এপিএছচিয়ে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২০-ৰ চূড়ান্ত ফলাফল ঘোষণা

তালিকাৰ শীৰ্ষত বাক্সাৰ বিজিত পাঠক

অসম লোক সেৱা আয়োগে (এপিএছচি)-য়ে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০-ৰ চূড়ান্ত ফলাফল প্ৰকাশ কৰা হৈছে। আজি ঘোষণা কৰা হয় সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০-ৰ চূড়ান্ত ফলাফল। প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল এপিএছচিৰ অফিচিয়েল ৱেবছাইট apsc.nic.in পৰা ডাউনলোড কৰিব পাৰিব।এইবাৰ তালিকাৰ শীৰ্ষত বাক্সাৰ বিজিত পাঠক।

আজি ঘোষণা কৰা ফলাফল অনুসৰি অসম আৰক্ষী সেৱা (এ পি এছ)ৰ বাবে ৬৯ জন, কৰ অধীক্ষক পদৰ বাবে ৬ জন, জিলা পৰিবহন বিষয়া (ডিটিঅ’)ৰ বাবে ৫ জন, শ্ৰম পৰিদৰ্শকৰ বাবে ১৮ জন,উপ-পঞ্জীয়ক পদৰ বাবে ৩১ জন , উদ্যোগ বিভাগৰ সহ-প্ৰবন্ধক পদৰ বাবে ১০ জন,কৰ পৰিদৰ্শক পদৰ বাবে ২৭ জন , আবকাৰী পৰিদৰ্শক পদৰ বাবে ৭ জন, খণ্ড উন্নয়ন বিষয়া পদৰ বাবে ৩৩ জন, সহকাৰী নিয়োগ বিষয়া পদৰ বাবে ৪ জনক প্ৰাৰ্থীক বাছনি কৰা হৈছে ।

উল্লেখ্য এই পৰীক্ষাৰ সাক্ষাৎকাৰ ৰাউণ্ডটো ২০২০ চনৰ ২৬ মেৰ পৰা ৪ জুনলৈ অনুষ্ঠিত হৈছিল।এপিএছচিৰ এই পৰীক্ষাবোৰ বিভিন্ন সেৱা/পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা হয়। যাৰ ভিতৰত আছে – অসম অসামৰিক সেৱা (জুনিয়ৰ গ্ৰেড), অসম আৰক্ষী সেৱা (জুনিয়ৰ গ্ৰেড), কৰ অধীক্ষক, শ্ৰম পৰিদৰ্শক, আবকাৰী পৰিদৰ্শক আৰু অন্যান্য। মুঠ ৩৩১ টা খালী পদ পূৰণ কৰিবলৈ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

ফলাফল ডাউনলোড কৰিবলৈ অফিচিয়েল ৱেবছাইট apsc.nic.in লৈ যাব পাৰে। হোমপেজত, ফলাফল টেবত ক্লিক কৰক,এতিয়া “চিচিই-২০২০-ৰ চূড়ান্ত ফলাফল” ত ক্লিক কৰক,ফলাফল পৰ্দাত প্ৰদৰ্শিত হ’ব।উল্লেখ্য ভাষা বিষয়ক প্ৰশ্নকাকতক লৈ চলা বিবাদৰ বাবে এপিএছচিয়ে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০-ৰ চূড়ান্ত ফলাফল ঘোষণাত যথেষ্ট পলম হয়।ইপিনে আজি গুৱাহাটী উচ্চন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকতক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তকে বাহাল ৰাখি ৰায়দান কৰে। আদালতে সেই ৰায়ৰ ভিত্তিতে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০-ৰ চূড়ান্ত ফলাফল ঘোষণা কৰিবলৈ কয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ে দীৰ্ঘদিন ধৰিবিতৰ্কৰ সূচনা কৰি থকা অসমীয়া ভাষা বিষয়ক পৰীক্ষা অবিহনেই ফলাফল ঘোষণা কৰাৰ বাবে অসম লোকসেৱা আয়োগক নিৰ্দেশ দিয়ে। উল্লেখ্য অসম চৰকাৰে বাধ্যতামূলক অসমীয়া ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰিবলৈ বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চন্যায়ালয়ত কেইবাখনো ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন কৰা হৈছিল। তেনে আবেদনৰ শুনানিৰ সময়তে গুৱাহাটী উচ্চন্যায়ালয়ে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰখাৰ নিৰ্দেশ দিয়ে। উল্লেখ্য ২০২০ৰ মূল পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনে অনুষ্ঠিত কৰাৰ বাবেই এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পৰা হোৱা নাছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছত সেই বাধা আঁতৰিল।