভাগৰ গুণ-মানৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে।