ৰাজ্যজুৰি সংহাৰী বানৰ মাজতে এপিএছচি-ৰ মূল পৰীক্ষাৰ সময়সূচী; প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰাৰ দাবী ডিৱাইএফআই-ৰ

ৰাজ্যজুৰি চলি থকা ভয়াবহ বানৰ মাজতে  অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিয়ে ২০২৩ বৰ্ষৰ অসামৰিক সেৱাৰ মূল পৰীক্ষা অহা ২৬ জুলাই ২০২৪ত অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে উদ্বেগ প্ৰকাশ কৰিছে আৰু বাস্তৱ পৰিস্থিতি অধ্যয়ন কৰি পৰীক্ষাৰ সময়সূচী পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে এপিএছচিৰ মূল পৰীক্ষা পূৰ্বৰ সাতটা কেন্দ্ৰৰ সলনি এইবাৰ কেৱল গুৱাহাটীতহে পাতিবলৈ লৈছে। ৰাজ্যত চলি থকা নেৰানেপেৰা বৰঘুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক দুয়োটা উপত্যকাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। সমগ্ৰ ৰাজ্যখনৰ ৬৪ টা ৰাজহ চক্ৰ প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে, এতিয়ালৈ ৪০ জন লোকৰ মৃত্যু হৈছে। যোগাযোগ ব্যৱস্থা অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

এনে পৰিস্থিতিৰ মাজতো এপিএছচিৰ মূল পৰীক্ষা অনুষ্ঠিত কৰাটো চূড়ান্ত অবিবেচক কাণ্ড হিচাপে পৰিগণিত হ’ব আৰু বহু প্ৰাৰ্থী সমস্যাৰ সন্মুখীন হ’ব। আনকি বহু প্ৰাৰ্থীৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱাই অসম্ভৱ হৈ পৰিব। এপিএছচিৰ মূল পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া বহু প্ৰাৰ্থী বিভিন্ন কৰ্মৰ সৈতেও যুক্ত। তেনেস্থলত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সংশ্লিষ্ট বিভাগৰ পৰা ছুটি ল’বলগীয়া হয়। এইবোৰ দিশ বিবেচনা কৰি এপিএছচি কৰ্তৃপক্ষই পৰীক্ষা অনুষ্ঠিত কৰা তাৰিখ সম্পৰ্কত আগতীয়াকৈ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছিল, কিন্তু এতিয়ালৈ কোনো পদক্ষেপ নোলোৱাৰ ফলত পৰীক্ষাৰ্থীসকল দুঃচিন্তাত পৰিছে।

আন এক আশ্চৰ্যজনক কথা হৈছে, সকলোকে আচৰিত কৰি এপিএছচিয়ে এতিয়ালৈকে প্ৰাৰম্ভিক পৰীক্ষাৰ কাটঅফ মাৰ্ক প্ৰকাশ নকৰিলে।

এপিএছচি কৰ্তৃপক্ষৰ এই  নিৰুদ্বেগ আচৰণত ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিতে তীব্ৰ আক্ষেপ প্ৰকাশ কৰিছে আৰু তৎকালে সময়োপযোগী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনাইছে।